Logo
image

হিমন্তবিশ্বৰ প্ৰস্থান সৰ্বানন্দৰ প্ৰৱেশ

 আহে, দেখহ শুনহ...

আমাৰ অসম,২০ নৱেম্বৰঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰস্থানৰ পাছতে মাজুলীত কিছুসময়ৰ বাবে উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ বৃহস্পতিবাৰে পুৱাই সদলবলে মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড॰ শৰ্মা৷ মাজুলীত থকা সময়ছোৱাত মাৰাথন কাৰ্যসূচীত অংশ লয় মুখ্যমন্ত্ৰীয়ে৷ মাজুলীত ৰূপায়ণ হৈ থকা বহু প্ৰকল্পৰ ক্ষেত্ৰভিত্তিক বুজ লয় তেওঁ৷ ইয়াৰ সমান্তৰলভাৱে সত্ৰ পৰিভ্ৰমণ, মিত্ৰদল অগপ, গণ শক্তি আৰু বিজেপিৰ দলীয় নেতা কৰ্মীৰে বৈঠক, নিশা মঞ্চ ৰাস আদি কাৰ্যসূচীতো ব্যস্ত থাকে মুখ্যমন্ত্ৰী৷ যি সময়ত সমগ্ৰ মাজুলী ৰাসকলৈ ব্যস্ত হৈ আছিল সেই সময়ত মুখ্যমন্ত্ৰীৰ এনে ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ ফলত এইবাৰ ৰাসৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীহে আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দু হৈ পৰে মাজুলীত৷ সৰ্বসাধাৰণ লোকৰ পৰা আৰম্ভ কৰি প্ৰশাসন, সত্ৰধিকাৰ, ৰাসৰ উদ্যোক্তা সকলো ব্যস্ত হৈ পৰে মুখ্যমন্ত্ৰীক লৈ৷ কালিৰ দিনটো যেন হিমন্ত বিশ্ব শৰ্মাময় হৈ পৰে সমগ্ৰ মাজুলী৷ দক্ষিণপাত সত্ৰত ৰাসলীলালৰ বন্তি প্ৰজ্বলন কৰি উত্তৰ কমলাবাৰী সত্ৰত ৰাসলীলা দৰ্শন কৰি মাজুলীৰ বালি জকাইবোৱাত বংশীধৰ পায়েঙৰ চাংঘৰত নিশা কটায় মুখ্যমন্ত্ৰীয়ে৷ বৃহস্পতিবাৰে মাজুলীত উপস্থিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ মাজুলীৰ ৫০খন মঞ্চৰাসক ৫০ হাজাৰকৈ আৰ্থিক সাহায্য প্ৰদান কৰে৷ একেখন সভাতে যোৱা জ্জ্ব ছেপ্টেম্বৰত মাজুলী যোৰহাট সংযোগী নিমাতী ফেৰীঘাটত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাত পতিত যাত্ৰীক অসীম সাহসেৰে উদ্ধাৰ কৰা যোৰহাটৰ ৪৫জন আৰু মাজুলীৰ প্তজন লোকক ২৫ হাজাৰকৈ টকা পুৰস্কাৰ প্ৰদান কৰে৷ মুখ্যমন্ত্ৰীয়ে শ্ৰীশ্ৰী পিতাম্বৰদেৱ গোস্বামী অসামৰিক চিকিৎসালয়খনত উপলব্ধ বিনামূলীয়া ডায়েলাইছিছ কেন্দ্ৰটোও পৰিদৰ্শন কৰি সামগ্ৰিক কাৰ্যকলাপৰ বুজ লয়৷ তাৰ পৰা মুখ্যমন্ত্ৰীয়ে গড়মূৰত নিৰ্মাণৰত ক্ষুদ্ৰ সচিবালয়ৰ নিৰ্মাণ কাৰ্যৰ বুজ লোৱাৰ লগতে নিৰ্মাণ কাৰ্য সমাপ্ত হোৱা কৰ্মচাৰীৰ আৱাস গৃহ পৰিদৰ্শন কৰে৷ নিৰ্মাণ কাৰ্য বন্ধ হৈ পৰা ক্ষুদ্ৰ সচিবালয়ৰ আৰ্হিৰ উপায়ুক্ত কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে আৰম্ভ কৰিবলৈ বিষয়াবৰ্গক নিৰ্দেশ দিয়ে৷ একেদৰে মাজুলীৰ বৰদুৱাৰত স্থাপন হ’বলগীয়া আদৰ্শ ডিগ্ৰী মহাবিদ্যালয়ৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়৷ ইয়াৰ পিছতে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নিৰ্মাণ ক্ষেত্ৰ পৰিদৰ্শন কৰি কামকাজৰ অগ্ৰগতিৰ বুজ লয়৷ ইয়াৰ পিছতে মাজুলীৰ লুইত ঘাটত খহনীয়া ৰোধৰ ক্ষেত্ৰত চলি থকা প্ৰকল্পৰ কামৰ বুজ লৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰী ডঅ হিমন্ত বিশ্ব শৰ্মাই৷ একেদিনাই বিয়লি মুখ্যমন্ত্ৰীজনে বিজেপিৰ লগতে মিত্ৰদল অগপ আৰু গণশক্তি দলৰ কৰ্মীৰ সৈতে বৈঠকত মিলিত হয়৷ সন্ধিয়া মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শ্ৰীশ্ৰীদক্ষিণপাট সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰ, আউনীআটী সত্ৰ, গড়মূৰ সত্ৰৰ লগতে কেবাখনো মঞ্চৰাসত অংশ লৈ বালি জকাইবোৱাৰ কৃষক বংশীধৰ পায়েঙৰ বাসগৃহত নিশা যাপন কৰে৷ আজি পুৱা বালি জকাইবোৱাত খেৰকতীয়া নদীৰ পাৰত জলসম্পদ বিভাগৰ ত্ৰিশ কোটি টকীয়া এক খহনীয়া প্ৰতিৰোধী আঁচনিৰ শুভ উদ্বোধন কৰে৷ ইয়াতে সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত বংশীধৰ পায়েঙৰ ঘৰত কটোৱা নিশাটো জীৱনৰ এক ডাঙৰ অভিজ্ঞতা বুলি উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীয়ে কয়, মই যিহেতু গুৱাহাটীত ডাঙৰ হৈছো সেয়ে গাঁৱত থকাটো আমাৰ বাবে এক ডাঙৰ অনুভৱ৷ ত্ৰিশ নৱেম্বৰত মই আকৌ আহিম৷ আৰু মাজুলী যোৰহাট সংযোগী দলঙৰ প্ৰথম যিটো পাইলৰ কাম আৰম্ভ হব৷ এই মাংগলিক কাৰ্যত উপস্থিত থাকিম৷ চাৰিবছৰৰ ভিতৰত, ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে মই যি প্ৰতিশ্ৰুতি দিছিলো সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি দলং নিৰ্মাণ সম্পূৰ্ণ কৰিম৷ পুৱা জ্জ্ব-৩০ ত মুখ্যমন্ত্ৰী গৰাকীয়ে গুৱাহাটীলৈ ৰাওনা হয়৷ মুখ্যমন্ত্ৰীয়ে মাজুলী এৰাৰ পিছতে আজি মাজুলী ত উপস্থিত হয়হি কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ সন্ধিয়া মাজুলীত উপস্থিত হৈ সোণোৱালে গড়মূৰ সত্ৰ, গড়মূৰ সৰু সত্ৰত সেৱা লৈ অনিৰুদ্ধ দেৱ কৃষ্টি সংঘত উপস্থিত হয়৷ ইয়াৰ পিছতে উত্তৰ কমলাবাৰী সত্ৰ আৰু নয়া বজাৰ মিলন সংঘত ৰাসলীলা দৰ্শন কৰি বগীবিল হৈ ডিব্ৰুগড়লৈ ৰাওনা হয়৷ বৃহস্পতিবাৰ আৰু আজি দিনৰ ভাগত কেন্দ্ৰীয় মন্ত্ৰী তথা মাজুলীৰ প্ৰাক্তন বিধায়ক সোণোৱাল ডিব্ৰুগড়ত বাহৰ পাতি বিভিন্ন কাৰ্যসূচীত ব্যস্ত থাকে৷ উল্লেখ্য যে শীঘ্ৰে মাজুলীত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব৷ সোণোৱাল মাজুলীৰ বিধায়ক পদ ত্যাগৰ বাবে অনুষ্ঠিত হ’ব এই উপ-নিৰ্বাচন৷ শুকুৰবাৰে সন্ধিয়া কিছু সময়ৰ বাবেহে মাজুলীত ভুমুকি মৰা সমষ্টিটোৰ প্ৰাক্তন বিধায়ক সোণোৱাল পুনৰ ডিব্ৰুগড়লৈ উভতি যায়৷