Logo
image

ৰোহিত টি ২০ নতুন অধিনায়ক

আমাৰ অসম, ১০নৱেম্বৰঃ  আনুষ্ঠানিকভাৱে নাম ঘোষণা হোৱা নাই৷ কিন্তু ক্ৰিকেটৰ হ্ৰস্বমত অধ্যায় অৰ্থাৎ টি-২০ত টীম ইণ্ডিয়াক পৰৱৰ্তী দিনত কোনে নেতৃত্ব দিব, সেয়া ইতিমধ্যে চূড়ান্ত হৈ গৈছে৷ তেওঁৰ ‘নিকনেম’–‘হিটমেন’৷ অন্ততঃ তেওঁ যেতিয়া ক্ৰিজত থাকে আৰু প্ৰতিপক্ষৰ বলাৰক প্ৰহাৰ কৰে,তেতিয়া আন নহ’লেও টিভিৰ ধাৰাভাষ্যকাৰৰ মুখেৰে বাৰম্বাৰ নিঃসৰিত তেতিয়া আন নহ’লেও টিভিৰ ধাৰাভাষ্যকাৰৰ মুখেৰে বাৰম্বাৰ   নিঃসৰিত হয় এই নাম৷ তেওঁ ৰোহিত শৰ্মা৷ অহা ১৭ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া নিউজীলেণ্ডৰ বিৰুদ্ধে টি ২০ শৃংখলাত ৰোহিত শৰ্মাই নেতৃত্ব প্ৰদান কৰিব টীম ইণ্ডিয়াক৷ যি নিউজীলেণ্ডে চলিত টি ২০ বিশ্বকাপত ভাৰতৰ কফিনত শেষ গজালটো মাৰিছিল, সেই কিৱি দলৰ মুখামুখি হোৱাতো অধিনায়ক হিচাপে হিটমেনৰ বাবে হ’ব প্ৰথমটো প্ৰত্যাহ্বান৷ অৱশ্যে ভাৰতৰ মাটিত নিউজিলেণ্ডে টীম ইণ্ডিয়াক সিমান সমস্যাত পেলাব নোৱাৰিব বুলিয়েই পূৰ্বধাৰণা কৰা হৈছে৷ সাম্প্ৰতিক কালৰ বিশ্বশ্ৰেষ্ঠ বেটছমেন বিৰাট কোহলিৰ পৰা অধিনায়কৰ ‘বেটন’ লাভ কৰিবলগীয়া ৰোহিত শৰ্মাৰ সন্মুখত স্বাভাৱিকতে এয়া গুৰু দায়িত্ব৷ কিয়নো চলিত বিশ্বকাপত ক্ৰিকেটৰ দুগ্ধপোষ্য শিশু আফগানিস্তান, স্কটলেণ্ড, নামিবিয়াৰ বিৰুদ্ধে বিজয়ী হ’লেও চিৰবৈৰী পাকিস্তান আৰু  প্ৰতিষ্ঠিত ক্ৰিকেট দল নিউজীলেণ্ডৰ হাতত পৰাজিত হৈয়েই বিশ্বকাপৰ পৰা বিদায় ল’লে ভাৰতে আৰু সেই ব্যৰ্থতা কান্ধ পাতি লৈয়েই টি-২০ দলৰ নেতৃত্বৰ পৰা পূৰ্বঘোষণা অনুসৰি আঁতৰিবলগীয়া হ’ল কোহলি৷ কেৰিয়াৰত ৫০ খন টি-২০ত নেতৃত্ব প্ৰদান কৰি কোহলিৰ জয় পৰাজয়ৰ কৃতিত্ব সমান-সমান, অৰ্থাৎ ৩২ খনত বিজয় আৰু ১৬ খনত পৰাজয় [২ খন মেচত জয়-পৰাজয় নাই]৷ মুলতঃ পৰাজয়েৰে দলে বিশ্বকাপৰ দলৰ পৰাই বিদায় লোৱাৰ ফলত নিউজীলেণ্ডৰ বিৰুদ্ধে বিজয়সূচক প্ৰদৰ্শনৰ লগতে নতুন অধিনায়কে সতীৰ্থক নৈতিক বলৰো যোগান ধৰিব লাগিব৷ সেই দিশৰ পৰাই হিটমেনৰ ওপৰত অধিক দায়িত্ব বাঢ়িব৷ অধিনায়ক নোহোৱা অৱস্থাত যিদৰে মুকলি মনেৰে বেটিং কৰে, এতিয়া সততে তেওঁৰ ওপৰত এটা চাপে ক্ৰিয়া কৰি থাকিব৷ প্ৰসংগতঃ নিউজীলেণ্ডৰ বিৰুদ্ধে আই চি চিৰ প্ৰতিযোগিতাত ১৯৯৯ চনৰ পৰা চলিত বিশ্বকাপলৈ, বিগত ২২ বছৰত ৮ বাৰৰ মুখামুখিত টীম ইণ্ডিয়া এবাৰহে বিজয়ী হৈছে৷ লাগিলে সেয়া ক্ৰিছ কেয়াৰ্নছৰ দিনতে হওক বা মাৰ্টিন গুপ্টিল, ভাৰতক আই চি চিৰ প্ৰতিযোগিতাত সহজেই বশ কৰে নিউজীলেণ্ডে৷ অৱশ্যে হিটমেন ৰোহিত শৰ্মাও সহজে বশমনা বিধৰ ক্ৰিকেটাৰ নহয়৷ বলাৰ কোন, সেয়া বিশেষ চিন্তা নকৰাকৈ উৰাই দিব পৰা মানসিকতাৰে তেওঁ ক্ৰিকেটৰ হ্ৰস্বতম অধ্যায়ত নিউজীলেণ্ডৰ বিৰুদ্ধে ৩ খন মেচৰ শৃংখলাত টীম ইণ্ডিয়াক সবল নেতৃত্ব দিব বুলিয়েই বিশ্বাস৷ ফৰ্ম হেৰুৱাই দলৰ পৰা বাদ পৰি পুনৰ দলত স্থান নিগাজী কৰা হিটমেনে সংগ্ৰাম কৰিব জানে৷ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ অপেনাৰ হিচাপে বিবেচিত ৰোহিত শৰ্মাৰ ৩৪ খন টেষ্ট [৩,০৪৭ ৰান], ২২৭ খন এদিনীয়া [৯,২০৫ ৰান] আৰু ১১৬ খন টি-২০ [৩,০৩৮ ৰান] খেলাৰ অভিজ্ঞতা আছে৷ আই পি এলত মুম্বাই ইণ্ডিয়ানছক নেতৃত্ব আৰু চেম্পিয়নশ্বিপ দিয়াৰ অভিজ্ঞতা আছে৷ তেওঁৰ হাততে আছে এদিনীয়া ক্ৰিকেটৰ সৰ্বোচ্ছ ৰানৰ [২৬৪] অভিলেখ আৰু তিনিটাকৈ ডাবল চেঞ্চুৰী কৰা একমাত্ৰ ভাৰতীয় ক্ৰিকেটাৰৰ অভিলেখ৷ এটা বিশ্বকাপত ৫টা চেঞ্চুৰী কৰা বিশ্বৰ অদ্বিতীয় বেটছমেন ৰোহিত শৰ্মাৰ হাতত টীম ইণ্ডিয়াৰ দায়িত্ব নিষ্কণ্টক বুলি ধাৰনা কৰা হৈছে৷