বিশেষ মেট্ৰিকৰ ফলাফল ঘোষণা, নামভৰ্তিত সমস্যা নহয়
আমাৰ অসম, ১৮ নৱেম্বৰঃ অসম মাধ্যমিক শিক্ষা সংসদে অনুষ্ঠিত কৰা বিশেষ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা চূড়ান্ত পৰীক্ষাৰ ফলাফল বুধবাৰে ঘোষণা কৰা হয়৷ বিশেষ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় ১৩,৪২১গৰাকী শিক্ষাৰ্থী৷ ২২,৮৩৬গৰাকী ছাত্ৰ-ছাত্ৰী উক্ত বিশেষ পৰীক্ষাৰ বাবে আবেদন কৰিছিল৷ তাৰ ভিতৰত ১৮,৮৭৮গৰাকী শিক্ষাৰ্থী উক্ত পৰীক্ষাত অৱতীৰ্ণ হয়৷ উত্তীৰ্ণৰ হাৰ ৭০.৬৮ শতাংশ৷ বিশেষ পৰীক্ষাত ২৫গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম ষ্টাৰমাৰ্ক লাভ কৰে৷ ৩২৪গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত, ৪০০৬গৰাকী শিক্ষাৰ্থী দ্বিতীয় বিভাগত আৰু ৮৮০০গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷ আনহাতে, বিশেষ মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৪৯০গৰাকী শিক্ষাৰ্থী৷ ইয়াৰ ভিতৰত ৩৪৯গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হয়৷ বিশেষ হাইমাদ্ৰাছা চূড়ান্ত পৰীক্ষাত এজনে লাভ কৰে ষ্টাৰ মাৰ্ক৷ প্ৰথম বিভাগত ১৩জন আৰু দ্বিতীয় বিভাগত ১০০জন, তৃতীয় বিভাগত ২২৮জন শিক্ষাৰ্থী উত্তীৰ্ণ হয়৷ বিশেষ হাইমাদ্ৰাছা চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৭০.৮০ শতাংশ৷ ইফালে, বিশেষ মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছত নামভৰ্তি প্ৰসংগত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়– একাদশ শ্ৰেণীত নামভৰ্তিক লৈ কোনো সমস্যা নহয়৷ পোৰ্টেলৰ জৰিয়তে নামভৰ্টিৰ বাবে সকলো শিক্ষাৰ্থীয়ে সুবিধা পাব৷ শিক্ষানুষ্ঠানসমূহত পৰ্যাপ্ত আসন আছে৷ ছাত্ৰ-ছাত্ৰীসকল চহৰমুখী হোৱা বাবেহে কিছু সমস্যা হয়৷ অন্যথা নামভৰ্তিৰ বাবে সমস্যা হোৱাৰ কোনো অৱকাশ নাই৷ উল্লেখ্য, ক’ভিডসৃষ্ট পৰিস্থিতিত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা বাতিল কৰি বিকল্প মূল্যায়ণ ব্যৱহাৰৰ জৰিয়তে ফলাফল ঘোষণা কৰিছিল ছেবাই৷ উক্ত ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল বিশেষ মেট্ৰিক পৰীক্ষাত৷