Logo
image

একনায়কত্বই পথ! আইন বাতিলত ক্ষুব্ধ কংগনা

আমাৰ অসম, ২০নৱেম্বৰঃ আৰম্ভণিৰে পৰাই কৃষি আইনৰ পক্ষত আছিল অভিনেত্ৰী কংগনা ৰানাৱট৷ কিন্তু শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  হঠাৎ সেই আইন প্ৰত্যাহাৰ কৰাত ৰুষ্ট হৈ পৰিছে শেহতীয়াকৈ পদ্মশ্ৰী সন্মান লাভ কৰা অভিনেত্ৰীগৰাকী৷ নিজৰ খং ক্ষোভ ইষ্টাগ্ৰামত কংগনা ৰাণাৱটে এনেদৰে প্ৰকাশ কৰিছে–‘ৰাস্তাৰ মানুহে দেশৰ আইন ঠিক কৰিব নেকি৷ নিৰ্বাচিত চৰকাৰে যদি ঠিক কৰিব নোৱাৰে ৷ যদি এয়াই হয় তেন্তে দেশখনো জেহাদিৰ দেশ হৈ গ’ল৷ ইয়াতকৈ আৰু লজ্জাৰ কাৰণ একো হ’ব নোৱাৰে, তেন্তে কোনে কৰিব৷ উল্লেখ্য যে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিতৰ্কিত তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰিছিল৷ মোদীৰ সিদ্ধান্ত প্ৰকাশ আপত্তি জনাই কংগনাই লিখিছে–‘দেশৰ মানুহৰ  যদি বোধ নাথাকে তেন্তে লাঠি দিয়েই শাসন চলাব লাগিব৷ এইখন দেশত সেইটোৱেই একমাত্ৰ সমাধান সূত্ৰ৷ একনায়কতন্ত্ৰই একমাত্ৰ বিকল্প৷’ উল্লেখ্য যে আজিৰ দিনটো দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰো জন্ম দিন আছিল৷ ইন্দিৰা গান্ধীৰ চৰিত্ৰত এখন ছবিত অভিনয় কৰিছিল কংগনাই৷ ইন্দিৰা গান্ধীকো সুঁৱৰি কংগনাই লিখিবলৈ নাপাহৰিলে ‘শুভ জন্মদিন, মেডাম প্ৰাইম মিনিষ্টাৰ৷’প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কৃষি আইনক লৈ প্ৰথমৰ পৰাই সৰব আছিল কংগনা৷ কৃষকৰ আন্দোলনৰ সন্দৰ্ভত তেওঁ বহুবাৰ বিতৰ্কিত মন্তব্য কৰি আহিছিল৷ কৃষক আন্দোলনৰ প্ৰসংগত বহু তাৰকাৰ সৈতে তেওঁৰ টুইট যুদ্ধও হৈছিল৷ ভাৰতৰ কৃষক আন্দোলনক সমৰ্থন কৰা বিদেশীৰ আগশাৰীৰ তাৰকা তথা লোকসকলো তেওঁ আক্ৰমণৰ লক্ষ্য কৰি লৈছিল৷ আমেৰিকাৰ পপ তাৰকা ৰিহানাক কৃষক আন্দোলন সমৰ্থন কৰাৰ বাবেই পৰ্ণ ছবিৰ গায়িকা আখ্যা দিছিল কংগনাই৷ ইয়াৰ পাছতে টুইটাৰে কংগনাৰ টুইটাৰ একাউণ্টটো ব্লক কৰি দিছিল৷ আজিও কংগনাৰ টুইটাৰ একাউণ্টটো বন্ধ হৈ আছে৷ কংগনাই কৃষক আন্দোলনকাৰী কটাক্ষ কৰি শুকুৰবাৰে পুনৰ লিখিছে–‘দেশখনৰ জেহাদিৰে হৈ গৈছে৷ আৰু যি সকলে ইয়াক বিচাৰিছিল, তেওঁলোকক আমাৰ অভিনন্দন৷’