Logo
image

বিউটী পাৰ্লাৰত কেঁচু খান্দোতে ওলাইছে সাপ

আমাৰ অসম, ১৮ নৱেম্বৰঃ বিউটী পাৰ্লাৰত কেচু খান্দোতে ওলাইছে সাপ৷ গুৱাহাটীত বিউটী পাৰ্লাৰ আৰু স্পা চেলুনৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে গুৱাহাটী পৌৰ নিগমে৷ গুৱাহাটী পৌৰ নিগমে আজিৰে পৰা মহানগৰীৰ স্পা চেলুনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে৷ গুৱাহাটী পৌৰ নিগমে আজি মহানগৰীৰ গণেশগুৰি, জি এছ ৰোডৰ  ডনা প্লাণ্ট, নেপালী চ’ক, আৰু লাখটকীয়াত অভিযান চলাই ৭খন স্পা চেলুনৰ ট্ৰেড লাইচেন্স নাই বুলি ধৰা পেলায়৷ ট্ৰেড লাইচেন্স নথকা স্পা চেলুন সমূহৰ এক হাজাৰ টকাকৈ জৰিমনা বিহিছে পৌৰ নিগমে৷ তিনি দিনৰ ভিতৰত ট্ৰেড লাইচেন্স সংগ্ৰহ কৰিবলৈ পৌৰ নিগমে সংশ্লিষ্ট স্পা চেলুনক নিৰ্দেশ জাৰি কৰিছে৷ অন্যথা স্পা চেলুন সমূহ ছীল কৰি দিয়া হ’ব বুলি গুৱাহাটী পৌৰ নিগমে স্পষ্ট কৰি দিছে৷ আনহাতে গুৱাহাটী পৌৰ নিগমে জি এছ ৰোডৰ ডনা প্লাণ্টত অভিযান চলাই ৪ খন স্পা চেলুন বন্ধ কৰি দিছে৷ উল্লেখ্য যে গুৱাহাটীৰ স্পা চেলুন আৰু বিউটি পাৰ্লাৰত অনৈতিক কাৰ্য চলে বুলি গুৱাহাটী পৌৰ নিগমে অভিযোগ লাভ কৰিছিল৷ এই অভিযোগৰ পিছতেই গুৱাহাটী পৌৰ নিগমে স্পা চেলুনত বিপৰীত লিংকৰ মাছাজ-থেৰাপী নিষিদ্ধ কৰিছিল৷ আজিৰে পৰা গুৱাহাটী পৌৰ নিগমে স্পা চেলুনৰ বিৰুদ্ধে ক্ষেত্ৰ ভিত্তিক অনুসন্ধান আৰম্ভ কৰিছে৷ ইপিনে, গুৱাহাটী পৌৰ নিগমৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে বিউটি পাৰ্লাৰৰ মালিক-কৰ্মচাৰী সকলে৷ পাৰ্লাৰৰ মালিক-কৰ্মচাৰীৰ প্ৰতিবাদত কপি উঠিল লতাশিল খেলপথাৰ৷ মালিক-কৰ্মচাৰীয়ে কান্দি কান্দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ পাৰ্লাৰত কাম কৰি কৰ্মচাৰী সকলে নিজৰ পৰিয়ালক পোহপাল দি আছে বুলি প্ৰতিবাদী সকলে উল্লেখ কৰে৷ অনৈতিক কাৰ্যৰ অভিযোগ আহিল বুলিয়েই পাৰ্লাৰৰ উদ্যোগটো বন্ধ কৰি দিব নেকি বুলি প্ৰতিবাদকাৰী সকলে প্ৰশ্ন উত্থাপন কৰে৷ অনৈতিক কাৰ্যকলাপ চলা পাৰ্লাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’বলৈ প্ৰতিবাদকাৰী সকলে আহ্বান জনাইছে৷ পাৰ্লাৰৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল কৰাৰ লগতে পূৰ্বৰ নিৰ্দেশ শিথিল কৰিবলৈ প্ৰতিবাদী সকলে দাবী জনাইছে৷ উল্লেখ্য যে গুৱাহাটীৰ পৌৰ নিগমৰ জ্যেষ্ঠ চিকিৎসক ডাঃ কুমাৰ পাৰ্থ প্ৰতীমৰ নেতৃত্বত বিউটী পাৰ্লাৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই আছে৷ ইপিনে, পৌৰ নিগমে বিউটী পাৰ্লাৰ সমূহত অভিযান চলাই কেতবোৰ বিসংগতি ধৰা পেলাইছে৷ বিউটী পাৰ্লাৰৰ ভিতৰত কেবিন সমূহ আতৰ কৰিবলৈ জি এম চিয়ে পাৰ্লাৰৰ স্বত্বাধিকাৰীসমূহক নিৰ্দেশ জাৰি কৰিছে৷