Logo
image

৫০ স্পৰ্শ কৰিও পাখি মেলি দিয়ে যি

আমাৰ অসম, ১৯ নৱেম্বৰঃ ৫০ বছৰ৷ পাঁচোটা দশক৷ অৰ্ধশতিকা৷ – বয়সৰ লেখেৰে ৫০ বছৰ স্পৰ্শ কৰিও কিশোৰ-যুৱকৰ দৰে প্ৰেমৰ গীত লিখে কোনে? দৰদ ঢালি গায় কোনে? আদবয়সতে ডেকাল’ৰাৰ দৰে ঢপলিয়াই ফুৰে কোনে? সুৰ আৰু সংগীতৰ মায়াজালত নিজকে শৈশৱ আৰু কৈশোৰৰ মাজত আবদ্ধ কৰি ৰাখে কোনে? ৫০ স্পৰ্শ কৰিও গানৰ মাজত কোনে মেলি দিয়ে স্বয়ং বিহংগৰ পাখি? কণমানিৰ পৰা বয়োবৃদ্ধলৈ সকলোৱে কাৰ গান শুনি ভাল পায়, চ’ৰাঘৰত-শোৱনিকোঠাত কাৰ গীত গুণগুণাই থাকে? ‘কা’বিৰোধী আন্দোলনৰ নেতৃত্ব লোৱাৰ পাছতো শাসক দল তথা চৰকাৰে কাৰ গীতৰ কদৰ কৰে? আছুৰ পৰা এব্‌ছুলৈ, অগপ-বিজেপিৰ পৰা ইউডিএফ-বাঁওপন্থীলৈ সকলো মতাদৰ্শৰ মানুহৰ মাজত জনপ্ৰিয় কোন? এমাহ-দুমাহ বা এবছৰ-দুবছৰ নহয়, কণ্ঠ-সুৰ-গীতেৰে প্ৰায় ৩০ বছৰ একেৰাহে অসমৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ হৈ থকা শিল্পীজন কোন? অসমীয়া, হিন্দী, বাংলাকে ধৰি বিভিন্ন ভাষাৰ ২০ হাজাৰৰো অধিক গীত গোৱা অসমীয়া শিল্পীজন কোন? ভূপেন হাজৰিকাৰ পাছত বলীউডত খোপনি পোতা কণ্ঠশিল্পীজন কোন? এই সকলো প্ৰশ্নৰ এটাই উত্তৰ– জুবিন গাৰ্গ৷ ৫০ বছৰ বয়সপৰ্যন্ত যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ব হৈয়েই আছে জুবিন গাৰ্গ৷ ১৮ নৱেম্বৰ, বৃহস্পতিবাৰ জুবিন গাৰ্গৰ জন্মদিন৷ ক’ভিডকালৰ সীমাবদ্ধতাৰ মাজতে সতীৰ্থ, অনুৰাগী আৰু শুভাকাংক্ষীসকলৰ উদ্যোগত গুৱাহাটীৰ আয়ূৰসুন্দ্ৰা হাস্পতালত বুধবাৰেই পালন কৰা হয় জুবিন গাৰ্গৰ প্ৰাক্‌-জন্মদিন উৎসৱ৷ এই অনুষ্ঠানত বহুসংখ্যক শিল্পী, সাংবাদিক, অনুৰাগীৰ লগতে সমাজৰ বৰেণ্য ব্যক্তি আৰু বৃদ্ধাশ্ৰমৰ আবাসী আইতাসকলে অংশগ্ৰহণ কৰে৷ এই অনুষ্ঠানত জুবিন গাৰ্গৰ উপৰি তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও অংশগ্ৰহণ কৰে৷ বৃহস্পতিবাৰে জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে জ্যোতি চিত্ৰবন চৌহদত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়৷ এই অনুষ্ঠানতে জুবিন গাৰ্গৰ দুই কণমানি ভাগিন প্ৰিয়ম আৰু পৰীয়ে উন্মোচন কৰে ‘জুবিন গাৰ্গ মিউজিক’ নামৰ লেবেল আৰু চেনেল, সময় তেতিয়া বৃহস্পতিবাৰে আবেলি ৩ বাজি ৩৩ মিনিট৷ এই সম্পৰ্কে আই ক্ৰিয়েশ্বন আৰু জুবিন গাৰ্গ মিউজিকৰ তৰফৰ পৰা এইদৰে কোৱা হৈছে– ‘জুবিন গাৰ্গৰ মৌলিক সৃষ্টিৰ লগতে নতুন প্ৰজন্মৰ নতুন চিন্তাৰ প্ৰতিগৰাকী শিল্পীৰ বাবে এটি নিগাজী ঠিকনা হিচাপে আমি সাজু কৰি উলিয়াইছোঁ জুবিন গাৰ্গ মিউজিক৷ এতিয়াৰে পৰা জুবিন গাৰ্গ মিউজিক অসমীয়া সংগীতৰ এক নতুন ঠিকনা, এখন বিশ্বস্ত মঞ্চ...