Logo
image

৮৬ বছৰীয়া বৃদ্ধাই জিনিলে সৌন্দৰ্য প্ৰতিযোগিতাৰ মুকুট

আমাৰ অসম, ২০ নৱেম্বৰঃ এগৰাকী বৃদ্ধাই জিনিলে সৌন্দৰ্য প্ৰতিযোগিতাৰ মুকুট৷ ৮৬ বছৰ বয়সীয়া ছালিনা ষ্টেইনফেণ্ড নামৰ বৃদ্ধা গৰাকীয়ে ইজৰাইলৰ এক সৌন্দৰ্য প্ৰতিযোগিতাৰ মুকুট জয় কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এডল্‌ফ হিটলাৰে চলোৱা ধবংসলীলা আৰু গণহত্যাৰ পৰা প্ৰাণৰক্ষা পৰা মহিলাসকলৰ সন্মানাৰ্থে ইজৰাইলত প্ৰতি বছৰে এই সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ প্ৰতিযোগিতাখনৰ নাম ‘মিছ্‌ হোলোকাষ্ট ছাৰভাইভাৰ’৷ কৰ’নাৰ বাবে যোৱা বছৰ এই প্ৰতিযোগিতা অনুষ্ঠিত নহ’ল৷ কিন্তু চলিত বৰ্ষত এই প্ৰতিযোগিতা যোৱা মঙলবাৰে অনুষ্ঠিত হৈ যায়৷ এই প্ৰতিযোগিতাতে বিজয় মুকুট পৰিধান কৰিবলৈ সক্ষম হয় ইজৰাইলৰ ৮৬ বছৰীয়া বৃদ্ধা ছালিনা ষ্টেইনফেণ্ডে৷ এইবাৰ এই সৌন্দৰ্য প্ৰতিযোগিতাত দহ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল৷ প্ৰতিযোগীসকলৰ বয়স আছিল ৭৯-৯০ বছৰ৷ এওঁলোক আটায়ে নাজী বাহিনীয়ে চলোৱা ধবংসযজ্ঞৰ চিকাৰ আছিল৷ তেওঁলোকৰ কাৰোবাৰ যদি জন্ম ৰোমানিয়াত, কাৰো হয়তো যুগোশ্লাভিয়াত আৰু কাৰোবাৰ ক্ৰৱেছিয়াত৷ কিন্তু তেওঁলোক এতিয়া সকলোৱে থাকে ইজৰাইলত৷ যোৱা মঙলবাৰে জেৰুজালেমৰ এটা যাদুঘৰত অনুষ্ঠিত হৈছিল এইবাৰৰ সৌন্দৰ্য প্ৰতিযোগিতাখনি৷