Logo
image

মুৰাতৱক শান্তিৰ নোবেল বঁটা কিয় দিয়া হ’ল

হৰিণাৰ মাংসই বৈৰী৷ হৰিণাৰ মাংসকণৰ বাবেই হিংস্ৰ জন্তুৰ লগতে ‘জীৱশ্ৰেষ্ঠ’ মানৱো এই নিৰ্জ প্ৰাণীটোৰ শ হৈ পৰে৷ একেটা কথা প্ৰযোজ্য ৰাছিয়াৰ ক্ষেত্ৰতো– দেশখনত থকা তথা শেষ হ’ব নোখোজা বিস্তীৰ্ণ উৰ্বৰ ভূমি আৰু প্ৰভূত প্ৰাকৃতিক সম্পদৰ বাবে পশ্চিম পৰিণত হৈছে ৰাছিয়াৰ মূল শত্ৰু, কিয়নো মুনাফা লুটিবৰ বাবে ৰাছিয়াৰ ভূমি আৰু প্ৰাকৃতিক সম্পদবোৰ পশ্চিমক লাগে আৰু ইবোৰ হস্তগত কৰিবৰ বাবে পশ্চিমে অন্ততঃ দুবাৰ প্ৰচেষ্টাও চলাইছিল৷ প্ৰথমবাৰ নেপোলিয়নৰ নেতৃত্বত আৰু দ্বিতীয়বাৰ হিটলাৰৰ নেতৃত্বত৷ কিন্তু দুয়োবাৰেই আশা পূৰণত পশ্চিম ব্যৰ্থ হ’ল, কিয়নো ৰুছসকলে প্ৰাণ দিও দেশৰ ভূমি ৰক্ষা কৰিলে৷ যুদ্ধৰে ৰাছিয়াক পদানত কৰিব নোৱাৰি পশ্চিমে পাছত দেশখনৰ ভূমি আৰু প্ৰাকৃতিক সম্পদ হস্তগত কৰাৰ ৰণনীতি সলনি কৰিলে৷ পশ্চিমে এতিয়া ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা প্ৰয়োগ কৰাৰ পৰা আৰম্ভ কৰি জীৱনৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰতে বাধাৰ সৃষ্টি কৰে, যাতে বাধ্যত পৰি ৰাছিয়াই নিজ সম্পদৰ কিছু অংশ হ’লেও পশ্চিমক এৰি দিয়ে আৰু ৰাছিয়াক শ’লঠেকত পেলাবৰ বাবে পশ্চিমে সহায় লয় ৰাছিয়াৰে কিছু নাগৰিকৰ৷ অৰ্থাৎ এই নাগৰিকসকলে ৰাছিয়াৰ নহয়, বৰঞ্চ পশ্চিমৰ স্বাৰ্থ ৰক্ষাৰ বাবেহে কাম কৰি যায়৷ ৰাছিয়াৰ এনে এজন নাগৰিকেই হ’ল ২০২১ চনত শান্তিৰ নোবেল বঁটাৰে সন্মানিত দ্‌মিত্ৰি মুৰাতৱ৷ স্পষ্টকৈ ক’বলৈ হ’লে, মুৰাতৱ আছিল পশ্চিমৰ ‘নিজৰ মানুহ’৷ অৰ্থাৎ মাতৃভূমিক বিশ্বাসঘাতকতা কৰাৰ পুৰস্কাৰ হিচাপেহে পশ্চিমে মুৰাতৱক নোবেল বঁটাটো প্ৰদান কৰিছে । এতিয়া চোৱা যাওক, মুৰাতৱে কেনেদৰে ৰাছিয়াক, অৰ্থাৎ নিজ মাতৃভূমিক বিশ্বাসঘাতকতা কৰিছিল৷উল্লেখ্য যে মুৰাতৱ বৰ্তমান ‘ন’ৱায়া গায্যেতা’ [‘নতুন কাকত’] নামৰ বাতৰিকাকতখনৰ মুখ্য সম্পাদক৷ যোৱা শতিকাৰ ৯০ দশকত আৱিৰ্ভাৱ ঘটা এই কাকতখনে ৰাইজৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছিল এনেদৰেঃ কাকতখনে চ্ছে্যচনিয়াৰ তদানীন্তন বিচ্ছিন্নতাবাদীসকলক মুকলি সমৰ্থন দিছিল আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবৰ বাবে ৰাছিয়াই লোৱা পদক্ষেপবোৰক সমালোচনা কৰিছিল৷ যোৱা প্ৰায় ৩০ বছৰত কাকতখনৰ এই নীতিলৈ পৰিৱৰ্তন নাহিল, বৰঞ্চ তাৰ সম্প্ৰসাৰণহে ঘটিল৷ বিষয়গতভাৱেও আৰু ভৌগোলিকভাৱেও৷ যেনে– ‘ন’ৱায়া গায্যেতাই’ ছিৰিয়া আদি দেশত সন্ত্ৰাসবাদৰ সৈতে স্থানীয় চৰকাৰে কৰি থকা যুঁজত ৰুছ সেনাই সহায় কৰা কাৰ্যক সমালোচনা কৰিছিল৷ উল্লেখ্য যে ছিৰিয়াৰ মূল সন্ত্ৰাসবাদী সংগঠন আইছিছৰ সৃষ্টিত পশ্চিম পৰোক্ষভাৱে হ’লেও জড়িত আছিল৷ পিছলৈ ৰুছ চৰকাৰক যিকোনো উপলক্ষত সমালোচনা কৰাই ‘ন’ৱায়া গায্যেতাৰ’নীতি হৈ পৰিল৷ কাকতখনে এতিয়া ৰাছিয়াত চৰকাৰে লোৱা প্ৰতিটো পদক্ষেপকে সমালোচনা কৰে৷ তেনেহেলে সেয়া সংবিধানৰ সংশোধনৰ ক্ষেত্ৰতেই হওক বা COVID-১৯ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতেই হওক ।আমোদজনক কথা এয়ে যে ৰাছিয়াৰ আভ্যন্তৰীণ ক্ষেত্ৰত আন দেশে হস্তক্ষেপ কৰা কথাটোত কাকতখনে বিশ্বাস নকৰে, কিন্তু আন দেশৰ [যেনে– আমেৰিকাৰ] আভ্যন্তৰীণ ক্ষেত্ৰত ৰাছিয়াই হস্তক্ষেপ কৰা কথাটোত বিশ্বাস কৰে উদাহৰণস্বৰূপে ২০১৬ চনত আমেৰিকাত ৰাষ্ট্ৰপতিৰ নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ সময়ত ৰুছ হেকাৰে নিৰ্বাচনত প্ৰভাৱ পেলোৱাৰ চেষ্টা চলাইছে বুলি প্ৰথমে মুৰাতৱৰ কাকতখনেই প্ৰচাৰ কৰিছিল৷ ‘ন’ৱায়া গায্যেতা’পশ্চিমৰ ‘নিজৰ কাকত’,আৰু সেয়ে আমেৰিকাই ৰুছ হেকাৰ সন্দৰ্ভত আৰম্ভ কৰিছিল তদন্ত৷ কিন্তু দুখৰ কথা এয়ে যে বহুত চেষ্টা কৰিও আমেৰিকাই এই সন্দৰ্ভত কোনো তথ্য-প্ৰমাণ সংগ্ৰহ কৰিব নোৱাৰিলে অৰ্থাৎ মুৰাতৱৰ কাকতখনে প্ৰচাৰ কৰা বাতৰিটো আছিল ভুৱা।দৰাচলতে ভুৱা বাতৰি প্ৰচাৰৰ যোগেদিহে‘ন’ৱায়া গায্যেতাই জনপ্ৰিয়তা অৰ্জন কৰিছিল৷ উদাহৰণস্বৰূপে কাকতখনে চ্ছে্চনিয়া সন্দৰ্ভত প্ৰচাৰ কৰা বেছিভাগ বাতৰিয়েই আছিল ভুৱা৷ আমোদজনক কথা এয়ে যে চ্ছে্যচনিয়াৰ সন্ত্ৰাসবাদী-বিচ্ছিন্নতাবাদীসকলৰ পক্ষত থাকি তেওঁলোকৰ সাক্ষাৎকাৰ আদি কাকতখনে গুৰুত্বসহকাৰে প্ৰকাশ কৰিছিল যদিও গণৰাজ্যখনত সন্ত্ৰাসবাদী-বিচ্ছিন্নতাবাদীসকলে তিষ্ঠিব নোৱাৰিলে, কিয়নো চ্ছে্চনিয়াৰ জনগণ তেওঁলোকৰ বিপক্ষে থিয় দিলে৷ অৰ্থাৎ চ্ছে্াচনিয়া ৰাছিয়াৰ লগত