Logo
image

ঐতিহাসিক! বিবদমান সীমান্তত দুই মুখ্যমন্ত্ৰী

আমাৰ অসম,১৭ নৱেম্বৰঃ অসম-মেঘালয় সীমান্তৰ দীৰ্ঘদিনীয়া সীমা সমস্যাক লৈ মঙলবাৰে বিবদমান ভূমিত উপস্থিত হয় দুই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমা৷ মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী তথা দুই ৰাজ্যৰ কেইবাজনো কেবিনেট মন্ত্ৰী আৰু শীৰ্ষ বিষয়াক লৈ বিবদমান ভূমিত উপস্থিত হয় দুই মুখ্যমন্ত্ৰী৷ ইয়াৰ পাছত বিয়লিৰ ভাগত গুৱাহাটীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক৷ দুই ৰাজ্যৰ ১২টা বিবদমান স্থান সন্দৰ্ভত সমাধান সূত্ৰ উলিওৱাৰ উদ্দেশ্যে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক৷ বৈঠকৰ পাছত যুটীয়াভাৱে আয়োজন কৰা সংবাদ মেলত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়– দীৰ্ঘদিনীয়া সীমান্তৰ সমস্যা সন্দৰ্ভত সমাধান সূত্ৰ উলিওৱাৰ বাবে সংসদত আলোচনা হোৱাৰ দৰকাৰ৷ সংসদত আলোচনা অবিহনে সীমা ইফাল-সিফাল কৰিব নোৱাৰি৷ কিন্তু সীমা সন্দৰ্ভত বিবাদ আঁতৰ কৰিব পাৰে দুয়োখন ৰাজ্যই৷ অসম-মেঘালয়ৰ মাজৰ সকলো বিবাদ পোন নহয়৷ দুয়োখন ৰাজ্যৰ যোগাত্মক দৃষ্টিভংগীয়েহে সমাধানৰ পথ মুকলি কৰিব৷ লাম্পীলৈ অহা বাবে কনৰাড চাংমাক ধন্যবাদ৷ মেঘালয় গঠনৰ পূৰ্বে আমি একেলগে আছিলোঁ৷ আমি উত্তৰ-পূব হিচাপে সাত ভনী বুলি চিনাকি দি ভাল পাওঁ৷ তাৰ মাজতে সীমা সমস্যাৰ কথাটোৱে কেতিয়াবা আমাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যায়৷ মই মুখ্যমন্ত্ৰী হৈয়ে শ্বিলঙলৈ গৈ এই সমস্যা সমাধানৰ কথা ক’লো৷ আমি ১২টা স্থান নিৰ্ধাৰণ কৰিলোঁ য’ত বিবাদ আছিল৷ তাৰ পিছত ৬টাকৈ স্থানৰ বাবে অসম আৰু মেঘালয়ৰ মন্ত্ৰীক লৈ সমিতি গঠন কৰিলোঁ আৰু আজি আমি সুখী যে ৬টা স্থানৰ সমস্যা সমাধানৰ পথত৷ লাম্পীৰ সমস্যাটো সমাধানৰ বাবে আমাৰ আৰু অলপ সময় লাগিব৷ ইয়াত এই সমস্যা এবাৰ সমাধানৰ পিছত আৰু কোনো সমস্যা থাকিব নালাগিব, সেয়ে অলপ সময় লৈছোঁ৷ ৰাইজক আশ্বস্ত কৰিবলৈয়ে আমি ইয়ালৈ আহিছোঁ৷ আমি দুয়োফালৰ কথা শুনিব লাগিব৷ আমি এই অঞ্চলৰ ৰাইজক ভেকচিন দিব লাগে, মোবাইল টাৱাৰ লাগে, বিজুলী লাগে, আজি আমি কথা পাতিছোঁ যে, কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আৰু সুবিধা ইয়াত দিবলৈ ব্যৱস্থা ল’ব লাগে৷ মই মেঘালয়ৰ ৰাইজক ক’ব বিচাৰিছোঁ যে আমি উত্তৰ-পূবৰ মনোভাৱেৰে থাকিব খোজো৷ যোৱা ৬ মাহত আমি নিৰন্তৰে চেষ্টা কৰি আহিছো৷ প্ৰথম পৰ্যায়ত হাইলাকান্দি, কামৰূপ, কামৰূপ মেট্ৰ’ জিলাৰ খানাপাৰা, পিলিংকাটা, বাক্ৰাপাৰা, তাৰাবাৰী, হাহিম, ৰতনচেৰা