Logo
image

ক’ভিডভীতিৰ মাজতে আৰম্ভ ৰাসোৎসৱ

আমাৰ অসম,১৮ নৱেম্বৰঃ কৃষ্ণপ্ৰেমৰ ভক্তিৰ প্ৰবাহেৰে অসমৰ উজনিৰ পৰা নামনিলৈকে কৃষ্ণভক্তি-তত্ত্ব প্ৰচাৰ আৰু আত্মা-পৰমাত্মাৰে বিলীন হোৱাৰ বাসনাৰে আজি এই শাৰদীয় পূৰ্ণিমাত উদ্‌যাপিত হ’ব শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ৷ উজনিত জীৱন্ত ৰাসৰ পৰিৱৰ্তে নামনি অসমত মৃন্ময় মূৰ্তিৰে উদ্‌যাপিত হ’ব শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা৷  নলবাৰী, হাউলি, শুৱালকুছি, ছয়গাঁও, পাঠশালা, পাটাচাৰকুছি আদিত বৃহৎ আধ্যাত্মিক মহোৎসৱভাগি ক’ভিডৰ বাবেই অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰাৰ দিহা কৰিছে৷ ইফালে এইবাৰ চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব ১৮৩সংখ্যক বাইহাটা চাৰিআলিৰ কুৰ্ম-মাধৱ বাৰোৱাৰি ৰাস৷  চৰকাৰে বান্ধি দিয়া কঠোৰ ক’ভিডবিধি মানি বিহপুৰীয়াৰ দক্ষিণ প্ৰান্তৰ বদতি জামুগুৰি নাট্য সমাজেও তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলাৰ৷ প্ৰথম নিশা কিশোৰ-কিশোৰীসকলৰ দ্বাৰা ৰাস মঞ্চস্থ কৰাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় নিশা স্থানীয় বাচকবনীয়া শিল্পীসকলে পূৰ্ণাংগ ৰাসলীলা মঞ্চস্থ কৰিব৷ সংখ্যালঘু অধ্যুষিত জুৰীয়াৰ ৰূপালী জয়ন্তী গৰকা তেলীয়া বেবেজীয়া ৰাস উদ্‌যাপন সমিতিয়েও বিগত বৰ্ষৰ দৰে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে ৰাস মহোৎসৱ৷ উজনি অসমত বিশেষকৈ সত্ৰীয়া সংস্কৃতিৰ পীঠভূমি নদীদ্বীপ মাজুলীত পৰম্পৰা, মৌলিকতা আৰু ভক্তি মাৰ্গেৰে যুগ-যুগ ধৰি অনুষ্ঠিত হৈ আহিছে শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ৷ আধ্যাত্ম দৰ্শনৰ মাজেৰে সত্ৰানুষ্ঠানৰ পৰা প্ৰসাৰ ঘটা শ্ৰীকৃষ্ণৰ ৰাসলীলা কালক্ৰমত মাজুলীৰ বাবে হৈ পৰিছে সাংস্কৃতিক ঐতিহ্যবাহক অন্যতম মহোৎসৱ৷ মাজুলীৰ ৰাসলীলাৰ ইতিহাস অনুসৰি ১৮৪০ চনত শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ ত্ৰয়োদশগৰাকী সত্ৰাধিকাৰ বাসুদেৱ গোস্বামীয়ে সত্ৰৰ ধৰ্মীয় উৎসৱ ৰাসপূজাৰ লগত সংগতি ৰাখি শ্ৰীকৃষ্ণৰ শিশুলীলা চয়নেৰে এখন নাট ৰচনা কৰে৷ শ্ৰীকৃষ্ণৰ জন্মখণ্ড, প্ৰকৃতিখণ্ড, বৃহৎ গৌতমীয়া, হৰিবংশ আৰু শ্ৰীমদ্ভাগৱত এই পাঁচখন গ্ৰন্থৰ সম্বন্ধয়ত ৰচনা কৰা উক্ত নাট আৰম্ভণিতে কৃষ্ণলীলা ৰূপেৰে অভিনয় কৰা হৈছিল৷ সেইকালতে দক্ষিণপাট সত্ৰ খহনীয়াৰ কৱলত পৰাত সত্ৰৰ মূল বিগ্ৰহ যাদৱৰায় মহাপ্ৰভুৱে ‘তুমি কৃষ্ণলীলা কৰা, ব্ৰহ্মপুত্ৰই আৰু সত্ৰ নখহায়’ সপোনযোগে এই নিৰ্দেশ দিয়াত বাসুদেৱ গোস্বামীয়ে কৃষ্ণৰ জন্মৰপৰা অৰিষ্টাসুৰ বধপৰ্যন্ত কৃষ্ণৰ লীলাসমূহ অভিনয় কৰায়৷ পৰৱৰ্তী সময়ত ‘শ্ৰীকৃষ্ণৰ ৰাস অভিনয়’ নামৰ নাটখন সত্ৰখনৰ উপৰিও মাজুলীৰ বিভিন্ন মঞ্চই অভিনয় কৰি আহিছে৷ এফালে ৰাসপূজা, আনফালে বৃন্দাবন আৰ্হিৰ মঞ্চৰ চৌদিশে কৃষ্ণলীলাৰ মূৰ্তি স্থাপন কৰি ১৮১টা বছৰে অক্ষয় বন্তিৰূপে প্ৰজ্বলিত হৈ আহিছে শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ ৰাসোৎসৱ৷ মাজুলীৰ আন এখন ঐতিহাসিক শ্ৰীশ্ৰী বেঙেনাআটী সত্ৰই ১৭৭৪চনৰ পৰাই ৰাস অভিনয়ৰ পাতনি মেলাৰ তথ্য পোৱা যায় যদিও সত্ৰখনে সেই পৰম্পৰা অব্যাহত ৰাখিব পৰা নাছিল৷ সুদীৰ্ঘ প্ৰায় এশ বছৰৰ পাছত ১৮৭০চনৰ পৰাহে ৰাস অভিনয়ৰ ধাৰাক সত্ৰখনে আজিপৰ্যন্ত ধৰি ৰাখিছে৷ আহোম ৰজা চক্ৰধবজ সিংহই প্ৰতিষ্ঠা কৰা শ্ৰীশ্ৰী চামগুৰি সত্ৰই শংকৰদেৱৰ কেলিগোপাল নাটৰ আধাৰত ৰচনা কৰা নাটেৰে ১৮৬২৬নত ৰাস অভিনয় পৰম্পৰাৰ সূচনা কৰে সত্ৰাধিকাৰ শৈশৱচন্দ্ৰ গোস্বামীয়ে৷ পৰৱৰ্তী সময়ত ১৮৮১চনৰপৰা শ্ৰীশ্ৰী আউনীআটী সত্ৰ আৰু ১৯৪৬চনৰ পৰা শ্ৰীশ্ৰী গড়মূৰ সত্ৰৰ ইতিহাসত ৰাসলীলাৰ সূচনা হয়৷ এইখন সত্ৰৰে সত্ৰাধিকাৰ প্ৰয়াত পীতাম্বৰদেৱ গোস্বামীয়ে মাজুলীৰ গড়মূৰত ‘বংশীগোপাল নাট্যমন্দিৰ’নামেৰে পোনপ্ৰথম মঞ্চ নিৰ্মাণ কৰি ৰাস অভিনয়ক সত্ৰৰ মজিয়াৰ পৰা মঞ্চলৈ উলিয়াই আনিছিল৷ একেগৰাকী সত্ৰাধিকাৰেই ৰাসত পুৰুষ-মহিলাৰ সহ-অভিনয়ৰো সূচনা কৰিছিল৷ অৱশ্যে দক্ষিণপাট, আউনীআটী, বেঙেনাআটী, ভোগপুৰ, উত্তৰ কমলাবাৰী, নতুন কমলাবাৰী আদি সত্ৰত বৰ্তমানেও সহ-অভিনয়ৰ পৰিৱৰ্তে নাৰী চৰিত্ৰত ভকতৰ ল’ৰাই সুন্দৰভাৱে অভিনয় কৰি পৰম্পৰা আৰু মৌলিকতা অক্ষুণ্ণ ৰাখিছে৷ শ্ৰীমন্ত শংকৰদেৱৰ কেলিগোপাল নাটৰ আধাৰত শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰই