Logo
image

নীৰৱ শ্ৰোতাৰ সন্মুখত সংবাদমাধ্যমক এজাউৰি মন্ত্ৰীৰ

আমাৰ অসম, ১৭নৱেম্বৰঃ ৰাজ্য চৰকাৰৰ উদ্যোগত মঙলবাৰে আয়োজিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত উপস্থিত থাকি একাংশ সংবাদ মাধ্যমৰ কাম-কাজ আৰু ভূমিকাক ক্ষুৰধাৰ সমালোচনা কৰি এজাউৰি দিয়ে তথ্য আৰু জনসংযোগ মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ গুৱাহাটীৰ পি ডব্লিউ ডি কনভেন্‌ছন চেণ্টাৰত ৰাজ্যৰ বহু জ্যেষ্ঠ সাংবাদিক-সম্পাদকৰ উপস্থিতিত মন্ত্ৰী হাজৰিকাই নিজৰ ভাষণত ৰাজ্যৰ একাংশ সংবাদ মাধ্যমৰ ভূমিকাক লৈ সমালোচনাত মুখৰ হৈ পৰে৷ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী হাজৰিকাই কয়– ‘ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থা বিশ্ব বন্দীত৷ ভাৰতৰ সৈতে একে সময়তে স্বাধীনতা লাভ কৰা প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানত গণতন্ত্ৰৰ নামত ভেঁকোভাওনা চলি থকাৰ বিপৰীতে ভাৰতীয় গণতন্ত্ৰ অতি মহান আৰু এক সুকীয়া মাত্ৰা আছে৷ ভাৰতীয় গণতন্ত্ৰত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে জনাজাত সংবাদ মাধ্যমৰ ভূমিকা সমাজ ব্যৱস্থাক সুশৃংখলিত কৰাৰ বাবেও সমানে প্ৰয়োজনীয়৷ সাংবাদিকতাৰ ক্ষেত্ৰত স্বাধীনতা, নিৰপেক্ষতা আৰু সামাজিক দায়বদ্ধতা অতি প্ৰয়োজনীয়৷ সংবাদ মাধ্যমে বাতৰি প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সন্তুলন মানি চলাটো প্ৰয়োজনীয়৷ ভাল বেয়া দুয়োটা দিশ সমানে প্ৰচাৰ কৰিলেহে সাংবাদিকতাৰ প্ৰকৃত উদ্দেশ্য সফল হ’ব৷ এই ক্ষেত্ৰত উদ্দেশ্যপ্ৰণোদিত ভাৱে সংবাদসেৱা কৰিলে সাংবাদিকতাৰ মান নিম্ন হয়৷ একাংশ নিউজ প’ৰ্টেলে বাতৰি পৰিবেশন কৰাৰ ক্ষেত্ৰত কিছু নিয়ন্ত্ৰিত হোৱাৰ প্ৰয়োজন৷ এই ক্ষেত্ৰত জ্যেষ্ঠ সাংবাদিক সকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি নতুন সংবাদকৰ্মীসকলক উপযুক্ত মাগদৰ্শন দিব লাগিব৷ ৰমন মেগছেছে বঁটা প্ৰাপক এজন সাংবাদিকে বিগত জ্জ বছৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিটো কামৰে প্ৰতিদিনে বিৰোধিতা কৰিছে৷  প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জ্জ বছৰত এটাও ভাল কাম কৰা তেওঁ দেখা নাই৷ তেনে ক্ষেত্ৰত তেওঁৰ মতাদৰ্শ প্ৰকাশ পাইছে নেকি বুলি মানুহে প্ৰশ্ন কৰিব৷ সেয়ে সংবাদ মাধ্যম নিৰপেক্ষ হোৱা উচিত৷ পৰ্টেল সমূহেও সংবাদ মাধ্যমৰ প্ৰতি ভাবুকি হৈ পৰিছে৷ স্বামী-স্ত্ৰীয়ে একোটা ম’বাইল লৈ পৰ্টেল খুলি মানুহক ভয় ভাবুকি দিবলৈ লৈছে৷ তেনে ক্ষেত্ৰত সংবাদ মাধ্যমৰ দায়বদ্ধতা কত থাকিলঞ্জ সংবাদ মাধ্যমক মালিক পক্ষই বেছিকৈ নিয়ন্ত্ৰণ কৰিছে নেকিঞ্জ সংবাদ মাধ্যমক কৰবাত নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ কৰবাত নহয় কৰবাত গণতন্ত্ৰই আমাক পিছুৱাইছেও৷ ইয়াৰ পূৰ্বে এইবাৰৰ প্ৰেছ দিৱসৰ বিষয়– ‘সংবাদ মাধ্যমক ভয় নকৰে কোনেঞ্জ’ শীৰ্ষক মূল বক্তাৰ ভাষণত তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ অধ্যাপক ড॰ চন্দন কুমাৰ শৰ্মাই কয়– ‘সাম্প্ৰতিক সময়ত সংবাদ মাধ্যম বিভিন্ন প্ৰযুক্তিৰে আগবাঢ়িছে৷ যাৰ ফলত সংবাদ মাধ্যম বিভিন্ন প্ৰত্যাহ৩ানৰ সন্মুখীন হৈছে৷ পৰিবৰ্তনৰ ধামখুমীয়াত সংবাদ মাধ্যমত প্ৰভাৱ পৰিছে৷ সাংবাদিক