Logo
image

নৰ্থ-ইষ্ট ইউনাইটেডত চুক্তিবদ্ধ প্ৰজ্ঞান

আমাৰ অসম, ৯ নৱেম্বৰঃ দেশৰ ফুটবল ক্ষেত্ৰত দেখুওৱা ধাৰাবাহিক প্ৰদৰ্শনৰ সুফল পালে অসম সন্তান প্ৰজ্ঞান মেধিয়ে৷ গুৱাহাটীৰ লুটুমাৰ সৰু ফুটবল খেলপথাৰখনত ফুটবলৰ আদিপাঠ গ্ৰহণ কৰি ভাৰতৰ জুনিয়ৰ দল পৰ্যন্ত প্ৰতিনিধিত্ব কৰা প্ৰজ্ঞান মেধি ২০২১-২২ ছিজনৰ বাবে ইণ্ডিয়ান ছুপাৰ লীগৰ [আই এছ এল] দল নৰ্থ-ইষ্ট ইউনাইটেডৰ সৈতে চুক্তিবদ্ধ হৈছে৷ ডিফেন্সিভ মিডফিল্ডাৰ ১৭ বৰ্ষীয় প্ৰজ্ঞানে ২০১২ৰ পৰা লুটুমা ফুটবল একাডেমীত যুৱ প্ৰশিক্ষক সুভম ৰাভাৰ তত্ত্বাৱধানত ফুটবল খেলিবলৈ আৰম্ভ কৰিছিল৷ ৰাষ্ট্ৰীয় স্কুল ফুটবল প্ৰতিযোগিতা সুব্ৰত কাপত দুবাৰকৈ প্ৰতিনিধিত্ব কৰা প্ৰজ্ঞানে ভাৰতীয় অনূধবৰ্ ১৬ আৰু ১৭ বছৰৰ দলত স্থান লাভ কৰিছিল৷ চীন, ইউ এ ই মালয়েছিয়া আদিত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰা প্ৰজ্ঞান বৰ্তমান আই এছ এলৰ বাবে গোৱাত কোৱাৰেণ্টাইন হৈ আছে৷ ‘আমাৰ অসম’ৰ আগত প্ৰজ্ঞানে জনোৱা অনুসৰি আই এছ এলত অভিজ্ঞ ফুটবলাৰসকলৰ পৰা তেওঁ যথেষ্ট শিকিব বিচাৰে৷ এদিন ভাৰতীয় ছিনিয়ৰ দলৰ হৈ খেলাৰ সপোন দেখা প্ৰজ্ঞান ক্ৰিষ্টিয়ানো ৰ’নাল্ডো আৰু ভাৰতীয় মিডফিল্ডাৰ ইউগেনছন লিংডোৰ অনুৰাগী৷ উল্লেখ্য, প্ৰজ্ঞানৰ পিতৃ প্ৰাঞ্জল মেধীয়েও ভাৰতীয় জুনিয়ৰ দলক প্ৰতিনিধিত্ব কৰাৰ লগতে মহম্মেদান স্পৰ্টছ ক্লাবৰ হৈ খেলিছিল৷ ইফালে, লুটুমা ফুটবল একাডেমীৰ দুগৰাকী গ’লকীপাৰ বীৰেন্দ্ৰ ৰাভা সিং আৰু নিখিল ডেকাই ইতিমধ্যে আই এছ এলত স্থান লাভ কৰিছে৷ বীৰেন্দ্ৰক কেৰালা ব্লাষ্টাৰ্ছে আৰু নিখিলক নৰ্থ ইষ্ট ইউনাইটেডে দলত চুক্তিবদ্ধ কৰিছিল৷