৷’ জুবিন গাৰ্গ মিউজিকৰ তৰফৰ পৰা জনোৱা মতে, জুবিন গাৰ্গ লেবেল আৰু চেনেলত গীত সন্নিৱিষ্ট কৰিবৰ বাবে কাৰো সৈতে পোনপতীয়াকৈ যোগাযোগ নকৰিলেও হ’ব৷ যোগাযোগৰ বাবে দিয়া নম্বৰ ৰাজহুৱাভাৱে ঘোষণা কৰা হ’ব আৰু সেই নম্বৰত যোগাযোগ কৰিলেই নতুন শিল্পীসকলে জুবিন গাৰ্গ মিউজিকত গীত সংযোজন কৰাৰ সুযোগ পাব৷ এই অনুষ্ঠানৰ পাছতে মুকলি কৰা হয় জনপ্ৰিয় ‘চিলা’ এলবামৰ পঞ্চমটি গীত৷ ‘মনৰে কইনা’ শীৰ্ষক এই গীতটোৰ গীতিকাৰ জুবিন গাৰ্গ আৰু ৰাহুল গৌতম শৰ্মা৷ সুৰ, সংগীত আৰু কণ্ঠ জুবিন গাৰ্গৰ৷ ইয়াৰ পাছতে উন্মোচন কৰা হয় নয়ন কাশ্যপৰ সম্পাদনাৰ ‘আলাপ’ শীৰ্ষক গ্ৰন্থ– যিখন গ্ৰন্থত সন্নিৱিষ্ট হৈছে জুবিন গাৰ্গ সম্পৰ্কীয় বাৰেবৰণীয়া লেখা৷ জুবিন গাৰ্গৰ প্ৰাক্‌-জন্মদিন আৰু জন্মদিনৰ অনুষ্ঠানৰ আঁত ধৰে জনপ্ৰিয় গীতিকাৰ শশাংক সমীৰে৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যকে ধৰি বহু বিশিষ্ট ব্যক্তিৰ লগতে লাখ লাখ অনুৰাগীয়ে জুবিন গাৰ্গক জন্মদিনৰ শুভেচ্ছা জনাইছে৷ জুবিনৰ জন্মদিনৰ শুভেচ্ছাৰে ভৰি পৰিছে ছ’চিয়েল মিডিয়া৷ জুবিনৰ ঘৰ আৰু প্ৰাক্‌-জন্মদিন, জন্মদিনৰ অনুষ্ঠানস্থলীত সমৱেত হৈছে শ শ লোক৷ বছৰৰ পাছত বছৰ ধৰি জনপ্ৰিয়তাৰ লহৰ লেখা জুবিন গাৰ্গ বিভিন্ন সময়ত বিতৰ্কৰ আৱৰ্তত সোমাই পৰে৷ কিন্তু সমালোচনাৰ অগনিয়ে দেই-পুৰি নিয়া জুবিন গাৰ্গ সহস্ৰ বিতৰ্কৰ মাজতো যে জনপ্ৰিয়, সেয়া প্ৰমাণ হয় জুবিন গাৰ্গে ভাগ লোৱা সংগীতানুষ্ঠান, সভা-সমিতি ইত্যাদিত– আনকি ইলেক্টª’নিক মিডিয়া আৰু ছ’চিয়েল মিডিয়াতো৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই জুবিন গাৰ্গক জন্মদিনৰ শুভেচ্ছা জনাই দিয়া টুইটত উল্লেখ কৰে যে তেওঁ মা কামাখ্যা আৰু মহাপুৰুষ শংকৰদেৱৰ ওচৰত জুবিন গাৰ্গৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনাইছে৷ সমুজ্জ্বল ভট্টাচাৰ্যই তেওঁৰ টুইটত কয় যে তিনিটা দশকজুৰি তেওঁ নিজস্ব সৃষ্টি আৰু স্থিতিৰে ৰাইজৰ মাজৰ এজন হৈ ৰাইজৰ বুকুত ঘৰ বান্ধিছে৷ উল্লেখ্য, জুবিন গাৰ্গৰ পিতৃ, অৱসৰপ্ৰাপ্ত প্ৰশাসনীয় বিষয়া কপিল ঠাকুৰো বিশিষ্ট কবি আৰু গীতিকাৰ৷ কপিল ঠাকুৰে লিখা আৰু জুবিনে সুৰ সানি গোৱা সেই বিখ্যাত গীতটোৰ সোৱাদ জুবিন গাৰ্গৰ জন্মদিনৰ অনুষ্ঠানত বিভিন্ন মাধ্যমেৰে লয় লাখ লাখ অনুৰাগীয়ে– জোনাক গলা জাৰৰ নিশা মূৰ থৈ শেতা শেতেলীত, গণি গণি আঙুলিৰ মূৰত, আছে কিমান চকুৰ পানী, সুখৰ চিফুং মণি, মই ভাগৰা নাই, জীৱন হেৰোৱা নাই...৷ জুবিন গাৰ্গৰ জন্মদিনত জুবিন গাৰ্গক শুভেচ্ছা জনাই তেওঁৰ সুস্বাস্থ্য কামনা কৰিছে ‘আমাৰ অসম’ পৰিয়ালে৷ জুবিন গাৰ্গৰ জন্মদিনৰ দিনা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁৰ শিল্পীপত্নী গৰিমা শইকীয়া গাৰ্গে কয়– জুবিন আজিকালি চিধা হৈছে৷ সোনকালে ঘৰলৈ আহে, সোনকালে ভাত খায়, সোণকালে শুই যায়, পুৱা সোনকালে উঠে৷ গীত-চিনেমা-থিয়েটাৰ-ফুটবল-খেতি-ব্যৱসায়কে ধৰি বহু সপোন আছে জুবিন গাৰ্গৰ৷ অহা বছৰৰ জন্মদিনৰ পূৰ্বেই কেইবাটাও বৃহৎ পৰিকল্পনা বাস্তৱায়িত কৰাৰ সংকল্প জন্মদিনৰ দিনাও দোহাৰিছে জুবিন গাৰ্গে৷ জুবিন গাৰ্গৰ এই সংকল্পৰ কথা শুনিয়েই গুণগুণাইছে অসংখ্য অনুৰাগীয়ে– পাখি মেলি দিয়ে মোৰ গানে আজি...৷