Logo
image

ৰমাকান্তৰ ক্ষমা প্ৰাৰ্থনা প্ৰত্যাখ্যান ব্ৰাহ্মণ সমাজৰ

আমাৰ অসম, ০৭ অক্টোবৰঃ মৰিগাঁও সমষ্টিৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে নিজৰ কোঠাত এটা বা দুটা সংবাদ মাধ্যমৰ আগত ক্ষমা বিচাৰিলে নহ’ব৷ তেওঁ যিদৰে ৰাজহুৱা সভাত অসমৰ বামুণ-মহন্ত-গোসাঁইক অপমান কৰি টুকুৰা-টুকুৰকৈ কটাৰ ভাবুকি দিছিল ঠিক তেনেদৰে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত ৰাজহুৱাভাৱে নিজৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিব লাগিব৷ এই দাবী অসমৰ ব্ৰাহ্মণ সমাজৰ৷ উল্লেখ্য যে বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে দিছপুৰ আৰু মাজুলীকে ধৰি ৰাজ্যৰ বহু থানাত বিভিন্ন দল-সংগঠনে গোচৰ তৰে৷ নিজৰ বিতৰ্কিত মন্তব্যক কেন্দ্ৰ কৰি ৰাজ্যৰ সৰ্বততে তীব্ৰ ক্ষোভৰ সৃষ্টি হোৱাৰ পিছতে মৰিগাঁৱৰ বিধায়কজনে মঙলবাৰে ততাতৈয়াকৈ দিছপুৰৰ বিধায়ক আবাসত মুষ্টিমেয় সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্যৰ বাবে ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা বিচাৰে৷ আছুৰ দুজন নেতাৰ সমালোচনাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ ভুলবশতঃ তেওঁ ব্ৰাহ্মণ-গোসাঁই-মহন্তৰ বিৰুদ্ধে অশোভনীয় মন্তব্য কৰা বুলি আক্ষেপ প্ৰকাশ কৰি বিধায়ক দেউৰীয়ে ৰাজ্যৰ ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে৷ গতি বেগতিক দেখি বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ ৰমাকান্ত দেউৰীয়ে এইদৰেও কয়– ‘মই তিৱা মানুহ৷ লিখিত কওঁতে অসুবিধা হয়৷’ অৱশ্যে ৰমাকান্ত দেউৰীৰ এই বক্তব্যই তেওঁক বিপদমুক্ত কৰা নাই৷ বিজেপিৰ ভিতৰতো এই প্ৰসংগই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৰমাকান্ত দেউৰীক তেওঁৰ দুষ্কাৰ্যৰ বাবে ৰাজহুৱাকৈ ক্ষমা খুজিবৰ বাবে সকীয়াই দিছে আৰু অন্যথা পৰৱৰ্তী সময়ত তেওঁ ৰাজনৈতিক জীৱনত ইয়াৰ ফল ভুগিব লাগিব বুলি স্পষ্ট কৰি দিছে৷ এই সকীয়নিৰ পাছতেই দেউৰীয়ে ততাতৈয়াকৈ কেইজনমান সাংবাদিকক মাতি নি ব্ৰাহ্মণ সমাজক ক্ষমা বিচাৰে যদিও এই বাতৰি যুগুতোৱা পৰলৈকে তেওঁক তেওঁৰ দলীয় সতীৰ্থ, ব্ৰাহ্মণ সমাজ আৰু সাধাৰণ ৰাইজে ক্ষমা কৰা নাই৷

