Logo
image

তিনিওখন কৃষি আইন বাতিল!‘কা’থাকিল

ৰাজনৈতিক জীৱনত দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰী মোদীৰ ক্ষমা প্ৰাৰ্থনা

আমাৰ অসম, ২০ নৱেম্বৰঃ কেন্দ্ৰত ক্ষমতাত থাকিলেই যে নিজৰ ইচ্ছামতে সকলো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰি সেয়া অৱশেষত বুজি পালে নৰেন্দ্ৰ মোদী চৰকাৰে৷ গণতন্ত্ৰত যে আন্দোলন আৰু বিৰোধিতা এতিয়াও এটা চৰকাৰৰ ভুল সিদ্ধান্তৰ বিৰুদ্ধে অতিশয় কাৰ্যকৰী অস্ত্ৰ সেয়াও অৱশেষত প্ৰমাণিত হ’ল৷ বিগত জুলাইৰ পৰা আৰম্ভ হোৱা আৰু নৱেম্বৰৰ পৰা গুৰুতৰ ৰূপ লোৱা প্ৰায় ডেৰবছৰীয়া কৃষক আন্দোলনৰ ওচৰত নতিস্বীকাৰ কৰি আৰু সৰ্বদিশৰ পৰা ৰাজনৈতিক সমীকৰণ গমি-পিটি চাই সময়ৰ শৰ সময়ত মাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখন বিতৰ্কিত কৃষি আইন বাতিল কৰা বুলি ঘোষণা কৰিছে৷ শুকুৰবাৰে গুৰু নানকৰ জন্ম দিৱসৰ শুভক্ষণত জাতিৰ উদ্দেশ্যে প্ৰদান কৰা আন এটা ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্দোলনকাৰী কৃষকলৈ ক্ষমা প্ৰাৰ্থনা কৰি তেওঁলোকে এবছৰ দুমাহ পূৰ্বে প্ৰণয়ন কৰা কৃষি আইন বাতিল কৰিব বুলি ঘোষণা কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ নেতৃত্বাধীন চৰকাৰে প্ৰণয়ন কৰা কৃষি আইন তিনিখনৰ প্ৰণয়নত সম্ভৱতঃ গাফিলতি থকা বুলি স্বীকাৰ কৰি কয়– ‘হয়তো এইক্ষেত্ৰত আমাৰো কিছুমান ত্ৰুটি আছিল৷ কিন্তু আমাৰ উদ্দেশ্য সৎ আছিল৷  সম্ভৱতঃ কৃষি আইনৰ সুফলৰ বিষয়ে একাংশ কৃষকক আমি পতিয়ন নিয়াব নোৱাৰিলো৷ কৃষি আইনৰ মাধ্যমেৰে আমি কি কৰিবলৈ বিচাৰিছিলো সেয়া যদি একাংশ কৃষকক আমি বুজাব নোৱাৰিলো, তাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী৷’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্দোলনকাৰী কৃষকসকলক আন্দোলন এৰি পুনৰ কৃষিক্ষেত্ৰলৈ উভতি যাবলৈ আবেদন জনাই কয়– ‘আহক সকলো আকৌ নতুনকৈ আৰম্ভ কৰোঁ৷ এতিয়া কাকো দোষাৰোপ কৰাৰ সময় নহয়৷’ গুৰু নানকৰ জন্ম দিৱসকে  কৃষি আইন বাতিলৰ দিন হিচাপে নিৰ্বাচন কৰি লোৱাটো দেশৰ অনেকেই বিজেপিৰ তাৎপৰ্যপূৰ্ণ ৰাজনৈতিক পদক্ষেপ হিচাপে বিবেচনা কৰিছে৷ কিয়নো কৃষি আইন বাতিলৰ দাবীত যোৱা জুলাইৰ পৰা পঞ্জাৱ আৰু হাৰিয়ানাত আৰম্ভ হোৱা আন্দোলন আৰু দিল্লীলৈ বিয়পি পৰি যোৱা নৱেম্বৰৰ পৰা এতিয়ালৈকে অব্যাহত থকা আন্দোলনত ভাগ লোৱা সিংহভাগ আন্দোলনকাৰীয়েই শিখ৷ সেই উদ্দেশ্যতে গুৰু নানকৰ জন্ম দিৱসক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচন কৰি লোৱা বুলি সকলোৱেই পতিয়ন গৈছে৷ তদুপৰি অহা বছৰৰ আৰম্ভণিতেই পঞ্জাৱ আৰু উত্তৰ প্ৰদেশত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ সেই বাবে ৰাজনৈতিক সমীকৰণ গমি-পিটি চাই প্ৰধানমন্ত্ৰীয়ে আজিৰ দিনটোকে আইন বাতিলৰ বাবে শ্ৰেষ্ঠ সময় বুলি বিবেচনা কৰিলে৷ প্ৰধানমন্ত্ৰীৰ ঘোষণাক আদৰণি জনায়ো কৃষক নেতা ৰাকেশ টিকাইতে কৈছে– ‘ভাৰতত ৰাজতন্ত্ৰ নাই, যে টিভিত কৰা ঘোষণা শুনি আন্দোলনকাৰী ঘৰলৈ উভতি যাব৷ চৰকাৰে কৃষকৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰিব লাগিব৷ সংসদত এই তিনিখন আইন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন চলি থাকিব৷’ উল্লেখ্য, শনিবাৰে ৩২ টা কৃষক সংগঠনৰ গোট বি কে ইউ আৰু দেওবাৰে সংযুক্ত কিষাণ মৰ্চাই আন্দোলনৰ পৰৱৰ্তী কাৰ্যসূচী কি হ’ব আৰু আন্দোলন কোনদিনালৈকে অব্যাহত থাকিব সেই সন্দৰ্ভত বৈঠকত মিলিত হৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব৷ শুকুৰবাবে প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পাছত এতিয়াও আন্দোলনকাৰী সমৱেত হৈ থকা দিল্লীৰ সীমান্তৱৰ্তী সিংঘু, টিক্ৰি, গাজীপুৰত কৃষক আন্দোলনকাৰীয়ে লাড্ডু, জেলেপি বিতৰণ কৰি  আৰু নৃত্য-গীত গাই আনন্দ উদযাপন কৰে৷ অৱশ্যে এই আন্দোলনত বিগত ডেৰবছৰত সাতশৰো অধিক আন্দোলনকাৰীৰ মৃত্যু হোৱাৰ ঘটনাই তেওঁলোকক আজি পুনৰ আৱেগ-বিহ৩ল কৰি তোলে৷ তাৎপৰ্যপূৰ্ণ ঘটনা এয়াই যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে তেওঁৰ দীৰ্ঘ সাতবছৰীয়া কাৰ্যকালত এইবাৰেই প্ৰথমবাৰৰ বাবে কোনো আন্দোলনৰ ওচৰত নতি স্বীকাৰ কৰিলে৷ সেই দিশৰ পৰা তেনেই স্পষ্টভাৱে এয়া আন্দোলনকাৰী কৃষকৰ বৃহত্তম জয় বুলি অভিহিত কৰা হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিয়ে কৃষি আইন বাতিলৰ সিদ্ধান্তৰ ঘোষণাৰ পৰাও ৰাজনৈতিক লাভালাভ অৰ্জন কৰিবলৈ আপ্ৰাণ প্ৰয়াস চলোৱাৰ সময়তো কৃষক আন্দোলনকাৰীৰ এই বিজয়ক সকলোৱে উচ্ছৈস্বৰে প্ৰশংসা কৰিবলৈ বাধ্য হৈছে৷ এতিয়াৰ পৰা প্ৰায় এবছৰৰ পূৰ্বে কৃষক আন্দোলনৰ নেতা ৰাকেশ টিকাইতে এই আন্দোলনক কৃষকৰ  সমস্যা আৰু প্ৰধানমন্ত্ৰীৰ অহংকাৰৰ আন্দোলনত পৰিণত হোৱা বুলি মুকলিভাৱে মন্তব্য কৰিছিল৷ ইয়াৰ ফলতে চৰকাৰৰ সৈতে জ্জ লানি আলোচনা হোৱা সত্ত্বেও প্ৰধানমন্ত্ৰী মোদীৰ অহংভাৱৰ বাবে সেই আলোচনা সফল হোৱা নাছিল বুলি তেওঁ মন্তব্য কৰিছিল৷  সেই দিশৰ পৰা এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দীৰ্ঘ সাত বছৰীয়া ৰাজত্বৰ প্ৰথমটো পৰাজয়৷ কেৱল সেয়াই নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ দীঘলীয়া ৰাজনৈতিক জীৱনত দ্বিতীয়বাৰৰ বাবে ৰাজহুৱাকৈ ক্ষমাভিক্ষা কৰিলে৷ গুজৰাটত সংঘটিত বিশ্বৰ কুখ্যাত সাম্প্ৰদায়িক সংঘৰ্ষৰ ক্ষেত্ৰত তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষমা খোজা নাছিল৷ পৰৱত¹ সময়ত বিমুদ্ৰাকৰণ, জি এছ টি বলৱৎকৰণৰ সময়ত দেশবাসীয়ে অভাৱনীয় দুখ-কষ্ট ভোগ কৰা সত্ত্বেও তেওঁ বিৰোধী দলৰ বাৰম্বাৰ দাবী উপেক্ষা কৰি ক্ষমাভিক্ষা কৰা নকৰাকৈ আছিল৷ শেহতীয়াকৈ ক’ভিড অতিমাৰীৰ মাজত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কেতবোৰ সিদ্ধান্তৰ ফলত দেশৰ জনতাই কষ্ট ভোগ কৰাৰ বাবেই তেওঁ এবাৰ দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিছিল৷ এইবাৰ বলপূৰ্বকভাৱে কৃষি আইন প্ৰণয়ন কৰাৰ এবছৰ দুমাহৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকৰ চৰকাৰৰ ভুল হোৱা বুলি স্বীকাৰ কৰাৰ লগতে দেশবাসীৰ ওচৰত ক্ষমা ভিক্ষাও কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক চৰিত্ৰৰ দিশৰ পৰা এয়া ব্যতিক্ৰমী ঘটনা হিচাপে পৰিগণিত হৈছে৷ যোৱা বছৰৰ ছেপ্টেম্বৰত  নৰেন্দ্ৰ মোদী চৰকাৰে উভয় সদনত বলপূৰ্বকভাৱে তিনিখন কৃষি আইন প্ৰণয়ন কৰাৰ পাছৰ  পৰাই উত্তৰ ভাৰতৰ ঘাইকৈ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, ৰাজস্থান, উত্তৰাখণ্ড ইত্যাদি ৰাজ্যৰ কৃষকে এই তিনিখন আইন বাতিলৰ দাবীক প্ৰৱল আন্দোলন গঢ়ি তুলিছিল৷ অৱশ্যে তাৰ পূৰ্বে জুলাইৰ পৰাই পঞ্জাৱত বিতৰ্কিত কৃষি আইনৰ কু-ফল জানিবলৈ পাই আন্দোলন আৰম্ভ হৈছিল৷ নৱেম্বৰত সেই আন্দোলন দিল্লীলৈ বিয়পি পৰে৷ ঘাইকৈ পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যৰ কৃষকে দিল্লীৰসকলোকেইটা ওলোৱ-সোমোৱা পথ বন্ধ কৰি লৈ  কৃষি আইন বাতিলৰ দাবীত আন্দোলন আৰম্ভ কৰে৷ তাৎপৰ্যপূৰ্ণভাৱে সংবাদ মাধ্যমৰ নূ্যনতম সমৰ্থন আৰু প্ৰচাৰ সত্ত্বেও  যোৱা এবছৰ ধৰি কৃষকসকলে দিল্লীৰ সমীপত অৱস্থান গ্ৰহণ কৰি আন্দোলন অব্যাহত ৰাখি আছে৷ আন্দোলনকাৰী কৃষকৰ দাবী, নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰণয়ন কৰা এই তিনিখন কৃষি আইনৰ ফলত  প্ৰচলিত নূ্যনতম সহায়ক মূল্য বা এম এছ পি লাভৰ পৰা কৃষকসকল বঞ্চিত হ’ব৷ তদুপৰি বেচৰকাৰী আৰু বৃহৎ সংস্থাসমূহৰ ওচৰত অবাধে কৃষি পণ্য মজুত ৰখাৰ পথ মুকলি হ’ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আইন প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰিলেও আন্দোলনৰ নেতা ৰাকেশ টিকাইতে কয় যে, সংসদত এই তিনিখন আইন বাতিল নোহোৱা পৰ্যন্ত আন্দোলনকাৰীয়ে অৱস্থান গ্ৰহণ কৰিব থাকিব৷ অৱশ্যে দিল্লীৰ কেইবাটাও সীমান্তত এতিয়াও অৱস্থান গ্ৰহণ কৰি থকা কৃষক আন্দোলনকাৰীয়ে তেওঁলোকৰ দাবী চৰকাৰে মানি লোৱাত আনন্দোৎসৱ উদযাপন কৰিছে৷ এই বিতৰ্কিত তিনিখন কৃষি আইন কেইখন হৈছে– ১] কৃষকৰ উৎপাদিত কৃষি পণ্য ব্যৱসায় আৰু বাণিজ্য সংক্ৰান্তীয় আইন, ২] অত্যাৱশ্যকীয় পণ্য আইন আৰু ৩] কৃষি পণ্যৰ মূল্য নিৰ্ধাৰণ আৰু কৃষি পৰিসেৱা সংক্ৰান্তীয় কৃষক চুক্তি আইন৷ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ যোৱা প্ৰায় ডেৰ বছৰ ধৰি দাবী আছিল এই কৃষি আইনে কৃষকৰ হাত শক্তিশালী কৰিব৷ ইয়াৰ বিপৰীতে এই আইনৰ বিৰোধী আন্দোলনকাৰী, বিৰোধী দল আৰু বিশেষজ্ঞৰ মতে এই আইনে দেশৰ কৃষকৰ মেৰুদণ্ড ভাঙি দিব৷ ঘাইকৈ উপান্ত আৰু ক্ষুদ্ৰ কৃষকসকল মধ্যভোগীৰ হাতত আৰু অধিক শোষিত হ’ব৷  কৃষকৰ এই দাবীৰ ওপৰত ভিত্তি কৰিয়েই আন্দোলন আৰম্ভ হয়৷ প্ৰধানমন্ত্ৰী মোদীয়ে জনোৱা অনুসৰি সংসদৰ পৰৱৰ্তী অধিৱেশনত এই তিনিখন কৃষি আইন বাতিল কৰা হ’ব৷ অহা ২৯ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া শীতকালীন অধিৱেশনতে এই আইন তিনিখন প্ৰত্যাহাৰৰ  প্ৰস্তাৱ উত্থাপন কৰি উভয় সদনতে গৃহীত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ উল্লেখ্য, উচ্ছতম ন্যায়ালয়ৰ স্থগিতাদেশৰ বাবে এই আইন তিনিখন এই পৰ্যন্ত বলৱৎ হোৱা নাই৷ 