থকাটোহে গণৰাজ্যখনৰ জনগণে বিচাৰিলে৷ বহুত চেষ্টা কৰিও পশ্চিমৰ নিৰ্দেশ-সমৰ্থনপ্ৰাপ্ত ‘ন’ৱায়া গায্যেতাই’চ্ছে্াচনিয়াত অস্থিৰতা বাহাল ৰাখিব নোৱাৰিলে৷ গণৰাজ্যখনত এতিয়া শান্তি আৰু প্ৰগতি৷ আৰু সেয়ে হয়তো মুৰাতৱে শান্তিৰ নোবেল বঁটা পোৱাত সাম্প্ৰতিক চ্ছে্যচনিয়াৰ উপ-প্ৰধানমন্ত্ৰী জামবুলাত উমাৰৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এনেদৰেঃ‘...জুডাছে যীশুক বিশ্বাসঘাতকতা কৰাৰ বিনিময়ত ধন পোৱাৰ দৰে ৰাছিয়াৰ বিৰুদ্ধে অপপ্ৰচাৰ আৰু আমাৰ [চ্ছে্যচনিয়াৰ – লেখক] জনগণ সন্দৰ্ভত বীভৎস মিথ্যা প্ৰচাৰৰ পুৰস্কাৰ হিচাপেহে মুৰাতৱে শান্তিৰ নোবেল বঁটাটো পাইছে... ’৷ চ্ছে্াচনিয়া-যুদ্ধ সন্দৰ্ভত অসংখ্য ভুৱা বাতৰি প্ৰচাৰ কৰিও গণৰাজ্যখনৰ জনগণৰ মন সলনি কৰিব নোৱৰা ‘ন’ৱায়া গায্যেতাই’পাছত হয়তো সেই জনগণৰ ওপৰত প্ৰতিশোধ লোৱাৰ মনস্থ কৰিলে৷ কাকতখনত প্ৰকাশিত নিবন্ধ এটাত কোৱা হ’ল এনেদৰেঃ প্ৰশাসনে কঠোৰ আৰু অবৈধ কাৰ্যপন্থা গ্ৰহণ কৰিব বুলি ভয় কৰি কৰ’নাত আক্ৰান্ত হ’লে চ্ছে্াচনিয়াৰ জনগণে খবৰটো আনৰ পৰা লুকুৱাই ৰাখে কিন্তু ই আছিল উন্মুক্ত মিথ্যা, আৰু সেয়ে ৰাছিয়াৰ উচ্ছতম ন্যায়ালয়ে ৰায় জাৰি কৰি নিবন্ধটোৰ উপলব্ধতা সীমিত কৰিলে তথা ইমানদিনে সহানুভূতি পোষণ কৰি থকা ৰাছিয়াৰ বিৰোধী দলবোৰেও নিজক মুৰাতৱৰ পৰা নিলগত ৰখাৰ সিদ্ধান্ত ল’লে৷ চ্ছে্াচনিয়া সন্দৰ্ভত মুৰাতৱৰ কাকতখনে প্ৰচাৰ কৰা আন এটা মিথ্যা আছিল এইঃ গণৰাজ্যখনত LGBT সমাজ আছেক্ক কিন্তু পাছত স্পষ্ট হৈছিল যে চ্ছে্যচনিয়াত তেনে কোনো সমাজ নাই৷দ্‌মিত্ৰি মুৰাতৱক [ফিলিপাইনছৰ সাংবাদিক মাৰিয়া ৰে’ছাৰ সৈতে যুটীয়াভাৱে] বঁটাটো হেনো দিয়া হৈছে ‘মুক্ত চিন্তাক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত তেওঁ লোৱা প্ৰচেষ্টাৰ বাবে’৷ বুজা গৈছে যে ৰাছিয়া বিৰোধিতাই হৈছে পশ্চিমৰ মূল লক্ষ্য আৰু এই লক্ষ্যত উপনীত হ’বৰ বাবে ভুৱা বাতৰি, মিথ্যা তথ্য আদিৰ প্ৰচাৰেই হৈছে নোবেল কমিটীৰ বাবে ‘মুক্ত চিন্তা’৷ আৰু সেয়ে নিতান্ত ৰাজনৈতিক লক্ষ্য, অৰ্থাৎ একমাত্ৰ স্বাৰ্থসিদ্ধিৰ বাবে পশ্চিমে প্ৰদান কৰা শান্তিৰ নোবেল বঁটাটোৰ প্ৰকৃত মূল্য ফুটাকড়িৰো সমান নহয় ।