Logo
image

ৰাজ্যত এটা ভোটৰ মূল্য দুশ টকালৈ হ্ৰাস

আমাৰ অসম, ৩০ অক্টোবৰঃ থিতাতে মোট সলাই এ আই ইউ ডি এফৰ বিধায়কপদ ত্যাগ কৰি বিজেপিৰ পৰা পুনৰ একেখন বিধানসভাতে বিধায়ক হ’বলৈ আগবঢ়া ভূ-মাফিয়া, ৰাজনীতিক ফণী তালুকদাৰৰ পুনৰ বিধায়ক হোৱাৰ সপোন বাস্তৱ নোহোৱাৰ আশংকাই দেখা দিছে৷ নিজৰ ঘৰৰ চোতালতে ভবানীপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ফণী তালুকদাৰে উপ-নিৰ্বাচনৰ পূৰ্বে ভোটাৰক ধন বিলাই থকাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়া আৰু নিউজ পৰ্টেলৰ জৰিয়তে প্ৰচাৰ হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিৰোধী দল কংগ্ৰেছে ৰাজ্যৰ শাসনাধিষ্ঠিত দলটোৰ প্ৰাৰ্থী ফণী তালুকদাৰৰ ঘৰৰ চোতালত ভোটৰ পূৰ্বে ভোটাৰক ধন বিলাই থকা ঘটনাৰ বিষয়ে অৱগত কৰি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নিতিন খাড়েক ফণী তালুকদাৰৰ প্ৰাৰ্থিত্ব বাতিল কৰিবলৈ দাবী কৰিছে৷ বিৰোধী দল কংগ্ৰেছৰ দাবী, বিজেপিৰ প্ৰাৰ্থী ফণী তালুকদাৰে নিৰ্বাচনৰ পূৰ্বে ভোটাৰক ধন বিতৰণ কৰি জনপ্ৰতিনিধিত্ব আইনৰ ১২৩ [১] উলংঘা কৰিছে আৰু নিৰ্বাচন আয়োগৰ দ্বাৰা বলবৎ কৰা নিৰ্বাচনী আচৰণবিধি ভংগ কৰিছে৷ বিজেপিৰ প্ৰাৰ্থীজনে নিৰ্বাচন আয়োগক কেৰেপ নকৰাকৈ প্ৰকাশ্য দিবালোকত নিজৰ ঘৰৰ চোতালত ভোটাৰক টকা দি ভোট ক্ৰয় কৰা কাৰ্য যিহেতু বে-আইনী, সেয়ে বিজেপিৰ প্ৰাৰ্থী ফণী তালুকদাৰৰ প্ৰাৰ্থিত্ব নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে বুলি কংগ্ৰেছে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াক অনুৰোধ জনাইছে৷ কংগ্ৰেছৰ দাবী, ভোট লাভৰ বাবে চৰম দুৰ্নীতিৰ আশ্ৰয় লোৱা প্ৰাৰ্থীজনৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে নিৰ্বাচনী আচৰণবিধিৰ আধাৰত কঠোৰ পদক্ষেপ লোৱা উচিত, যাতে ভৱিষ্যতে কোনো প্ৰাৰ্থীয়ে এনেদৰে দুৰ্নীতিৰ আশ্ৰয় ল’বলৈ সাহস কৰিব নোৱাৰে৷ কংগ্ৰেছৰ এই আনুষ্ঠানিক অভিযোগ আৰু টকা বিলাই থকা ভিডিঅ’ ভাইৰেল হৈ পৰাত উপায়ন্তৰ হৈ নিৰ্বাচনী বিষয়াই ফণী তালুকদাৰৰ বিৰুদ্ধে পাটাছাৰকুছি থানাত শুকুৰবাৰে এজাহাৰ দাখিল কৰিছে৷ উল্লেখ্য, এই ঘটনা নিৰ্বাচন আয়োগে