সকল হ’ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ৷ তেওঁলোকে অতন্দ্ৰ প্ৰহৰীৰ ভূমিকা গ্ৰহণ কৰিব লাগে৷ সমাজৰ লোক সকল যি সকলে ক্ষমতাৰ দৌৰত আছে তেওঁলোকে সেই দায়িত্ব পালন কৰিছে নে নাই সেই ক্ষেত্ৰত দৃষ্টি দিয়াৰ দায়িত্ব আছে সাংবাদিক সকলৰ৷ সেয়ে জনপ্ৰতিনিধিসকলে উত্তৰ দায়িত্ব পালন কৰিবলৈ বাধ্য হয়৷ সাংবাদিক সকল সমাজ সেৱক৷ ক্ষেত্ৰীয় বাতৰি কাকতৰ ভূমিকা অনন্য৷ এটা সময়ত বাতৰি কাকত সমূহে বিভিন্ন কলা আইনৰ সন্মুখীন হৈছিল৷ প্ৰযুক্তিগত আৰু অৰ্থনৈতিক পৰিবৰ্তনৰ ফলত এতিয়া সেই ধাৰা অক্ষুণ্ণ হৈ থকা নাই৷ মূলসুঁতিৰ মিডিয়া খুলিবলৈ যথেষ্ট ধনৰ প্ৰয়োজন হয়৷ সৰু সৰু সংবাদ মাধ্যম বেছিদিন টিকি থাকিব নোৱাৰে৷ সংবাদ মাধ্যমৰ প্ৰতি ভয় সকলোৰে আছে৷ ভাৰত বৰ্ষত সংবাদ মাধ্যমক শ্ৰদ্ধা কৰি আহিছে৷ সংবাদ মাধ্যমে বিশ্বাসযোগ্যতা অক্ষুণ্ণ ৰখা উচিত অন্যথা জনগণে তেওঁলোকক সন্মান নকৰিব৷ তদুপৰি সংবাদ মাধ্যমৰ বিকল্প মাধ্যম হিচাপে সামাজিক মাধ্যম আহিছিল৷ সামাজিক মাধ্যমতো বিভিন্ন উৰা বাতৰি প্ৰকাশ পোৱা হ’ল৷ তেনে ক্ষেত্ৰত সামাজিক মাধ্যমকো লেকাম লগাব লগীয়া হ’ব পাৰে৷ নতুন প্ৰজন্মই বাতৰি কাকত নপঢ়াৰ ফলত বহু কথাই নাজানে৷ তেওঁলোকৰ বাতৰি পঢ়াৰ প্ৰতি আগ্ৰহ নোহোৱা হৈছে৷ তেওঁলোকৰ মাজত কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ নোহোৱা হৈছে৷ তেনে ক্ষেত্ৰত এলগ’ৰিডিমৰ প্ৰভাৱ পৰিছে বুলি কব পাৰি৷ তদুপৰি সমজৰো এই ক্ষেত্ৰত ভুল নথকা নহয়৷ আমি গণ মাধ্যমৰ ভূমিকা নুই কৰিব নোৱাৰোঁ৷ ভাৰতৰ বাহিৰৰ বহু দেশ মিডিয়া নোহোৱাকৈ চলি আছে৷ ব্ৰিটেইনৰ দৰে দেশত ‘নেশ্বনেল ৰেডিঅ’ বিশ্বাসযোগ্য মাধ্যম৷ সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা থকা দৰকাৰ, বাতৰি পৰিবেশন নিৰপেক্ষ হ’ব লাগে৷ ভাৰতৰ সংবাদ মাধ্যমে বিশ্বাসযোগ্যতা হেৰুৱালে কোনে বিশ্বাস কৰিব৷ এই কথা চৰকাৰ জনগণে চিন্তা কৰা দৰকাৰ৷ সংবাদ মাধ্যমক আমি উটি ভাঁহি যাব দিব নোৱাৰোঁ৷ আমি বিকল্পৰ সন্ধান কৰিব লাগিব, এই ধৰণৰ প্ৰশ্ন আমি কৰিব লাগিব৷ আমাৰ অস্তিত্বৰ সংকট বাঢ়ি যাব পাৰে৷ প্ৰাণচঞ্চল শক্তিশালী মিডিয়া, সংবাদ মাধ্যম গঢ়াৰ বাবে আমি আত্মবিশ্লেষণ কৰিব লাগে৷ সংবাদ মাধ্যমে বিশ্বাস যোগ্যতা আৰু প্ৰাসংগিকতা ৰক্ষা কৰিব লাগে৷’ ৰাজ্যিক ভিত্তিত আয়োজিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসতে মন্ত্ৰী পীয়ূষ হাজিৰকাই অসমৰ বিভিন্ন প্ৰান্তৰ ১২জন জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা প্ৰদান কৰে৷ তেওঁলোক আছিল ক্ৰমে পদ্ম পাটৰ, বৈকুণ্ঠ নাথ গোস্বামী, অনিমেষ মজুমদাৰ, ৰমেশ মুণ্ড্ৰা, প্ৰদীপ ঘোষ, সুনিল মোৰে, কুস্মাখাৰ উপাধ্যায়, কনক হাজৰিকা, দিপক কুমাৰ শৰ্মা, জিতেন বৰকটকী, ডালিম ফুকন আৰু অজিত শৰ্মা৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়ায়৷ তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ সচিব নীৰা গগৈ সোণোৱাল, তথ্য আৰু জনসংযোগৰ সঞ্চালক বিষ্ণু কমল বৰাৰ উপৰি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুষ্ঠানত ৰাজ্যৰ  বহু জ্যেষ্ঠ সাংবাদিক ক্ৰমে প্ৰণয় বৰদলৈ, ৰবিশংকৰ ৰবি, নৰেশ কলিতা, জীতেন্দ্ৰ কুমাৰ চৌধুৰী, প্ৰবীণ কলিত, কেশৱ কলিতা  আদি উপস্থিত থাকে৷