যোৱা চাৰিটা বৰ্ষত সগৌৰৱেৰে উদ্‌যাপন কৰা শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ এইবাৰ পঞ্চমবৰ্ষৰ বাবে প্ৰস্তুতি চলাইছে৷ সত্ৰখনে প্ৰতিষ্ঠাৰ কাল ধৰি সত্ৰৰ কীত্তৰ্নঘৰত ৰীতি-নীতি আৰু সাত্বিকতাৰে ৰাসলীলা উদ্‌যাপন কৰাৰ পাছত যোৱা ২৮টা বছৰে শংকৰদেৱ কৃষ্টিসংঘত ৰাসোৎসৱ অনুষ্ঠিত কৰে৷ পৰৱৰ্তী সময়ত ২০১৭বৰ্ষৰপৰা কেলিগোপাল নাটৰ আৰ্হিত মুকলি মঞ্চ ৰাস অনুষ্ঠিত কৰি ৰাজ্যবাসীৰ লগতে বহু দূৰ-দূৰণিৰ ভক্তপ্ৰাণ ৰাইজক ৰাসলীলাৰ ভক্তি অঞ্জলি প্ৰদান কৰি আহিছে৷   ১৯৫৩চনত সত্ৰৰ মজিয়াৰ পৰা মঞ্চলৈ প্ৰসাৰ ঘটা ৰাসলীলা কালক্ৰমত সমগ্ৰ মাজুলীতে বিয়পি পৰে৷ সাহিত্য-সংস্কৃতি, ক’লা চৰ্চাৰ বাবে আঞ্চলিক ভিত্তিক গঢ় লৈ উঠা সংঘসমূহৰ ৰাসলীলা হৈ পৰিল অন্যতম উৎসৱ৷ ৰাসোৎসৱক কেন্দ্ৰ কৰিয়েই গড়মূৰ সত্ৰৰ চতুৰ্দশগৰাকী সত্ৰাধিকাৰ প্ৰয়াত পীতাম্বৰদেৱ গোস্বামীয়ে মাজুলীত প্ৰথম আৰু অসমৰ ভিতৰতে চতুৰ্থটো স্থায়ী ৰংগমঞ্চ বংশীগোপাল নাট্যমন্দিৰ প্ৰতিষ্ঠা কৰে৷ সত্ৰত চৰ্চিত ওজাপালি, বৰগীত, দশমৰ পদ আদিৰে গীতাংশত নৃত্যৰ সংযোজনেৰে ‘শ্ৰীশ্ৰী কৃষ্ণলীলা’ নামৰ এখন নাট্যাভিনয় প্ৰস্তুত কৰি ১৯৫৩ চনৰ ৰাস পূৰ্ণিমাত বংশীগোপাল নাট্যমন্দিৰত মঞ্চস্থ কৰে৷ এয়েই মাজুলীত মঞ্চৰাসৰ শুভাৰম্ভ৷ এই বৰ্ষতো গড়মূৰ বংশীগোপাল নাট্যমন্দিৰ, গড়মূৰ শংকৰদেৱ কৃষ্টিসংঘ, মাধৱদেৱ কৃষ্টিকেন্দ্ৰ খোনাচুক, চিতাদাৰচুক লুইতপৰীয়া কৃষ্টিসংঘ, মাজুলী মিলন সংঘ, সম্মিলিত শিল্পী সমাজ, যুৱ সম্বন্ধয় কৃষ্টি সংঘ কমলাবাৰী, আইদেউ সন্দিকৈ ৰংগমঞ্চ পতিয়াগাঁও, ৰূপালী ৰংগমঞ্চ, শংকৰী কলা-কৃষ্টি বিকাশ কেন্দ্ৰ কমাৰগাঁও, ততয়া মিলনজ্যোতি যুৱক সংঘ, চিৰাম বনমালী আঞ্চলিক কৃষ্টি সংঘ, মধ্য মাজুলী মিলন সংঘ ফুলনি, নগাঁও গোঁসাইবাৰী কৃষ্টি সংঘ, পহুমৰা মিলিত কৃষ্টি সংঘ, মুদৈবিল ৰংগমঞ্চ, ৰঙাচাহী প্ৰগতি কৃষ্টি সংঘ, সোণাৰিআটি আঞ্চলিক কৃষ্টি সংঘ, গোৱালগাঁও তৰুণ নাট্য সংঘ, বালিচাপৰি মিলিত কৃষ্টি সংঘ, চিলাকলা কৃষ্টি সংঘ, নৱজ্যোতি কৃষ্টি সংঘ গায়নগাঁও আদিকে ধৰি অৰ্ধশতাধিক ৰংগমঞ্চই উদ্‌যাপন কৰিব ৰাসলীলা মহোৎসৱ৷ উল্লেখ্য, মাজুলীৰ এই ৰংগমঞ্চৰ সৰহসংখ্যকে বছৰৰ পাছত বছৰ ধৰি শ্ৰীশ্ৰীদক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ বাসুদেব গোস্বামীয়ে ৰচনা কৰা নাটখনকেই অভিনয় কৰি ৰাসলীলাৰ সোণালী গৌৰৱ অক্ষুণ্ণ ৰাখিছে৷ চামগুৰি সত্ৰই ১৮৬২৬নৰপৰা গোপালদেৱৰ জন্মযাত্ৰা, নন্দোৎসৱ নাট, মাধৱদেৱৰ দধিমথন, শংকৰদেৱৰ কালীয়দমন, পত্নীপ্ৰসাদ, বনবহ্নি, গোৱৰ্ধনধাৰণ আদি নাটসমূহৰ সু-সমন্ধয়েৰে শিশুলীলা অংশ ৰচনা কৰি শিশুলীলাৰ অন্তত মধ্যৰাতি কেলিগোপাল নাটখন সভক্তিৰে অভিনয় কৰি আহিছে৷ সত্ৰখনে ৰাসক্ৰীড়াৰ ঐতিহ্য-পৰম্পৰা আৰু বিভিন্ন চৰিত্ৰসমূহৰ অভিনয়ত মুখাক প্ৰাধান্য দি আহিছে৷ শংকৰদেৱৰ কেলিগোপাল নাট সত্ৰখনৰ যিদৰে একক বৈশিষ্ট্য একেদৰে মুখাৰ ব্যৱহাৰো সত্ৰখনৰ আন এক উল্লেখনীয় বৈশিষ্ট্য৷ প্ৰয়াত ৰুদ্ৰকান্ত দেৱগোস্বামীৰ দিনতে প্ৰসাৰ হোৱা আৰু পুৰুষাণুক্ৰমে চলি অহা মুখা নিৰ্মাণৰ বিদ্যা সদ্যপ্ৰয়াত সত্ৰাধিকাৰ সংগীত নাটক একাডেমি বঁটাপ্ৰাপক প্ৰয়াত কোষকান্ত দেৱগোস্বামীৰ সন্মন্ধিতে হেমচন্দ্ৰ গোস্বামী, ধৰ্মকান্ত গোস্বামী, কৃষ্ণ গোস্বামী, হৰেন গোস্বামী, ধীৰেন গোস্বামী আৰু বহু ন-শিকাৰুৱে উন্নত কৌশল প্ৰয়োগেৰে মুখাশিল্পক জনপ্ৰিয় কৰি তোলাই নহয় আৰ্থিক স্বাৱলম্বনৰ পথ প্ৰশস্ত কৰা এই শিল্প বৰ্তমান বিদেশী পৰ্যটকসকলৰ বাবে অন্যতম আকৰ্ষণ হৈ পৰিছে৷ ইফালে সত্ৰসমূহক বাদ দিও অৰ্ধশতাধিক ৰাসমঞ্চত সৰহসংখ্যক মাজুলীবাসী জড়িত হৈ পৰে৷ অভিনয়, গীত, বাদ্য, মুখা, ৰূপসজ্জা, মঞ্চ, প্ৰেক্ষাগৃহ, মঞ্চসজ্জা, শব্দ, পোহৰ, সাজ-পোচাক আদি সকলো বিষয় সামৰি একোটা মঞ্চত প্ৰত্যক্ষভাৱেই জড়িত হৈ পৰে প্ৰায় তিনিশ কলা-কুশলী৷ ফলশ্ৰুতিত শ্ৰীকৃষ্ণৰ ৰাসলীলা মাজুলীবাসীৰ কাৰণে হৈ পৰিছে জাতীয় জীৱনৰ এক অন্যতম উৎসৱ৷ উল্লেখ্য যে, বিভিন্ন জাতি-জনগোষ্ঠীয়ে বাস কৰা মাজুলীত মিচিং জনগোষ্ঠীয়েও ইতিমধ্যে কেইবাটাও মঞ্চ, সংঘ প্ৰতিষ্ঠা কৰি সগৌৰৱেৰে ৰাসলীলা উদ্‌যাপন কৰিছে৷ ইফালে ৰাসলীলা উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য আৰু বিদেশৰ পৰাও বহু পৰ্যটকে মাজুলীলৈ আহে৷ জিলাখনৰ বিভিন্ন হোটেল, ল’জ, হোম-ষ্ট্ৰে, অতিথিশালা আদিত বাহৰ পতা এইসকল দেশী-বিদেশী