৫ জুনঃ তিনিখন কৃষি আইনৰ প্ৰস্তাৱ কেন্দ্ৰৰ ৷ 

১৪ ছেপ্টেম্বৰঃসংসদত অধ্যাদেশ জাৰি৷

১৭ ছেপ্টেম্বৰঃ লোকসভাত অধ্যাদেশ গৃহীত৷

২০ ছেপ্টেম্বৰঃ ৰাজ্যসভাত ধবনি ভোটত গৃহীত কৃষি বিধেয়ক৷

২৫ নৱেম্বৰঃ দেশজুৰি কৃষি আইন বিৰোধী আন্দোলনৰ মাজতে দিল্লী অভিযানৰ আহ্ৱান পঞ্জাৱ-হাৰিয়ানাৰ কৃষকৰ৷ দিল্লীৰ সীমাত আন্দোলনকাৰী উপস্থিত৷

২৮ নৱেম্বৰঃ গৃহমন্ত্ৰী অমিত শ্বাহৰ আলোচনাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান আন্দোলনকাৰীৰ৷

৩ ডিচেম্বৰঃ কৃষক আৰু কেন্দ্ৰৰ প্ৰথম মুখামুখি বৈঠক৷ পৰৱৰ্তী সময়ত আৰু কেইবালানি বৈঠক৷ 

১১ ডিচেম্বৰঃ উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ ভাৰত কিষাণ ইউনিয়ন৷

১২ জানুৱাৰীঃ কৃষি আইন বলৱৎকৰণত স্থগিতাদেশ উচ্ছতম ন্যায়ালয়ৰ৷ দুই পক্ষৰ বক্তব্য শুনি সমাধানসূত্ৰ উলিওৱাৰ বাবে চাৰিজনীয়া কমিটী গঠন৷

২৬ জানুৱাৰীঃ গণতন্ত্ৰ দিৱসত দিল্লীত আন্দোলনকাৰীৰ ট্ৰেক্টৰ সমদল৷ বিক্ষোভকাৰীৰ সৈতে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ, লালকিল্লাত বিক্ষোভকাৰীৰ পতাকা উত্তোলন৷ ইয়াৰ পৰৱৰ্তী সময়তো এই পৰ্যন্ত কৃষক আন্দোলন অব্যাহত আছে কিন্তু শেষবাৰৰ বাবে ৭ জানুৱাৰীত কৃষক আৰু চৰকাৰৰ মাজত হোৱা ব্যৰ্থ আলোচনাৰ পাছত আৰু কোনো আলোচনা হোৱা নাই৷