বিধানসভাৰ অধ্যক্ষলৈ পত্ৰ ব্ৰাহ্মণ সমাজৰ

ৰমাকান্তক গ্ৰেপ্তাৰৰ দাবী কংগ্ৰেছৰ

গুৱাহাটী মহানগৰ সাধাৰণ সম্পাদক পবিত্ৰ কুমাৰ শৰ্মাই অসম বিধান সভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰি শীঘ্ৰে ৰমাকান্ত দেউৰীৰ বিধায়ক পদ খাৰিজ কৰি উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনায়৷ প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ দুৰ্গাদাস বড়ো, কিশোৰ কুমাৰ ভট্টাচাৰ্য আৰু মিডিয়া বিভাগৰ অধ্যক্ষ ড॰ ভগীৰথ কৰণে মঙলবাৰে এক সংবাদ মেল যোগে বিধায়ক ৰমাকান্ত দেউৰীৰ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে৷ বিশ্ব হিন্দু মহা সংঘৰ অসম শাখাৰ সভাপতি জৰ্নাদ্দন দেৱগোস্বামী আৰু সাধাৰণ সম্পাদক বলেন বৈশ্যই বিধায়ক ৰমাকান্ত দেউৰীক এজন মানসিক বিকাৰগ্ৰস্ত লোক বুলি অভিহিত কৰি তেওঁৰ বিৰুদ্ধে চৰকাৰক শীঘ্ৰে গ্ৰহণৰ দাবী জনায়৷ বিশ্ব হিন্দু মহাসংঘ অসম শাখাৰ প্ৰচাৰ বিভাগৰ দায়িত্বত থকা মুকুটেশ্বৰ গোস্বামীয়ে  প্ৰকাশ কৰা অনুসৰি জনাৰ্দন দেৱগোস্বামীয়ে মঙলবাৰে মাজুলী থানাত বিজেপিৰ বিতৰ্কিত বিধায়কজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি গ্ৰেপ্তাৰৰ দাবী জনায়৷ গুৱাহাটীৰ প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সৰ এম ১১ নম্বৰ গৃহৰ বাসিন্দা, সাংবাদিক নৱজিৎ বৰঠাকুৰে অসম বিধানসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰি বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনায়৷ অসম ব্ৰাহ্মণ সমাজে বিতৰ্কিত বিধায়ক ৰমাকান্ত দেউৰীক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ বাবে দাবী জনায়৷ গুৱাহাটী মহানগৰ ব্ৰাহ্মণ সমাজে বিতৰ্কিত বিধায়ক ৰমাকান্ত দেউৰীক ২৪ ঘণ্টাৰ ভিতৰত আটক কৰিবলৈ আৰক্ষীক দাবী জনায়৷ ইপিনে, গুৱাহাটী মহানগৰ জিলা ব্ৰাহ্মণ সমাজে মঙলবাৰে বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত গোচৰ দাখিল কৰে৷ সমাজে দিছপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক দাখিল কৰা গোচৰৰ জৰিয়তে বিতৰ্কিত বিধায়কগৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিবলৈ দাবী জনায়৷

মৰিগাঁৱত ৰমাকান্তৰ গ্ৰেপ্তাৰৰ দাবীত আছুৰ প্ৰতিবাদী সভা

মৰিগাঁও জিলা ছাত্ৰ সন্থাই মংগলবাৰে ৰাজহুৱাকৈ ছাত্ৰ নেতাক ডিঙি কটাৰ ভাবুকি দিয়া বিধায়ক ৰমাকান্ত দেউৰীক গ্ৰেপ্তাৰৰ দাবী জনাই মৰিগাঁও বিহুতলীত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে৷ আছুৰ লগতে যুৱ ছাত্ৰ পৰিষদ, তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, তিৱা সুৰক্ষা সমিতি আদি বহু কেইটা সংগঠনে আহ্বান দিয়া প্ৰতিবাদী সভাখনত তিৱা ছাত্ৰ সন্থাৰ সম্পাদক চেনিৰাম মালাঙে বিজেপি চৰকাৰ আৰু দলক এনে এজন বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ দেউৰীক মানসিক চিকিৎসাৰ প্ৰয়োজন৷ তদুপৰি সভাত তিৱা যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক ৰত্নেশ্বৰ দেউৰী, তিৱা সুৰক্ষা সমিতিৰ সম্পাদক বিজয় দেউৰীৰ দৰে তিৱা নেতা সকলে ৰমাকান্ত দেউৰীৰ মন্তব্যক কঠোৰ ভাষাৰে গৰিহণা দি কয় যে ৰমাকান্তৰ এনে কাৰ্যই সমস্ত তিৱা জনগোষ্ঠীকে অসম বাসীৰ ওচৰত লজ্জানত কৰিছে৷ সভাত জিলা আছুৰ সভাপতি আৰু সম্পাদক দীপুল নাথে ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে নিজা ববীয়া গোচৰ লৈ আৰক্ষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়৷ আনহাতে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাই বিধায়ক দেউৰীৰ বক্তব্য শুনি ব্ৰাহ্মণ-গোসাঁই সকলক তিৱা সকলৰ প্ৰতি ভুল ধাৰণা নলবলৈ আহ্বান জনায়৷ মৰিগাঁও জিলা ব্ৰাহ্মণ সমাজৰ সম্পাদক ভাৰত শৰ্মাই দেউৰীক কঠোৰ ভাষাৰে গৰিহণা দি তেওঁক শীঘ্ৰে অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিবলৈ দাবী জনায়৷ মৰিগাঁও জিলা সত্ৰ মহাসভাৰ সম্পাদক বিমল বৰকাকতীয়ে বিধায়ক গৰাকীক মানসিক ৰোগী বুলি মন্তব্য কৰি তেওঁক গ্ৰেপ্তাৰ বা মানসিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলৈ দাবী জনায়৷

