Logo
image

নৱেম্বৰত স্পুটনিক ভাৰতত, ৫১% ভেক্‌চিনৰ অগ্ৰিম বুকিং

আমাৰ অসম, ১৯ ছেপ্টেম্বৰঃ উদ্ভাৱন হ’লেও উৎপাদন নৌহওঁতেই কৰ’না ভাইৰাছৰ ভেকচিনৰ ৫১ শতাংশ বৃহৎ অৰ্থৰ বিনিময়ত অগ্ৰিম বুকিং কৰি পেলাইছে বিশ্বৰ ধনাঢ্য দেশসমূহে৷ ‘অ’ফেম’ নামৰ প্ৰসিদ্ধ স্বাস্থ্য বিষয়ক আৰু সমীক্ষাকাৰী প্ৰতিষ্ঠানটোৰ এই খবৰত চাঞ্চল্যৰ সৃষ্টি হোৱাই নহয়, ভাৰতৰ দৰে উন্নয়নশীল দেশ আৰু এছিয়া তথা আফ্ৰিকাৰ দৰিদ্ৰ দেশসমূহৰ বাসিন্দাৰ মাজত আশংকা ঘনীভূত হৈছে৷ এই পৰ্যন্ত কৰ’নাৰ প্ৰতিষেধকৰ উদ্ভাৱনৰ বিষয়ে কোনো কোম্পানীয়েই আনুষ্ঠানিক ঘোষণা কৰিব পৰা নাই৷ ঘাইকৈ প্ৰতিষেধকৰ পৰীক্ষা সম্পূৰ্ণ নোহোৱাৰ বাবেই কোনো কোম্পানী, প্ৰতিষ্ঠানে নিশ্চিত ঘোষণা কৰিব পৰা নাই সাম্প্ৰতিক বিশ্বৰ পৰম আকাংক্ষিত এই প্ৰতিষেধকৰ বিষয়ে৷ পৰীক্ষা সম্পূৰ্ণ নকৰাকৈ কেৱল ৰাছিয়াইহে প্ৰতিষেধক উদ্ভাৱন কৰা বুলি ঘোষণা কৰিছে৷ দীঘলীয়া পৰীক্ষাৰ পদ্ধতি সম্পূৰ্ণ নোহোৱালৈকে যিকোনো প্ৰতিষেধকৰ বিষয়ে আনুষ্ঠানিক ঘোষণা কৰিব নোৱাৰি দেশ আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত থকা বাধ্যবাধকতাৰ বাবে৷ কিয়নো কমেও তিনিবাৰকৈ সীমিত, বহল পৰিসৰত কৰা হ্ৰস্ব, দীৰ্ঘ সময়ৰ পৰীক্ষাৰ শেষ পৰ্যায়ত ত্ৰুটি থাকিলেও উদ্ভাৱন কৰা প্ৰতিষেধক এবিধ ব্যৰ্থ ঘোষিত হ’ব পাৰে৷ সেয়ে ৰাছিয়াৰ বাহিৰে কোনো দেশে, কোনো প্ৰতিষ্ঠানে, কোনো কোম্পানীয়ে আজিলৈকে কৰ’নাৰ প্ৰতিষেধক উদ্ভাৱন কৰা বুলি ঘোষণা কৰা নাই৷ সমগ্ৰ বিশ্বৰ মানৱকুল এনে এক দোদুল্যমান স্থিতিত থকাৰ সময়তে উৎপাদিত হ’বলগীয়া কৰ’নাৰ প্ৰতিষেধকৰ ৫১ শতাংশ পালি বিশ্বৰ উন্নত দেশসমূহে কিনাৰ বাবে অগ্ৰিম ধন দি চুক্তি কৰি থোৱাৰ খবৰে বিশ্বৰ অধিকাংশ বাসিন্দাকে নিৰাশাত ভুগিবলৈ বাধ্য কৰিছে৷ অ’ফেমে জনোৱা অনুসৰি যিকেইটা প্ৰতিষেধক উৎপাদনকাৰী প্ৰতিষ্ঠানৰ কৰ’নাৰ প্ৰতিষেধকৰ ক্লিনিকেল