অঞ্চলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হ’ব৷ ৩০ নৱেম্বৰৰ ভিতৰত ৩খন কমিটীয়ে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক প্ৰতিবেদন জমা দিব৷ ৩১ ডিচেম্বৰৰ পূৰ্বে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ফাইনেল ষ্টেটমেণ্ট দি সীমা নিৰ্ধাৰণ কৰিব৷ সংবাদমেলত ভাগ লৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় হিমন্ত বিশ্ব শৰ্মাক এই সীমা সমস্যা সমাধানৰ বাবে এই স্থানলৈ অহাৰ বাবে ধন্যবাদ৷ লাম্পীৰ লগতে অন্য ১২ স্থানত ৪৯ বছৰ ধৰি সীমা সমস্যা আছে৷ যাৰ বাবে অন্যান্য ক্ষতিৰ লগতে বহু জীৱন হেৰুৱাবলগীয়া হৈছে৷ সেয়ে মোৰ জ্যেষ্ঠ ভাতৃসদৃশ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰিলোঁ এই সমস্যা সমাধানৰ অৰ্থে৷ এই কাম নকৰিলে আমাৰ দায়িত্ব পালনত আমি ব্যৰ্থ হলোঁহেঁতেন৷ আমি এই অঞ্চলৰ ৰাইজক ক’ব বিচাৰিছোঁ যে অসম আৰু মেঘালয়, দুয়োখন চৰকাৰেই আপোনালোকৰ লগত আছোঁ৷ গুৱাহাটী বা শ্বিলঙত বহি সীমা সমস্যাৰ আলোচনা হৈছিল পূৰ্বে৷ কিন্তু ৫০ বছৰ হ’বৰ হ’ল৷ এই সময়ত এই স্থানৰ লোকসকলে বহু কষ্ট স্বীকাৰ কৰিব লগা হ’ল৷ সেয়ে আমি সিদ্ধান্ত ল’লো যে শ্বিলং বা গুৱাহাটীত বহি নহয়, আমি সীমান্তত গৈ এই সন্দৰ্ভত ৰাইজৰ মত ল’ব লাগিব৷ সেয়ে আজি আমি ইয়ালৈ আহি তথ্য সংগ্ৰহ কৰি আগুৱাব বিচাৰিছোঁ৷ আমি ৬টা স্থান পৰিদৰ্শন কৰিলোঁ য’ত প্ৰথম পৰ্যায়ত কাম আৰম্ভ কৰিম৷ লাম্পী এই প্ৰথম পৰ্যায়ত নাই যদিও আমি ইয়ালৈ আহিছোঁ অঞ্চলটোৰ ৰাইজৰ কথা শুনিবলৈ৷ আমাৰ চেষ্টা যাতে চৰকাৰৰ সকলো সুবিধা ৰাইজৰ মাজলৈ লৈ যাব পাৰো৷ ৰাইজলৈ আহ্বান– যি চৰকাৰেই নকৰক কিয়, উন্নয়ন হোৱাত যাতে কোনো লোকে বাধা নিদিয়ে৷ দুই ৰাজ্যৰ বিবদমান সমস্যাক লৈ মঙলবাৰে অনুষ্ঠিত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠকক দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঐতিহাসিক বুলি অভিহিত কৰে৷ ইয়াৰ পূৰ্বে দুই ৰাজ্যৰ কেইবাজনো কেবিনেট মন্ত্ৰী, শীৰ্ষ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীদ্বয় ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাই দীৰ্ঘদিনীয়া সমস্য সমাধানৰ উদ্দেশ্যে হেলিকপ্টাৰযোগে লাম্পীত উপস্থিত হয়৷ লাম্পীৰ সমস্যাক লৈ বিভিন্নজনৰ সৈতে মত বিনিময় কৰাৰ পিছত দুয়ো হেলিকপ্টাৰযোগে গুৱাহাটীলৈ উভতি আহি যুটীয়াভাৱে সংবাদ মেল আয়োজন কৰে৷ সংবাদ মেলত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, পীয়ূষ হাজৰিকাও উপস্থিত থাকে৷