কেমেৰাৰ সন্মুখত নহয়, ৰাজহুৱাকৈ ক্ষমা খোজাৰ আহ্বান মাজুলীৰ সত্ৰাধিকাৰৰ

মৰিগাঁৱৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে মৰিগাঁৱৰ এখন ৰাজহুৱা সভাত গোঁসাই, মহন্ত, ব্ৰাহ্মণসকলক উদ্দেশ্য কৰি বিভিন্ন অসাংবিধানিক শব্দ প্ৰয়োগ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে মাজুলীৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰসকলে৷ ৰমাকান্ত দেউৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি মানসিক চিকিৎসালয়ত চিকিৎসাৰ ব্যবস্থা কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে ‘বিশ্ব হিন্দু মহাসংঘ’ অসম শাখাৰ সভাপতি দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দনদেৱ গোস্বামীয়ে৷ এজন জনপ্ৰতিনিধিৰ এনে দুৰ্ভাগ্যজনক মন্তব্যৰ বাবে আমি অত্যন্ত দুখ অনুভৱ কৰা বুলি উল্লেখ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামীয়ে৷ কোনোৱে কিবা কাৰণত দুখ দিলেও জনপ্ৰতিনিধি এজনে সমাজে দুখ পোৱাকৈ, আৱেগিক মন্তব্য, তৰল বাক্য প্ৰয়োগ কৰাটো উচিত নহয়৷ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দনদেৱ গোস্বামীয়ে কয় বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্য-সম্প্ৰীতিৰে এখন সুস্থ সমাজ গঢ়াৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ৷ এনেস্থলত ৰমাকান্ত দেউৰীয়ে সেই সম্প্ৰীতিত ব্যাঘাত হানিবলৈ যোৱাটো অতিকে গৰিহণাযোগ্য৷ এজন ৰাজহুৱা প্ৰতিনিধি হৈ শালীনতা ৰক্ষা কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক৷ কেমেৰাৰ সন্মুখত নহয় ৰাজহুৱাকৈ ক্ষমা খোজাৰ আহ্বান জনায়৷ আধাৰ মাহৰা সত্ৰৰ সত্ৰাধিকাৰ মহেশ গোস্বামীয়ে সনাতন হিন্দু ধৰ্মৰ গুৰু, দেৱ, নাম আৰু ভকত এই চাৰিমুঠিক অৱজ্ঞা কৰা ৰমাকান্ত দেউৰীয়ে হত্যাৰ ভাবুকি দিয়া বুলি ব্যক্ত কৰিছে৷ জনপ্ৰতিনিধিৰ অনুপযুক্ত দেউৰীয়ে ভুল কৰিলোঁ বুলি ক্ষমা খুজিলেও আমি মানি ল’ব নোৱাৰো বুলি উল্লেখ কৰে৷

বিধায়ক ৰমাকান্ত দেউৰীৰ পুত্তলিকা দাহ নকছাৰি আছুৰ

আছুৰ  ৰাজ্যিক কাৰ্যনিৰ্বাহক উৎপল শৰ্মাক মৃত্যুৰ ভাবুকি প্ৰদান কৰা বিধায়ক ৰমাকান্ত দেউৰীক গ্ৰেপ্তাৰৰ দাবীত নকছাৰি আঞ্চলিক ছাত্ৰ সন্থাই মংগলবাৰে বিয়লি পুত্তলিকা দাহ কাৰ্য্যসূচী ৰূপায়ণ কৰে নকছাৰি মাজ মজিয়াৰ দেবেৰাপাৰা চাৰিআলিত৷ উক্ত কাৰ্যসূচীত প্ৰতিমূৰ্তি দাহৰ লগতে ৰমাকান্ত দেউৰীক গ্ৰেপ্তাৰ কৰক,বিজেপিৰ দম-দাদাগিৰী নচলিব,হত্যাৰ ভাবুকি দিয়া ৰমাকান্ত গ’ বেক আদি শ্লগানেৰে গোটেই পৰিৱেশ উত্তাল কৰি তোলে৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে নকছাৰি আছুৰ দুই উপদেষ্টা পঞ্চানন দুৱৰা,মৃণাল গগৈ,ভাঃসভাপতি পিথুৰাজ দুৱৰা,সম্পাদক মাধুৰ্য্য গগৈ,উপ-সভাপতি অবিনাশ গগৈ,প্ৰাক্তন নকছাৰি আছুৰ সভাপতি মাধুৰ্য্য গগৈ আদি ছাত্ৰ নেতাই৷ নকছাৰি ই-ৰিক্সা সন্থাইও এই কাৰ্যসূচীত সহযোগিতা আগবঢ়ায়৷