Logo
image

অসমৰ পত্ৰলেখাৰে বিয়া ৰাজকুমাৰৰ

আমাৰ অসম, ১৭নৱেম্বৰঃ সুদীৰ্ঘ ১১ বছৰীয়া প্ৰেমক যুগমীয়া ৰূপ দি অগ্নিক সাক্ষী কৰি বিবাহপাশত আবদ্ধ হ’ল বলিউদৰ জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ ৰাও৷ অসম ভেলী স্কুলত হাইস্কুলীয়া অসমৰ পত্ৰলেখাৰে বিয়াশিক্ষা গ্ৰহণ কৰা অভিনেত্ৰী পত্ৰলেখাৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে অভিনেতা ৰাজকুমাৰে৷ সোমবাৰে চত্তীশগড়ৰ আটাইতকৈ বিলাসী ৰিজ’ৰ্ট অবেৰয় সুখবিলাস স্পা ৰিজ’ৰ্টত পত্ৰলেখা পাল আৰু অভিনেতা ৰাজকুমাৰ ৰাওৰ বিবাহ কাৰ্য সম্পন্ন হয়৷ বলিউদৰ ‘চিটী লাইট্‌ছ’ছবিখনৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলা সুন্দৰী অভিনেত্ৰী পত্ৰলেখা পালৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সৈতে আছে আত্মিক সম্পৰ্ক৷ ১৯৯০ চনৰ ২০ ফেব্ৰুৱাৰীত মেঘালয়ৰ শ্বিলঙত জন্মলাভ কৰিছিল পত্ৰলেখাই৷ পত্ৰলেখাৰ প্ৰকৃত নাম হৈছে অন্বিতা পাল৷ পত্ৰলেখাৰ পিতৃ এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু মাতৃ এগৰাকী গৃহিনী৷ পত্ৰলেখাৰ ভগ্নী মিশ্ৰা পাল আৰু ভ্ৰাতৃৰ নাম অগ্নিশ পাল৷ শ্বিলঙত জন্ম হোৱা পত্ৰলেখাই স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল অসমৰ শোণিতপুৰ জিলাৰ বালিপৰাস্থিত অসম ভেলী স্কুলত৷ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছতেই পত্ৰলেখাই বেংগালুৰুৰ বিশপ কটন স্কুলত অধ্যয়ন কৰি স্নাতক ডিগ্ৰী গ্ৰহণ কৰে৷ এইচ আৰ কলেজ অৱ কমাৰ্চ এণ্ড ইক’নমিক্‌ছত অধ্যয়নৰ সময়তে পত্ৰলেখাই ‘ব্লেকবেৰী’ আৰু ‘টাটা ড’কোমো’ৰ বিজ্ঞাপনতো অভিনয় কৰিছিল৷ দেউতাকে এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাটো বিচাৰিছিল যদিও পত্ৰলেখাই অভিনয়কে পেছা হিচাপে গ্ৰহণ কৰে৷ অৱশ্যে বলিউদত বিশেষ সফলতা লাভ কৰা নাই যদিও পত্ৰলেখাই ‘চিটী লাইট্‌ছ’ৰ পাছত ‘লাভ গেম্‌ছ’ আৰু ‘নানু কি জানু’ শীৰ্ষক ছবিতো অভিনয় কৰিছে৷ ২০১৪ চনত হংসল মেহতাৰ ‘চিটী লাইট্‌ছ’ৰ অভিনয় কৰাৰ সময়তে পত্ৰলেখাৰ বিপৰীতে নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল ৰাজকুমাৰে৷ ফিল্ম এণ্ড টেলিভিশ্বন ইনষ্টিটিউট অৱ ইণ্ডিয়াত অভিনয় শিক্ষা গ্ৰহণৰ সময়তে ৰাজকুমাৰৰে পৰিচয় হৈছিল পত্ৰলেখাৰ৷ বিবাহৰ পাছতেই পত্ৰলেখাই ইনষ্টাগ্ৰামত লিখিছে– ‘মোৰ বাবে যি সকলো তেওঁকেই মই আজি বিয়া কৰাইছোঁ৷ যি মোৰ প্ৰেমিক, মোৰ অপৰাধৰ সংগী, মোৰ পৰিয়াল, আৰু মোৰ আত্মা৷ যোৱা ১১টা বছৰৰ মোৰ আটাইতকৈ ভাল বন্ধু৷ মোৰ বাবে এই পৃথিৱীত ৰাজকুমাৰৰ পত্নী হ’বলৈ পোৱাতকৈ ডাঙৰ একো সুখ নাই, খুব কম লোকেই জানে যে পত্ৰলেখাই ভাৰত নাট্যমত প্ৰশিক্ষণ লৈছে৷ তেওঁ বহু বছৰ ধৰি এই নৃত্য শিকিছে৷ পত্ৰলেখাই কুকুৰ বহুত ভাল পায়৷ তেওঁৰ শ্বিলঙত থকা ঘৰত জ্জ্বটা পোহনীয়া কুকুৰ আছে৷ পত্ৰলেখাৰ যথেষ্ট প্ৰতিভা আছে৷ অভিনয় আৰু নৃত্যৰ উপৰিও, তেওঁ ক্ৰীড়াৰ প্ৰতিও আগ্ৰহী৷ সাঁতোৰ, অশ্ৰচালনা, বাস্কেটবল তেওঁ সকলোতে পাৰ্গত৷ পত্ৰলেখাই অসম ভেলী পাব্লিক স্কুলত বিভিন্ন ধৰণৰ খেল খেলিছে৷