Logo
image

বিজ্ঞানৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে অসমৰ শিক্ষাৰ্থীয়ে! শিক্ষামন্ত্ৰী

আমাৰ অসম, ১৮ নৱেম্বৰঃ ‘নতুন শিক্ষানীতিৰ বিভিন্ন দিশ ৰূপায়ণৰ কাম আমি ইতিমধ্য আৰম্ভ কৰিছো৷ আমি আগতীয়াকৈ মহাবিদ্যালয়সমূহক জনাই দিছো যে ২০২২-২৩ বৰ্ষৰ ভিতৰত মহাবিদ্যালয়সমূহত আৰু উচ্ছতৰ মাধ্যমিক শ্ৰেণী নাথাকিব৷ ইয়াৰ বাবে ২০২২ চনত ৭০ শতাংশ আৰু ২০২৩ চনত ১০০ শতাংশ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷’– এই মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ৷ বুধবাৰে গুৱাহাটীৰ খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ত ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ননী গোপাল মহন্তৰ সৈতে এক যুটীয়া সংবাদ মেল সম্বোধন কৰি ডাঃ পেগুৱে কয়– “প্ৰথম মানৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সামৰি বিদ্যালয় শিক্ষাৰ ব্যৱস্থা কৰা হ’ব৷ স্কুলীয়া শিক্ষা ব্যৱস্থা ৫+৩+৩+৪ হ’ব৷ তিনি বছৰৰ পৰাই প্ৰাক্‌প্ৰাথমিক শিক্ষা আৰম্ভ হ’ব৷ প্ৰাক্‌প্ৰাথমিক শিক্ষাৰ ৰেহৰূপ প্ৰস্তুতিৰ বাবে শিক্ষা বিভাগ আৰু সমাজকল্যাণ বিভাগে আলোচনা কৰি আছে৷ বৰ্তমানলৈকে বিভাগৰ অংগনৱাড়ী কেন্দ্ৰসমূহতে প্ৰাক্‌প্ৰাথমিক শিক্ষা চলি আছে৷ প্ৰথম মানৰ পৰা অষ্টম মানলৈ হ’ব প্ৰাথমিক শিক্ষা৷ নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণী একত্ৰিত হ’ব আৰু মাধ্যমিক শিক্ষাত অন্তৰ্ভুক্ত হ’ব৷ মহাবিদ্যালয় সমূহত স্নাতোকোত্তৰ শাখা অন্তৰ্ভুক্ত হ’ব৷ কলেজ সমূহৰ পৰা একাদশ, দ্বাদশ শ্ৰেণী মাধ্যমিক বিদ্যালয়লৈ গুচি আহিব৷ নতুন শিক্ষানীতিত প্ৰাকপ্ৰাথমিক স্তৰৰ পৰাই শিক্ষকৰ নিয়মীয়া প্ৰশিক্ষণত গুৰুত্ব দিয়া হৈছে৷ অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিজ্ঞান শিক্ষা গ্ৰহণৰ আগ্ৰহ হেৰুৱা বা অনিহাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাথমিক স্তৰৰ পৰাই একে আৰু বিজ্ঞানৰ শিক্ষাত বিশেষ গুৰুত্ব দিয়া হ’ব৷ প্ৰাথমিক স্তৰৰ পৰাই ছাত্ৰ-ছাত্ৰীৰ সাধাৰণ জ্ঞান, বোধশক্তি আদিৰ বিকাশৰ দিশ উন্নীত কৰিবৰ বাবে যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে ‘নিপুন অসম’ নামৰ অভিযানৰ আৰম্ভ কৰিছে৷ ভাৰত চৰকাৰৰ ফাউণ্ডেচন লিটাৰিয়াৰী এণ্ড নিউমাৰেটী মিছনৰ নামেই অসমত ‘নিপুন অসম’ ৰখা হৈছে৷ বৰ্তমানে থকা দুই লাখ শিক্ষকেৰে এই মিছনৰ কাম আৰম্ভ কৰিবলৈ কোনো অসুবিধা নহয়৷ মাৰ্চ মাহত শিক্ষকৰ নতুন নিযুক্তি হ’ব৷ পঞ্চম শ্ৰেণী পৰ্যন্ত ছাত্ৰ-ছাত্ৰীসকলক নিজ নিজ মাতৃভাষাত শিক্ষা গ্ৰহণৰ সুযোগ দিয়া হ’ব৷ নতুন শিক্ষানীতিৰ কাম ইতিমধ্যে আৰম্ভ কৰিলেও ৰাজ্য চৰকাৰে মূল অংশীদাৰসকলক একত্ৰিত কৰি পোনপটীয়াকৈ পৰামৰ্শ গ্ৰহণৰ বাবে অহা ২০ আৰু ২১ নৱেম্বৰত গুৱাহাটীত নৰ্থ ইষ্ট এডুকেশ্বন কনক্লেভ’ নামৰ এখন বৃহৎ সমাৱৰ্তনৰ আয়োজন কৰিছে৷ এই সমাৱৰ্তনত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ, ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষাৰ অধ্যক্ষ, বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, সঞ্চালক, উত্তৰ পূবৰ শিক্ষামন্ত্ৰীসকল, কলেজৰ অধ্যক্ষসকলক, বিদ্যালয়ৰ প্ৰধান শিক্ষক, প্ৰিন্সিপালসকল, বিভিন্ন শিক্ষক সংগঠনৰ প্ৰতিনিধিবৰ্গই অংশগ্ৰহণ কৰিব৷ অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখি আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইয়ো এই সমাৱৰ্তনত সন্মানীত অতিথি হিচাপে অংশগ্ৰহণ কৰিব৷ গুৱাহাটী চিকিৎসা মহাব্যিদালয়ৰ প্ৰেক্ষাগৃহত এই সমাৱৰ্তন অনুষ্ঠিত হ’ব৷’ 

ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ

সহযোগত এন চি ই আৰ টিৰ দ্বাৰা পৰিচালিত জিলা পৰ্যায়ৰ

পৰামৰ্শমূলক বৈঠক

ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ কাৰ্যসূচী ৰূপায়ণৰ প্ৰচেষ্টা সমগ্ৰ দেশত আৰম্ভ হৈছে৷ কেন্দ্ৰৰ শিক্ষা মন্ত্ৰণালয়ে এই সন্দৰ্ভত ৰাজ্যসমূহক নিৰ্ধাৰিত কামসমূহ সঠিক সময়ত সম্পাদনৰ নিৰ্দেশ প্ৰেৰণ কৰিছে৷ সেইমৰ্মে অসম চৰকাৰেও এই শিক্ষানীতিৰ আধাৰত ৰাজ্যখনৰ বিদ্যালয় শিক্ষা ব্যৱস্থাৰ পুৰ্ণবিন্যাসৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে৷ প্ৰাৰম্ভিক পৰ্যায়ত চৰকাৰে হাতত লোৱা পদক্ষেপসমূহৰ ভিতৰত বুনিয়াদী পৰ্যায়ৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৰাজ্যিক পাঠ্যক্ৰমৰ ৰূপৰেখা প্ৰস্তুতকৰণৰ কাম উল্লেখযোগ্য৷ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ কৰ্মলানিৰ সফল সম্পাদনাৰ বাবে ইতিমধ্যে অসম চৰকাৰে ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসমক সমন্বয়ক সংস্থা হিচাপে ঘোষণা কৰিছে৷ এই দায়িত্ব অনুসৰি ৰাজ্যিক শিক্ষ-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে চাৰিখন পাঠ্যক্ৰমৰ ৰূপৰেখা, ক্ৰমে-প্ৰাক শৈশৱকালীন যতন আৰু শিক্ষা, বিদ্যালয় শিক্ষা, শিক্ষক শিক্ষা আৰু প্ৰাপ্তবয়স্ক শিক্ষাৰ প্ৰস্তুতিৰ কাম হাতত লৈছে৷ এই উদ্দেশ্যে চৰকাৰৰ অনুমোদন সাপেক্ষে ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ, শিক্ষক, শিক্ষক প্ৰশিক্ষকসকলক সামৰি পৰিষদে ইতিমধ্যে পচিশটা ৰাজ্যিক উন্মেষক গোট গঠন কৰি উলিয়াইছে৷ ৰাজ্যিক পাঠ্যক্ৰমৰ ৰূপৰেখা প্ৰস্তুতকৰণ সন্দৰ্ভত এই পচিশটা গোটক দিহা-পৰামৰ্শ, চিন্তা-চৰ্চাৰে অভিৰোচিত কৰাৰ উদ্দেশ্যে অহা ২২-২৫ নৱেম্বৰ তালিখত এখন স্বপ্নদৰ্শী কৰ্মশালাৰ আয়োজন কৰা হৈছে৷