Logo
image

চেম্পিয়ন অষ্ট্ৰেলিয়াৰ উন্মত্ত উদ্‌যাপন

আমাৰ অসম,১৬নৱেম্বৰঃ জোতাত বীয়েৰ ঢালি জোতাৰ পৰাই তাকে পান কৰি টি-২০ বিশ্বকাপ বিজয়ৰ আনন্দ উদ্‌যাপন কৰা অষ্ট্ৰেলিয়া ক্ৰিকেট দল বিশ্বজুৰি সমালোচিত হৈছে৷ পাশ্চাত্যৰ দেশত এয়া ৰীতি কিম্বা অন্ধবিশ্বাস হিচাপে পালিত হ’লেও ইছলামিক ৰাষ্ট্ৰত মুকলিকৈ মদ্যপান কৰা আইনবিৰুদ্ধ আৰু আই চি চিয়ে তাকে বিশ্বজুৰি প্ৰচাৰ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ঘটনাৰ স্থান অষ্ট্ৰেলিয়া দলৰ ড্ৰেছিংৰূম হ’লেও আই চি চিৰ ভিডিঅ’ৰ সৌজন্যত সেই ‘কীৰ্তি’ সৰ্বত্ৰ বিয়পি পৰাতে অথন্তৰ ঘটিছে৷ দেশভেদে আনন্দ উদ্‌যাপনৰ ক্ষেত্ৰতো সংযম থকা উচিত, যিটো অষ্ট্ৰেলিয়া দলৰ ‘অভিধান’ত নাই৷২০১৭ চনত আই চি চি চেম্পিয়ন্‌ছ ট্ৰফীত বিজয়ী হোৱাৰ পাছত এনেদৰেই আন এটা বিতৰ্কিত ঘটনা সংঘটিত কৰি নিন্দিত হৈছিল অষ্ট্ৰেলিয়া ক্ৰিকেট দল৷ তেতিয়াৰ বি চি চি আইৰ সভাপতি শাৰদ পাৱাৰক হেঁচুকি বিজয় মঞ্চৰ পৰা নামিবলৈ কৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছিল অষ্ট্ৰেলিয়া দলে৷ তেতিয়া ৰিকি পণ্টিং নেতৃত্বাধীন অষ্ট্ৰেলিয়া অপৰাজেয় দল৷ বিজয়ৰ অন্তত তেতিয়াৰ বি চি চি আইৰ সভাপতি শাৰদ পাৱাৰ মঞ্চলৈ গৈছিল ট্ৰফী প্ৰদান কৰিবলৈ৷ ট্ৰফী দিয়াৰ পূৰ্বেই অধিনায়ক পণ্টিঙে আঙুলিৰে ইংগিত দি কাষলৈ মাতি শাৰদ পাৱাৰক সোনকালে ট্ৰফী দিবলৈ কৈছিল৷ ট্ৰফী প্ৰদানৰ অন্তত ডেমিয়েন মাৰ্টিনে শাৰদ পাৱাৰক পিঠিত হেঁচুকি মঞ্চৰ পৰা ততাতৈয়াকৈ নামি যাবলৈ নিৰ্দেশ দিছিল৷ বিশ্ব চেম্পিয়ন দলটোৰ এই অশোভনীয় কাৰ্যক সকলোৱে গৰিহণা দিছিল৷ পিছে এসময়ৰ কেন্দ্ৰীয় মন্ত্ৰী, ‘ষ্ট˜ং মেন অৱ মাৰাঠা’ শাৰদ পাৱাৰে এই ঘটনা খেলুৱৈসূলভ মানসিকতাৰে গ্ৰহণ কৰি দুই দেশৰ ব’ৰ্ডৰ মাজত সম্পৰ্ক বেয়া হোৱাৰ পৰা ৰক্ষা কৰে৷এইবাৰ পণ্টিঙৰ উত্তৰসূৰীসকলে টি-২০ বিশ্বকাপ জয় কৰি আন এটা বিতৰ্কিত ঘটনা সংঘটিত কৰিলে৷ নিউজীলেণ্ডক পৰাস্ত কৰাৰ পাছত অষ্ট্ৰেলিয়া দলটোৰ সদস্যসকলে ড্ৰেছিংৰূমত উন্মত্ত উল্লাস পালন কৰিলে৷ সেই সময়ত কাষতে নিউজীলেণ্ডৰ অধিনায়ক কেন উইলিয়াম্‌ছনে সাংবাদিক বৈঠকত ভাগ লৈ আছিল, কিন্তু অষ্ট্ৰেলিয়া দলটোৰ চিঞৰ-বাখৰত কোনেও কাৰো কথা শুনা নাছিল৷ তাৰ পাছতেই অষ্ট্ৰেলিয়া দলৰ ক্ৰিকেটাৰসকলে জোতাত বীয়েৰ বাকি লৈ খাবলৈ আৰম্ভ কৰে৷ সেই দৃশ্যৰ ভিডিঅ’প্ৰচাৰ হোৱাৰ পাছতে চৌদিশে হুলস্থূল আৰম্ভ হৈছে৷ কিয়নো ঘটনাস্থল আছিল ডুবাই, য’ত সংযুক্ত আৰব আমীৰশ্বাহিৰ নিয়ম অনুসৰি ৰাজহুৱাকৈ মদ্যপান কৰা আইনবিৰোধী আৰু সেয়া কোনো মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰাও বে-আইনী৷ ইছলামিক দেশ এখনত স্থানীয় নিয়ম আৰু অনুভূতি পৰোৱা নকৰাকৈ অষ্ট্ৰেলিয়া দলে কৰা এই কাৰ্যক অনেকেই নিন্দা কৰিছে৷ পিছে জোতাত বীয়েৰ পান কৰাতো অষ্ট্ৰেলিয়াৰ এক প্ৰাচীন ৰীতি৷ বিশ্বাস কৰা হয়, জোতাত ঢালি বীয়েৰ-শ্বেম্পেইন পান কৰিলে সকলো দুখৰ দিন দূৰ হয় আৰু এই কাৰ্যই সৌভাগ্য কঢ়িয়াই আনে৷ মহিলাৰ জোতাৰ পৰা বীয়েৰ পান কৰিলে সৌভাগ্যৰ মাত্ৰা আৰু অধিক হয় বুলি অষ্ট্ৰেলিয়াত বিশ্বাস কৰা হয়৷ এনেধৰণে উল্লাস পালনক ‘শ্বুৱি’ বুলি কোৱা হয়৷ জোতাৰ ইংৰাজী প্ৰতিশব্দ ‘শ্বু’ৰ পৰাই এই শব্দৰ সৃষ্টি৷ইপিনে, অক্ৰিকেটাৰসূলভ আচৰণেৰে দুবাৰকৈ ‘ড্ৰপ’ হোৱা এটা ন’ বলত পূৰ্বৰ মেচত ছিক্সাৰ কোবোৱা ডেভিদ ৱাৰ্নাৰক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান কিয় দিয়া হ’ল আৰু ছটা ইনিংছত ৩০৩ ৰানেৰে সৰ্বাধিক স্ক’ৰ কৰা পাকিস্তানৰ অধিনায়ক বাবৰ আজমক কিয় শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচনা কৰা নহ’ল, সেই লৈয়ো প্ৰশ্ন উত্থাপন হৈছে৷ পাকিস্তানৰ বিৰুদ্ধে ছেমিফাইনেলত মহম্মদ হাফিজৰ হাতৰ পৰা পিচলি পৰা এটা বলত বহুদূৰ আগুৱাই আহি ৱাৰ্নাৰে ছিক্সাৰ মাৰিছিল৷ তেতিয়ালৈ বলটো পিট্‌চত দুবাৰ ‘ড্ৰপ’ হৈছিল৷ আম্পায়াৰে বলটো ন’-বল ঘোষণা কৰিছিল৷ ক্ৰিকেটৰ আইনমতে তেনে বলত শ্বট লোৱাত কোনো বাধা নাই৷ কিন্তু ভদ্ৰলোকৰ খেল ক্ৰিকেটত ৱাৰ্নাৰৰ সেই মানসিকতা অক্ৰিকেটীয় বুলি চৰ্চা হৈছে৷ অৱশ্যে ৱাৰ্নাৰে প্ৰতিযোগিতাৰ সাতটা ইনিংছত ২৮৯ ৰান কৰি দলক বিশ্বচেম্পিয়ন হোৱাত সহায় কৰিছিল৷