Logo
image

হতাশ কৰিলে ‘ব্লাড মুনে’

আমাৰ অসম, ২০ নৱেম্বৰঃ‘ব্লাড মুনে’হতাশ কৰিলে৷ মহাকাশপ্ৰেমী অসম তথা ভাৰতবৰ্ষত সুদীৰ্ঘ ৫৮ঙ্ম বছৰৰ অন্তত হোৱা দীৰ্ঘতম চন্দ্ৰগ্ৰহণটোৰ সাক্ষী হ’বলৈ সৌভাগ্য নহ’ল৷ উল্লেখ্য যে, শুকুৰবাৰে বিশ্বত সংঘটিত হ’ল এক বিৰল মহাজাগতিক ঘটনা৷ সুদীৰ্ঘ ৫৮০বছৰৰ অন্তত প্ৰায় ৩ ঘণ্টা, ২৮ মিনিট ২৯ ছেকেণ্ডৰ দীৰ্ঘতম আংশিক চন্দ্ৰ গ্ৰহণটোৰ সাক্ষী হৈ ৰ’ল সমগ্ৰ বিশ্ববাসী৷ শুকুৰবাৰে ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১২.৪৮ বজাৰ পৰা বিয়লি ৪-১৭ বজালৈ হোৱা এই চন্দ্ৰগ্ৰহণ মুখ্যতঃ উত্তৰ আমেৰিকা, ইউৰোপ আৰু পূব এছিয়াৰ কেতবোৰ দেশতহে ভালকৈ দেখা পোৱা গ’ল৷ অসম তথা ভাৰতৰ আন প্ৰান্তত এই চন্দ্ৰগ্ৰহণ দৃশ্যমান নহ’ল৷ গুৱাহাটীৰ তাৰকা গৃহৰ সূত্ৰই জনোৱা মতে শদিয়া, অৰুণাচলৰ ৰয়িং, পাছিঘাটত জোন ওলোৱাৰ লগে লগে ক্ষন্তেক সময়ৰ বাবেহে এই চন্দ্ৰগ্ৰহণৰ আংক্ষিক প্ৰভাৱ দৃশ্যমান হ’ল৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰে যে শতিকাটোত সংঘটিত ২২৮টা চন্দ্ৰগ্ৰহণৰ ভিতৰতো শুকুৰবাৰৰ চন্দ্ৰগ্ৰহণটোৱে সৰ্ববৃহৎ আছিল৷ ইয়াৰ পূৰ্বে ১৪৪০ চনত বিশ্ববাসীয়ে পৃথিৱীৰ প্ৰায় ৯৭ শতাংশ ছাঁ পৰা ইমান বৃহৎ আশিংক চন্দ্ৰগ্ৰহণ প্ৰত্যক্ষ কৰিব পাৰিছিল৷