ট্ৰায়েল অন্তিম পৰ্যায়ত উপনীত হৈছে, তেওঁলোকৰ পৰাই বিশ্বৰ ধনী দেশসমূহে উৎপাদন হ’লেই প্ৰতিষেধক নিব পৰাকৈ ৫১ শতাংশ পালি অগ্ৰিম বুকিং কৰি পেলাইছে৷ উল্লেখ্য, মুঠতে ৫টা সংস্থা অৰ্থাৎ এষ্ট্ৰাজেনেকা, গেমেলিয়া, মডেৰ্না, ফাইজাৰ আৰু ছিনোভেকৰ প্ৰতিষেধকৰ ক্লিনিকেল ট্ৰায়েল অন্তিম পৰ্যায়ত আছে৷ এই ৫টা সংস্থাই মুঠতে ৫৯০ কোটি পালি কৰ’নাৰ প্ৰতিষেধক উৎপাদন কৰিবলৈ সক্ষম৷ এই পৰ্যন্ত তেওঁলোকে ৫৩০ কোটি পালিৰ উৎপাদন নিশ্চিত কৰিছে৷ তাৰ ২৭০ কোটি পালি প্ৰতিষেধকেই ইতিমধ্যে কিনি লৈছে আমেৰিকা, ব্ৰিটেইন, ইউৰোপিয়ান ইউনিয়ন, অষ্ট্ৰেলিয়া, হংক, মাকাও, জাপান, ছুইজাৰলেণ্ড আৰু ইজৰাইলে৷ তাৎপৰ্যপূৰ্ণ এয়াই যে, এই দেশকেইখনৰ জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ ১৩ শতাংশহে৷ অৰ্থাৎ ধনী দেশে কিনি পেলোৱাৰ পাছত বিশ্বৰ বাকী ৮৭ শতাংশ বাসিন্দাৰ বাবে থাকিব ২৬০ কোটি পালি প্ৰতিষেধক৷ সেয়া পৃথিৱীৰ ৮৭ শতাংশ লোকৰ বাবে এপাচি শাকত এটা জালুকৰ দৰে হ’ব৷ ইপিনে ৰাছিয়াৰ স্পুটনিক-৫ নামৰ এতিয়াও বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন লাভ নকৰা প্ৰতিষেধকবিধ ভাৰতত অহা নৱেম্বৰৰ পৰা পোৱা যাব৷ ভাৰতৰ ডাঃ ৰেড্ডীজ লেবৰেটৰীজৰ সৈতে এই সংক্ৰান্তত ৰাছিয়াৰ এটা স্বাধীন প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তি সম্পন্ন হৈছে৷ ইপিনে ৰাছিয়াত এই প্ৰতিষেধক বিধৰ পৰীক্ষাত সম্প্ৰতি প্ৰতি ৭জনৰ মাজৰ এজনকৈ অসুস্থ হৈ পৰিছে৷ ‘মস্কো টাইমছ’ সংবাদপত্ৰই দেশৰ স্বাস্থ্যমন্ত্ৰী মিখাইল মুৰাছকোৰ উদ্ধৃতি দি শুকুৰবাৰে এই বাতৰি প্ৰচাৰ কৰিছে৷ স্বাস্থ্যমন্ত্ৰীয়ে জনোৱা মতে পাশ্বৰ্প্ৰতিক্ৰিয়া বা অসুস্থ হৈ পৰাৰ সংখ্যা ১৪ শতাংশ৷ এই পৰ্যন্ত প্ৰতিষেধক প্ৰয়োগ কৰা স্বেচ্ছাসেৱকসকলৰ একাংশই হাইপাৰথাৰ্মিয়া, মূৰৰ প্ৰচণ্ড বিষ, এস্থেনিয়া, মাংসপেশীৰ বিষ, গাঁঠিৰ বিষত ভুগিছে৷