Logo
image

অৰ্হতাহীন প্ৰাৰ্থী বাছনি! বিতৰ্কই এৰা নাই এপিএছচিক

আমাৰ অসম, ১৬ নৱেম্বৰঃ বিতৰ্কই যেন লগ এৰা নাই অসম লোকসেৱা আয়োগক৷ সংস্কাৰৰ নামত স্বতন্ত্ৰ সংস্থা এ পি এছ চি এতিয়া অনিয়ম আৰু স্বজন-তোষণৰ ভূ-স্বৰ্গলৈ পৰ্যৱসিত হোৱা বুলিও অভিযোগ উঠিছে৷ ভুল ‘এনছাৰ কী’ৰ বাবে ন্যায়ালয়ত গোচৰ ৰুজু হোৱাৰ ভয়ত ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক ‘প্ৰাৰম্ভিক’ পৰীক্ষাৰ চূড়ান্ত ‘এনছাৰ কী’ ৰাজহুৱা নকৰাৰ সিদ্ধান্ত লোৱা এ পি এছ চিয়ে পুনৰ যোগ্যতাহীন প্ৰাৰ্থীক অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপকৰ দৰে গুৰুত্বপূৰ্ণ পদত বাছনিৰ পৰিকল্পনা কৰি শেষ মুহূৰ্তত ন্যায়ালয়ৰ হস্তক্ষেপৰ সন্মুখীন হোৱা চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ ন্যায়ালয়ৰ হস্তক্ষেপৰ বাবেই লোকসেৱা আয়োগে সাক্ষাৎকাৰৰ দিনটোত জাননী প্ৰকাশ কৰি অৱশেষত সাক্ষাৎকাৰ পিছুৱাই দিবলৈ বাধ্য হয়৷ অসম লোকসেৱা আয়োগে ২০১৭ চনৰ ২৫ মে’ত উচ্ছ শিক্ষা বিভাগৰ অধীনত অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহৰ কাৰিকৰী আৰু অ-কাৰিকৰী সহকাৰী অধ্যাপক আৰু গ্ৰন্থাগাৰিকৰ ৬৬টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল৷ নিৰ্দিষ্ট পদৰ বাবে প্ৰয়োজনীয় শৈক্ষিক অৰ্হতা স্পষ্ট কৰি দিয়া হৈছিল বিজ্ঞাপনটোত৷ উক্ত পদৰ বাবে শ শ প্ৰাৰ্থীয়ে আবেদন জনাইছিল যদিও ইয়াৰে একাংশ আবেদনকাৰীৰ নাছিল প্ৰয়োজনীয় শৈক্ষিক অৰ্হতা৷ কিন্তু ইয়াৰ পাছতো আয়োগে যোগ্যতাহীন প্ৰাৰ্থীক লিখিত পৰীক্ষাত বহাৰ অনুমতি দিয়াৰ পাছত সংশ্লিষ্ট যোগ্যতাহীন প্ৰাৰ্থীক মৌখিক পৰীক্ষাৰ বাবেও বাছনি কৰিছিল৷ সেই অনুসৰি সোমবাৰে অৰ্থাৎ ১৫ নৱেম্বৰৰ পৰা ৪ নৱেম্বৰলৈ সাক্ষাৎকাৰৰ দিনো নিৰ্ধাৰণ কৰিছিল আয়োগে৷ কিন্তু যোগ্যতাহীন প্ৰাৰ্থীক অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ পদৰ সাক্ষাৎকাৰলৈ বাছনি কৰা ১৯জন প্ৰাৰ্থীয়ে আয়োগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ এই সন্দৰ্ভত ৰুজু হোৱা ডব্লিউ পি [চি] ৬০০৫/২১ নম্বৰৰ গোচৰটোৰ শুনানি গ্ৰহণ কৰি বিগত শুকুৰবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ অচিন্ত মল্ল বুজৰবৰুৱাই লোকসেৱা আয়োগক অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৬৬টা পদৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰিলেও চূড়ান্ত ফলাফল প্ৰকাশ কৰাত নিষেধাজ্ঞা আৰোপ কৰে৷ ন্যায়ালয়ে লগতে মৌখিক সাক্ষাৎকাৰৰ বাবে বাছনি লাভ কৰা প্ৰাৰ্থীসকলৰ শৈক্ষিক অৰ্হতা বিভাগীয়ভাৱে পুনৰ পৰীক্ষাৰ নিৰ্দেশ দিয়ে৷ ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছতেই সোমবাৰে সংবাদ মাধ্যমত বিজ্ঞাপন প্ৰকাশ কৰি লোকসেৱা আয়োগে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক আৰু গ্ৰন্থাগাৰিক পদৰ সাক্ষাৎকাৰ বাতিল কৰে৷ পৰৱৰ্তী সময়ত সাক্ষাৎকাৰৰ নতুন দিন ঘোষণা কৰিব বুলিও বিজ্ঞাপনটোত উল্লেখ কৰিছে৷ কিন্তু সোমবাৰৰ পৰা আৰম্ভ হ’বলগীয়া সাক্ষাৎকাৰ সোমবাৰৰ দিনটোতহে সংবাদ মাধ্যমত বিজ্ঞাপন প্ৰকাশ কৰি বাতিল কৰাত বহু প্ৰাৰ্থীয়ে সাক্ষাৎকাৰৰ বাবে আয়োগৰ কাৰ্যালয়ত উপস্থিত হৈ শেষ মুহূৰ্তত উভতি যাব লগা হয়৷