পৰ্যটকে আৰ্থিক দিশত মাজুলীক উপকৃত কৰি আহিছে৷ মাজুলীবাসীৰ আৱেগ, স্বাভিমানবিজড়িত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা আজিৰ পৰা তিনিদিনীয়াকৈ উদ্‌যাপনৰ কাৰণে সাজু হৈছে৷ মাজুলীৰ বালি জকাইবোৱাৰ এটা পৰিয়ালৰ ঘৰত আজি পুৱাৰে পৰা ভীষণ ব্যস্ততা৷ ৰজাঘৰৰ সকলো উবুৰি খাই পৰিছে৷ কোনোৱে সাজিছে পকী লেট্ৰিন, কোনোৱে ঘৰ৷ মুঠৰ ওপৰত পানী টেংকীৰ পৰা ঘৰত চূণ সনা, মেৰামতি কৰা, পথ নিৰ্মাণ কৰা, ভিতৰত আচবাব যেনে বিছনা, চকী, টেবুল, কাপোৰ-কানি সকলো নতুনকৈ ক্ৰয় কৰি আনিছে ৰজাঘৰে৷ গাঁওখনৰ অন্যান্য পৰিয়ালসমূহে ৰ-লাগি চাইছে৷ প্ৰকৃততে হৈছে কি, মানুহঘৰত কিয় এইবোৰ কৰিছে৷ কি কাৰণে এনেদৰে কপাল ফুলিল কৃষক পৰিয়ালটোৰ৷  প্ৰকৃততে এয়া অসমৰ মুখ্যমন্ত্ৰীৰ বাবে বিশেষ আয়োজন৷  মাজুলীৰ ৰাসোৎসৱ উপভোগ কৰিবলৈ মাজুলীলৈ আহিব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ জিলাখনৰ উত্তৰ কমলাবাৰী সত্ৰকে মুখ্য কৰি অন্য কেইবাখনো মঞ্চত ৰাস দৰ্শন কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নৈশযাপন কৰিব উক্ত পৰিয়ালটোৰ বাসগৃহত৷ মাজুলীৰ পকাজৰা পঞ্চায়তৰ অন্তৰ্গত গড়মূৰ জেংৰাইমুখ সংযোগী গড়কাপ্টানি পথৰ পৰা প্ৰায় আঠ-দহ কিলোমিটাৰ দূৰত্বত বালি জকাইবোৱা গাঁও৷ গাঁওখনৰ এমূৰত কৃষক বংশীধৰ পায়েঙৰ ঘৰ৷ পকী লেট্ৰিন, পানীৰ ব্যৱস্থা আদিৰ সু-ব্যৱস্থা নোহোৱা পৰিয়ালটোৰ ভিতৰৰ আচবাবো তেনেই পুৰণি৷ সন্মুখৰ টিঙৰ চাংঘৰটোৰ পাছতে খেৰেৰে চোৱা এটা পৰম্পৰাগত চাংঘৰ৷ আজি খেৰৰ ঘৰটো সম্পূৰ্ণৰূপে ভাঙি তাৰ ঠাইত নতুনকৈ খেৰেৰে নিৰ্মাণ কৰাৰ লগতে সন্মুখৰ টিঙৰ চাংঘৰটো চূণ-তেল দিয়াৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ মেৰামতি কৰিছে৷ ইয়াৰ কাষতে এটা পকী শৌচাগাৰ নিৰ্মাণ কৰিছে যিটো মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰিব৷ ঘৰটোলৈ সোমাই যোৱা পথটোত টেক্টৰেৰে মাটি পেলাই চৌহদ পৰিষ্কাৰ কৰি বহলাই পেলোৱা হৈছে৷ চৌব্বিশ ঘণ্টাই বিশুদ্ধ পানী পাব পৰাকৈ দুটাকৈ পানীৰ টেংকি নিৰ্মাণ কৰা হৈছে৷ ঘৰৰ ভিতৰত বিছনা, টেবুল-চকীৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰিব লগা সমস্ত বয়-বস্তু ক্ৰয় কৰি গাড়ীয়ে গাড়ীয়ে নিছে বংশীধৰ পায়েঙৰ ঘৰলৈ৷ বংশীধৰ পায়েঙৰ পৰা এই সম্পৰ্কে জনায় যে, ‘কাইলৈ মুখ্যমন্ত্ৰী আমাৰ ঘৰত থাকিবলৈ আহিব বুলি শুনিছোঁ৷ আমি দুখীয়া মানুহ, তেওঁক এনিশা ৰখাৰ ক’ত সাধ্য আমাৰ৷ আজি পুৱাৰে পৰা এইসকলে সকলো কৰি আছে৷ আমি মনতে বৰ ভাল পাইছোঁ৷ ঘৰ, লেট্ৰিন, ৰাস্তা সকলো বনাইছে, ন’হলেনো আমি ক’ত কৰিব পাৰিলোঁহেঁতেন৷’ ১৮নৱেম্বৰৰ পুৱা ৮.৩০বজাত মাজুলী গড়মূৰত বিশেষ বিমানেৰে উপস্থিত হ’বহি মুখ্যমন্ত্ৰীজন৷ মুখ্যমন্ত্ৰীয়ে ৯.৩০বজাত গড়মূৰ আৱত্তৰ্ ভৱনত ৰাস সমিতিসমূহৰ মাজত চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত জল জীৱন মিছন [গড়মূৰ] সাংস্কৃতিক বিশ্ববিদ্যালয় [গড়মূৰ], মিনি সচিবালয় নিৰ্মাণৰ অগ্ৰগতিৰ বুজ ল’ব৷ ইয়াৰ পাছতে মাজুলী জিলা চিকিৎসালয়ত আইচিইউ উন্মোচন কৰিব৷ নামনি মাজুলীৰ বৰদুৱাৰত নিৰ্মাণ হ’ব লগা আদৰ্শ মহাবিদ্যালয় [বৰদুৱা], আয়ুস শ্ৰীৰাম দেবোত্তৰ, পলিটেনিক[পহুমৰা] পৰিদৰ্শন কৰিব৷ দুপৰীয়া গড়মূৰ আৱত্তৰ্ ভৱনত আহাৰ গ্ৰহণ কৰাৰ পাছত অগপ, গণশক্তি বিজেপি দলীয় সভাত অংশগ্ৰহণ কৰিব৷ পাছত বিয়লিলৈ গড়মূৰ সৰু সত্ৰ, বৰসত্ৰ, আউনীআটী সত্ৰ, যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণ থলী, দক্ষিণপাট সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰৰ ৰাস মঞ্চৰ পৰা বালি জকাইবোৱালৈ ৰাওনা হ’ব৷ পকাজৰা গাঁও অন্তৰ্গত বালি জকাইবোৱাৰ নিবাসী প্ৰণৱ পায়েঙৰ চাংঘৰত নিশা থাকিব৷ মুখ্যমন্ত্ৰীৰ আপ্যায়ন তথা ব্যৱস্থাপনাৰ বাবে বিভিন্ন দল-সংগঠনে ব্যাপক প্ৰস্তুতি চলাইছে৷ নিৰাপত্তা দিশ কটকটীয়া তোলাৰ বাবে ইতিমধ্যে অসম আৰক্ষীৰ বিষয়া তথা আৰক্ষী প্ৰশাসনৰ লোক বালি জকাইবোৱাত ভিৰ কৰিছেহি৷  মুখ্যমন্ত্ৰীক সম্পূৰ্ণ মিচিং পৰম্পৰাগত খাদ্য খুওৱাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে৷ ১৯নৱেম্বৰৰ দিনা পুৱা ৭.৩০ বজাত বালি জকাইবোৱাৰ খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগ গ্ৰহণ কৰা নতুন প্ৰকল্প আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব৷ সেইদিনা পুৱা ৮.৩০বজাত মাজুলী এৰিব৷