Logo
image

পৰেশ বৰুৱাৰ যুদ্ধবিৰতিক মুখ্যমন্ত্ৰীৰ আদৰণি, কিন্তু...

আমাৰ অসম, ১৮নৱেম্বৰঃ দেশৰ সংবিধানৰ সীমাবদ্ধতা আৰু আলফাৰ দাবী এই দুয়োটাৰ মাজত ক’ৰবাত নহয় ক’ৰবাত সামঞ্জস্যতা থাকিব লাগিব৷– এই ভাষ্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ বুধবাৰে তেওঁ সংবাদ মাধ্যমৰ আগত কয়– এটা বিশেষ কাৰণত আৰু বিশেষ উদ্দেশ্য লৈ আলফাৰ জন্ম হৈছিল৷ কিন্তু এতিয়া অসমৰ পৰিস্থিতি সলনি হ’ল৷ ১৯৮৪-৮৫ চনত আমাৰ সন্মুখত যিধৰণৰ সমস্যা আছিল আজি সেই সমস্যাবোৰৰ পটভূমি সলনি হৈ গ’ল৷ তেতিয়াৰ অসমখন আজিৰ অসমখন, জনগাঁথনি, সকলো সলনি হৈছে৷ আলফাই তৃতীয়বাৰৰ বাবে যুদ্ধবিৰতি বৃদ্ধি কৰিছে৷ আগৰ কেইবাৰ ক’ভিড পৰিস্থিতিত যুদ্ধবিৰতি বৃদ্ধি কৰিছিল৷ এইবাৰ সাধাৰণভাৱে আৰু তিনিমাহ যুদ্ধবিৰতি ঘোষণা কৰিছে৷ মই স্বাভাৱিকভাৱে আলফাৰ সিদ্ধান্তক আদৰণি জনাইছোঁ৷ লাহে লাহে এনেধৰণৰ আত্মবিশ্বাস বৰ্ধনে আলফা আৰু ভাৰত চৰকাৰৰ মাজত আলোচনাৰ পথ প্ৰশস্ত কৰিব৷ এয়া নি(য়কৈ যোগাত্মক কথা৷ কিন্তু আলফাৰ এটা বিশেষ ইচ্ছু্য বা দাবী আছে৷ বিষয়বস্তুটোৰ ওপৰত বা মূল যিবোৰ ইছ্যু আছে তাৰ ওপৰত আলোচনা হৈ মনৰ মিল নোহোৱালৈকে এই ধৰণৰ সাময়িক সকাহক স্থায়ী বুলি কল্পনা কৰিব নোৱাৰোঁ৷ কিন্তু বিষয়টো যোগাত্মকভাৱে আগবাঢ়ি যোৱা বুলি ক’ব পাৰোঁ৷ গতিকে ক’ৰবাত নহয় ক’ৰবাত ‘ক’ৰ ইছ্যু’ৰ ওপৰত আলাপ-আলোচনা হ’ব লাগিব৷ আলফাৰে আলোচনাৰ প্ৰচেষ্টা থাকিব৷ কিন্তু ই এটা দীঘলীয়া প্ৰক্ৰিয়া৷ যোৱা ছটা মাহে যিটো হৈ আছে তাক যোগাত্মক বুলি ক’ব পাৰি৷ উত্তৰ-পূবৰ সকলো উগ্ৰপন্থী সংগঠনক আলোচনালৈ আহ্বান জনাই মুখ্যমন্ত্ৰী শৰ্মাই কেন্দ্ৰৰ সহযোগত আলফাৰ দাবীক লৈ আলোচনাৰ পোষকতা কৰে৷ উল্লেখ্য, দিনদিয়েক পূৰ্বে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই আৰু তিনি মাহৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰিছিল৷