Logo
image

হঠাৎ সাজি-কাচি উঠিছে ‘দুৰ্গম’হাহিম

আমাৰ অসম,১৬ নৱেম্বৰঃ অসম-মেঘালয়ৰ সীমান্তৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ দুৰ্গম হাহিম অঞ্চল হঠাত সাজি-কাচি উঠিছে৷ প্ৰকৃতিৰ ভূ-স্বৰ্গ হিচাপে পৰিচিত মনোমোহা হাহিমৰ বাট-পথসমূহ চক-চকীয়া মসৃণ হৈ পৰিছে৷ এসময়ত বাট-পথৰ দুৰৱস্থা আৰু ডকাইত-দুবৃৰ্ত্তৰ অত্যাচাৰৰ বাবে পৰ্যটক-দৰ্শনাৰ্থীৰ কথা বাদেই সাধাৰণ ব্যক্তিয়েও অহা যোৱা কৰিবলৈ ভয় কৰিছিল দুৰ্গম অঞ্চলটোত৷ হাহিমৰ ঘন-জংঘলৰ সুযোগ লৈ আদবাটতে মালবাহী ট্ৰাক আগুচি ধৰি দুৰ্বৃত্তই লুট-পাত চলোৱাৰো অনেক উদাহৰণ আছে৷ মেঘালয় সংযোগী জৰাজীৰ্ণ পথটো শেহতীয়াকৈ অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগে নতুনকৈ দুইলেনযুক্ত আৰ্হিত নিৰ্মাণ কৰি জিলিকাই তুলিছে৷ হাহিমৰ পথটোক নতুনকৈ নিৰ্মাণ কৰি সজাই-পৰাই তোলাত স্থানীয় ৰাইজে প্ৰকৃতিৰ অপূৰ্ব সমাহাৰে ভৰপূৰ অঞ্চলটোৰ পৰ্যটন উদ্যোগক চৰকাৰে বিকাশৰ লক্ষ্যৰেই উক্ত পদক্ষেপ গ্ৰহণ কৰা বুলিয়েই ধৰি লৈছে৷ কিন্তু মেঘালয় সীমান্তৰ লাম্পি সংযোগী হাহিমৰ নতুনকৈ সজাই-পৰাই তোলা পথটোৰ কাষে-কাষে ৱে-ব্ৰীজ অৰ্থাৎ কয়লাৰ কাটা নিৰ্মাণ কৰাত অঞ্চলবাসীৰ মনত বিভিন্ন প্ৰশ্নৰ উদয় ঘটিছে৷ এখন বা দুখন নহয়, হাহিমৰ পথৰ কাষত মাত্ৰ দুই কিলোমিটাৰৰ ব্যৱধানতে মুঠ ৯ খন ৱে-ব্ৰীজ নিৰ্মাণ কৰিছে কোনো ব্যৱসায়িক চক্ৰই৷ নকলেও হ’ব যে ৱে-ব্ৰীজ অৰ্থাৎ কাটা কয়লাভৰ্তি ট্ৰাকৰ ওজন কৰাত ব্যৱহাৰ হয়৷ স্বাভাৱিকতে হাহিমৰ নতুন পথেদি কয়লাৰ ছিণ্ডিকেট আৰম্ভ হোৱাৰ সন্দেহ কৰিছে স্থানীয় সচেতন লোকসকলে৷ মেঘালয়ৰ পৰা হাহিমৰ মাজেৰে গোৱালপাৰা-যোগীঘোপা হৈ বহিঃৰাজ্যলৈ কয়লা সৰবৰাহৰ ছিণ্ডিকেটৰ নতুন পথ আৰম্ভ হ’ব বুলিও বিভিন্নজনে সন্দেহ কৰিছে৷ মেঘালয়ৰ পশ্চিম খাছীপাহাৰ জিলাৰ পৰা সৰবৰাহ কৰা কয়লা হাহিমৰ ৱে-ব্ৰীজত ওজন পৰীক্ষা কৰা হ’ব৷ লক্ষণীয় বিষয়টো হৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন চৰকাৰ গঠন হোৱাৰ পাছত ৰাজ্যত ছিণ্ডিকেট এক প্ৰকাৰ বন্ধ হৈ পৰিছে৷ দুই-এটা ছিণ্ডিকেট চক্ৰই পুনৰ মূৰ দাঙি উঠাৰ চেষ্টা চলালেও ছিণ্ডিকেটৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হৈ পৰা দেখা গৈছে৷ তেনেস্থলত হাহিমৰ পথৰ কাষত ৯ খনকৈ ৱে-ব্ৰীজ অৰ্থাৎ কয়লাৰ কাটা নিৰ্মাণ কৰা কাৰ্যই তাৎপৰ্য বহন কৰিছে৷ বৰ্তমান সময়ত ৰাজনৈতিক আশীৰ্বাদ নাথাকিলে কোনো চক্ৰই ৰাজ্যত ছিণ্ডিকেট চলোৱাৰ সাহস কৰিব নোৱাৰে৷ ৰাজনৈতিক আশীৰ্বাদ নাথাকিলে ছিণ্ডিকেট চক্ৰক একে নিশাৰ ভিতৰতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি এনকাউণ্টাৰত গুলীবিদ্ধ কৰা আশংকাও নুই কৰিব নোৱাৰি৷ তেনেস্থলত হাহিমৰ পথত ৰাজনৈতিক পৃষ্ঠপোষকতাতে যে কয়লা ছিণ্ডিকেটৰ লক্ষ্যৰে ৱে-ব্ৰীজৰ নিৰ্মাণ কৰিছে, সেয়া স্পষ্ট হৈ পৰিছে৷ অৱশ্যে দিছপুৰৰ অনুমতি লৈ কোন ৰাজনৈতিক নেতাৰ ছত্ৰছঁায়াত এইবাৰ মেঘালয়ৰ কয়লাৰ নতুনকৈ ছিণ্ডিকেট চলোৱাৰ পৰিকল্পনা কৰিছে সেয়া বৰ্তমানো জানিব পৰা হোৱা নাই৷