গুৰুত্বসহকাৰে গ্ৰহণ কৰিলে আৰু পক্ষপাতিত্বৰ আশ্ৰয় নল’লে আইনগতভাৱে বিজেপিৰ প্ৰাৰ্থী ফণী তালুকদাৰৰ প্ৰাৰ্থিত্ব বাতিল হ’ব লাগে কিম্বা ভৱানীপুৰ সমষ্টিৰ উপ-নিৰ্বাচন বাতিল অথবা স্থগিত হ’ব লাগে৷ প্ৰসংগতঃ উল্লেখযোগ্য, ২০১৭ চনত এনেদৰে ভোটাৰক টকা বিলোৱাৰ অভিযোগ প্ৰমাণ হোৱাত চেন্নাইৰ আৰ কে নগৰ সমষ্টিৰ উপ-নিৰ্বাচন বাতিল কৰিছিল নিৰ্বাচন আয়োগে৷ ইয়াৰ পূৰ্বে ২০১৬ চনৰ মে’ত দেশৰ নিৰ্বাচনী ইতিহাসত প্ৰথমবাৰৰ বাবে নিৰ্বাচন বাতিল কৰাৰ ঘটনা সংঘটিত হৈছিল ভোটাৰক ধন বিলোৱাৰ অভিযোগ প্ৰকাশ হোৱাত৷ সেইবাৰ আৰাভাকুঢ়িছি আৰু টাঞ্জাভৰ নামৰ দুটাকৈ সমষ্টিত নিৰ্বাচন আয়োগে নিৰ্বাচন বাতিল কৰিছিল৷ বিজেপিৰ প্ৰাৰ্থী ফণী তালুকদাৰৰ বাসভৱনত ভোটাৰক টকা বিলোৱাৰ ভিডিঅ’ প্ৰকাশ হৈছিল বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াত৷ ভৱানীপুৰৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হৈছে এসময়ৰ প্ৰখ্যাত ভূ-মাফিয়া ফণী তালুকদাৰ৷ শেহতীয়া বিধানসভাৰ নিৰ্বাচনত তেওঁ এ আই ইউ ডি এফৰ প্ৰাৰ্থী হিচাপে বিজয়ী হ’লেও কিছুদিন পাছতে দলত্যাগ কৰি বিজেপিত যোগদান কৰে৷ ফলত ভৱানীপুৰ সমষ্টিৰ উপ-নিৰ্বাচন অনিবাৰ্য হৈ পৰে আৰু অৱধাৰিতভাৱে শাসনাধিষ্ঠিত দলৰ প্ৰাৰ্থিত্ব লাভ কৰে ভূ-মাফিয়া ফণী তালুকদাৰে৷ তেওঁৰ বাসভৱনতে বৃহস্পতিবাৰে সমষ্টিৰ ভোটাৰক ২০০ টকাকৈ বিতৰণ কৰা হৈছিল৷ ফণী তালুকদাৰৰ ঘৰত টকা বিলোৱাৰ খবৰ পাই তেওঁৰ ঘৰৰ চোতাল, পদূলি আৰু ঘৰৰ বাহিৰত ভোটাৰৰ ভিৰ বাঢ়িবলৈ ধৰে৷ প্ৰকাশিত ভিডিঅ’ত দেখা গৈছে, ভোটাৰসকলে শাৰী পাতি, শৃংখলা ৰক্ষা কৰি এজন এজনকৈ আগবাঢ়ি ২০০ টকাকৈ লৈ আছে আৰু তাৰ পৰা আঁতৰি গৈছে৷ দীঘলীয়া শাৰীৰ প্ৰত্যেকৰে হাতত এজন লোকে ২০০ টকীয়া নোট এটাকৈ তুলি দিছে৷ সমগ্ৰ ৰাজ্যত চৰম মূল্যবৃদ্ধিৰ দিনত, য’ত ২০০ টকাত ৰলিটাৰ মিঠাতেলো পোৱা নাযায়, তেনে ৰাজ্যত এতিয়া ২০০ টকাৰ বিনিময়ত এটা ভোট পোৱা যায়৷ নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্য আকাশলংঘী হ’লেও এতিয়া দেশত ভোটৰ দাম কমি আহিছে৷ ফণী তালুকদাৰৰ ঘৰত ভোটাৰক ২০০ টকাকৈ বিলোৱাৰ ঘটনাই ভোটৰ মূল্য মিঠাতেল এক লিটাৰতকৈয়ো হ্ৰাস পোৱাটোকে প্ৰমাণ কৰিছে৷