Logo
image

অসুস্থ অখিলৰ কাষত গৌৰৱ গগৈ

আমাৰ অসম, ০৭ অক্টোবৰঃ অসমৰ বিৰোধী ৰাজনীতিৰ যেন অভিকেন্দ্ৰ হৈ পৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল৷ সম্প্ৰতি ইয়াত চিকিৎসাধীন হৈ আছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ প্ৰবীণ নেতা তৰুণ গগৈ আৰু কৃষক নেতা অখিল গগৈ৷ মঙলবাৰে জি এম চি এইচত অখিল গগৈক সাক্ষাৎ কৰে সাংসদ তথা লোকসভাত কংগ্ৰেছ দলৰ উপ দলপতি গৌৰৱ গগৈয়ে৷ অখিল গগৈ থকা কেবিনত প্ৰায় ৪০ মিনিট সময় কটায় সাংসদ গগৈয়ে৷ দুয়োজনৰ মাজত ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ দীঘলীয়া আলোচনা হয়৷ মূলতঃ অখিল গগৈৰ স্বাস্থ্যৰ বুজ ল’বলৈ যোৱা বুলি সাংসদ গগৈয়ে সংবাদ মাধ্যমৰ আগত দাবী কৰিলেও এই সাক্ষাতে ৰাজ্যৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে৷ আনহাতে ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞা মঙলবাৰে জি এম চি এইছত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লয়৷ দুদিন পূৰ্বে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলেও কংগ্ৰেছৰ অন্যতম প্ৰভাবশালী নেতা তৰুণ গগৈক চিকিৎসালয়ত সাক্ষাৎ কৰি কংগ্ৰেছ-এ আই ইউ ডি এফৰ মাজৰ মিত্ৰতাক চীল মোহৰ মাৰিছিল৷ এই মিত্ৰতা তৰুণ গগৈৰ নেতৃত্বতে হ’ব বুলিও আজমলে ঘোষণা কৰিছিল৷ আনহাতে মঙলবাৰে অখিল গগৈক সাক্ষাৎ কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি সাংসদ গৌৰৱ গগৈয়ে কয়–মই সদায় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ খবৰ ল’বলৈ আহো৷ লগতে তেওঁ কয়, গৌৰৱ তুমি অখিলৰ এবাৰ খবৰ লৈ আহাচোন৷ অখিল ইয়াতে আছে৷ তেওঁ অখিলৰ কথা খুব চিন্তা কৰে৷ দুয়োজনৰ ৰাজনৈতিক চিন্তা বেলেগ হ’লেও প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অখিল গগৈক অন্তৰৰ পৰা মৰম কৰে৷ ভাল পায়৷ তেওঁলোকৰ মাজত ৰাজনৈতিক বিচাৰ বেলেগ৷ অখিল গগৈৰ চেহেৰা চাই ভাল পাইছো৷ মুখখনত হাঁহি৷ স্বাস্থ্যটো ভাল৷ অলপ স্বাস্থ্য জনিত সমস্যা আছে৷ আজি কিমান দিনৰ পৰা তেওঁ হয় কাৰাগাৰ নহয় হাস্পতালত আছে৷ পৰিয়ালৰ লগত নাই৷ ৰাজনৈতিক ষড়যন্ত্ৰৰ দ্বাৰা তেওঁক ইমান দিন কাৰাগাৰত ভৰাই ৰখা হৈছে৷ ইয়াৰ আৰত একো যুক্তি নাই৷ কেৱল নিৰ্বাচনী ষড়যন্ত্ৰ৷ যিদৰে বিহাৰত লালু প্ৰসাদ যাদবক নিৰ্বাচনলৈ কাৰাগাৰত ভৰাই থোৱা হৈছে ঠিক একে ৰাজনৈতিক ষড়যন্ত্ৰ অখিল গগৈৰ ক্ষেত্ৰতো কৰা হৈছে৷ তেওঁৰ মাতৃৰ কাৰণে, পৰিয়ালৰ কাৰণে, সন্তানটোৰ কাৰণে আমাৰ চিন্তা হয়৷ যি সমূহ ৰাজনৈতিক দল নতুনকৈ গঠন হৈছে সেই সমূহ ‘কা’ বিৰোধী আন্দোলনৰ পৰা জন্ম হৈছে৷ বিজেপি দলৰ বিশ্বাসঘাটকতাৰ ৰাজনীতি আৰু অগপ দলৰ ক্ষমতালোভীৰ ফলতহে নতুন ৰাজনৈতিক দলসমূহ জন্ম হৈছে৷ ‘কা’ আন্দোলনৰ সময়ত দেখিলে বিজেপিয়ে কি কৰিলে৷ ক্ষোভৰ ফলত জন্ম হৈছে এই দলসমূহ৷ বিজেপিয়ে অসম চুক্তি ভংগ কৰিছে৷ কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত এনেদৰে ৰাজনৈতিক দল জন্ম হোৱা নাই৷ এছ আই কেলেংকাৰীক লৈ বিজেপিয়ে নাটক কৰি আছে৷ তেওঁলোকে কৈছে দিবন ডেকাক ধৰিছে৷ কিন্তু দিবন ডেকাৰ পৰানো কি কথা ওলালে? বিজেপি দল এটা ৱাশ্বিং মেছিন৷ যিসকল লোক কেলেংকাৰীৰ সৈতে জড়িত তেওঁলোকে বিজেপি দলত সোমায় আৰু ৰক্ষণাবেক্ষণো পায়৷ আৰু অলপ দিন পিছত তেওঁলোক হিৰো হৈ যায়৷ তেওঁলোকৰ কলা ৰঙটো মোহাৰি নিকা কৰি দিয়ে৷ অলপ দিন পিছত দিবন ডেকাৰ ক্ষেত্ৰতো একেই কথা হ’ব৷ পি কে দত্ত যেতিয়া অসমত আছিল তেতিয়া তেওঁক নিয়ন্ত্ৰণ কৰিবলৈ কাৰোবাৰ হাতত ৰিমোট কণ্ট্ৰোল আছিল৷ এই ৰিমোট কণ্ট্ৰোল হাতত থকা মানুহজনক আমি বিচাৰো৷ পি কে দত্ত কোন বিভাগৰ৷ প্ৰাক্তন ডি আই জি পি কে দত্ত গৃহ বিভাগৰ অধীনত আছিল৷ গৃহ বিভাগৰ ৰিমোট কণ্ট'ল কাৰ হাতত আছে? কেলেংকাৰীৰ ৰিমোট কণ্ট'ল কাৰ হাতত আছে? সেয়ে চি বি আই বা ন্যায়িক তদন্তৰ কথা কৈ আছো৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়ববীয়াও এই তদন্তত সামৰিব লাগে৷ তেতিয়াহে বাস্তৱ কথা ওলাই আহিব৷ এই কেলেংকাৰী কেৱল আৰক্ষী বিভাগতে হোৱা নাই৷ জন সম্পদ, পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগতো হৈছে৷ ব্লেক লিষ্টেট ফাৰ্মকো পৰীক্ষা পতাৰ দায়িত্ব দিছে৷ এটা চিণ্ডিকেট চলি আছে৷ এই চিণ্ডিকেটৰ ভিতৰত কোনোবা মাষ্টাৰ মাইণ্ড আছে৷ কাৰোবাৰ হাতত ইয়াৰ ৰিমোট কণ্ট'ল আছে৷ সকলো পৰীক্ষাৰ তদন্ত হ’ব লাগে৷ এই ক্ষেত্ৰত আমি কেবল চি আই ডিৰ ওপৰতে নিৰ্ভৰ কৰিব নোৱাৰো৷