Logo
image

আজি ৫০ত ভৰি দিব জুবিন গাৰ্গে

আমাৰ অসম, ১৮নৱেম্বৰঃ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ কাইলৈ ওপজা দিন৷ ৫০ বছৰত ভৰি দিব জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে৷ বুধবাৰে গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা চিকিৎসালয়ত জুবিন গাৰ্গে কেক কাটি ওপজা দিন পালন কৰে৷ জন্মদিন উপলক্ষে জুবিন গাৰ্গে ৰোগী সকলৰ মাজত ফলমূল বিতৰণ কৰে৷ লগতে প্ৰমোদ চন্দ্ৰ মেমোৰিয়েল বৃদ্ধাবাসৰ আইতা সকলৰ মাজত উপহাৰ বিতৰণ কৰে৷  জুবিন গাৰ্গৰ সহযোগত আয়ুৰসুন্দ্ৰা ছুপাৰস্পিচিয়েলিটী হাস্পতালৰ প্ৰচেষ্টাত বৃদ্ধাবাসৰ আইতা সকলক বুধবাৰে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰা হয়৷ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে নিজৰ ওপজা দিন আৰু নতুন বছৰৰ পৰিকল্পনা সন্দৰ্ভত সংবাদ মাধ্যমক কয় ‘অসমবাসীৰ বাবে  নতুন বছৰত তিনিখনকৈ নতুন ছবি মুকলি হ’ব৷ ‘যোদ্ধা’, ‘ৰাজনীতি’ আৰু ‘ড॰ বেজবৰুৱা’৷ লগতে বলিউদৰ তিনিটা গান নিৰ্মাণত ব্যস্ত হৈ আছোঁ৷ আনহাতে সাংবাদিকে সীমান্ত শেখ¸ৰে চলচ্ছিত্ৰ নাচাও বুলি সোধা প্ৰশ্নৰ উত্তৰত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে কয় ‘ চলচ্ছিত্ৰ বিত্তীয় নিগমৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ লৈছে সীমান্ত শেখৰে৷ সীমান্ত শেখৰ সৰু লৰা৷ পঢ়া শুনা আছে৷ দায়িত্বভাৰ সুকলমে পালন কৰিব৷ কিন্তু ৰাইজে চলচ্ছিত্ৰৰ বিষয়ে জনা এজনক অধ্যক্ষ হিচাপে বিচাৰিছিল৷ সীমান্ত শেখৰে কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি৷ কিন্তু সেয়া ভুল কথা কৈছে৷ চিনেমা চাব লাগে৷ উল্লেখ্য, মহানগৰীৰ জ্যোতি চিত্ৰবনত বৃহস্পতিবাৰে জুবিন গাৰ্গৰ ওপজা দিন উপলক্ষে মুকলি কৰা হ’ব জুবিন গাৰ্গৰ এটা নতুন মিউজিক কোম্পানী৷