Logo
image

ঘোষণাৰ পূৰ্বেই ঠিক হৈ আছে ৱাইন শ্বপৰ মালিক

আমাৰ অসম, ২০ নৱেম্বৰঃ এখন ঘৰত পিতৃ-মাতৃ বা সন্তান সুৰাসক্ত হ’লে সেই ঘৰখনে কেনে ভয়ংকৰ দুৰ্যোগ-সংঘাতৰ মাজত দিন কটাবলগীয়া হয়, সেয়া ভুক্তভোগীৰ বাহিৰে আন কোনেও উপলব্ধি কৰিব নোৱাৰে৷ সুৰাৰ বাবে একো একোখন ঘৰ, একো একোখন সংসাৰ থানবান হৈ যোৱাই নহয়, নৱপ্ৰজন্মক কালৰূপী সুৰাই তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলি নিছে৷ যাৰ বাবে ৰাজ্যৰ ঠায়ে ঠায়ে স্থানীয় মহিলা আৰু সচেতন মহলে সুৰাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰা দেখা গৈছে৷ আনকি অসমত সুৰা নিষিদ্ধ কৰাৰ বাবেও বহুতে দাবী কৰাৰ সময়তে ৰাজ্য চৰকাৰে ওলোটাই অসমক ‘সুৰাময়’ কৰাতহে উঠিপৰি লাগিছে৷ আবকাৰী ৰাজহ সংগ্ৰহেৰে ৰাজ্যৰ ৰাজকোষ টনকিয়াল কৰাৰ উদ্দেশ্যে বিজেপি মিত্ৰজোঁট চৰকাৰে চহৰে-নগৰে, অলিয়ে-গলিয়ে বিলাতী সুৰাৰ বিপণী স্থাপনৰ বাবে লোৱা সিদ্ধান্তৰ খবৰ ‘আমাৰ অসম’ত প্ৰকাশ পোৱাৰ পাছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ একমাত্ৰ আবকাৰী ৰাজহ বৃদ্ধিৰ স্বাৰ্থতে ৰাজ্যৰ ১১খন জিলাৰ ২০টা স্থানত ৱাইন শ্বপ খোলাৰ অনুমোদন দিছে চৰকাৰে৷ আবকাৰী বিভাগৰ নিৰ্দেশনা অনুসৰি, সংশ্লিষ্ট ১১খন জিলাৰ উপায়ুক্তই ইতিমধ্যে সুৰা বেপাৰৰ বাবে ইচ্ছুক ব্যক্তিৰ পৰা আৱেদন-পত্ৰ আহ্বান জনাইছে৷ অৱশ্যে প্ৰথম পৰ্যায়ত ১১খন জিলা চিনাক্ত কৰিলেও পৰৱৰ্তী পৰ্যায়ত ৰাজ্যৰ আন আন জিলাসমূহতো ৱাইন শ্বপৰ নতুন অনুজ্ঞা-পত্ৰ প্ৰদান কৰিব বুলি আবকাৰী বিভাগে নিশ্চিত কৰিছে৷ লক্ষণীয় বিষয়টো হৈছে, বিগত ২০ বছৰ ধৰি অসমত ৱাইন শ্বপৰ নতুনকৈ এখনো অনুজ্ঞা-পত্ৰ প্ৰদান কৰা হোৱা নাছিল যদিও বিজেপি মিত্ৰজোঁটে দ্বিতীয়বাৰলৈ চৰকাৰ গঠন কৰাৰ পাছতেই ৱাইন শ্বপৰ অনুজ্ঞা-পত্ৰ প্ৰদানৰ ফাইলত পুনৰ অনুমোদন জনাইছে৷ ক’ভিডৰ সময়ত সুৰাপায়ীয়ে আগবঢ়োৱা আবকাৰী কৰ-কাটলৰ জৰিয়তে ৰাজ্য চৰকাৰে কোনোমতে অৰ্থনৈতিক সংকট জোৰা-টাপলি মাৰিবলৈ সক্ষম হোৱাত এতিয়া আবকাৰী ৰাজহ সংগ্ৰহ বৃদ্ধিত গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ চৰকাৰে৷ ৱাইন শ্বপৰ অনুজ্ঞা-পত্ৰৰ খবৰ বিয়পি পৰাৰ পাছতেই সম্প্ৰতি মন্ত্ৰী-বিধায়কৰ কাৰ্যালয়ে কাৰ্যালয়ে ভিৰ কৰিছে আৱেদনকাৰী ভৱিষ্যতৰ সুৰা বেপাৰীয়ে৷ যাৰ বাবে ৱাইন শ্বপৰ অনুজ্ঞা-পত্ৰৰ নামত মিত্ৰজোঁটৰ কেইবাজনো মন্ত্ৰী আৰু বিধায়কে দৰ-দামতো লিপ্ত হৈছে৷ ইপিনে, ৱাইন শ্বপ খোলাৰ বাবে একাংশ লোকৰ উৎসাহ দেখি মিত্ৰজোঁটৰ কোনো কোনো মন্ত্ৰী আৰু বিধায়কে আত্মীয় তথা সহযোগীৰ নামত নিজেই সুৰাৰ বেপাৰৰ বাবেও আগ্ৰহ প্ৰকাশ কৰা বুলি আবকাৰী বিভাগৰ সূত্ৰই সদৰী কৰিছে৷ আবকাৰী বিভাগৰ সূত্ৰটোৱে লগতে দাবী কৰা অনুসৰি, ১১খন জিলাৰ নিৰ্দিষ্ট ২০টা স্থানত কোন কোন ব্যক্তিৰ নামত ৱাইন শ্বপৰ অনুজ্ঞা-পত্ৰ দিব তাৰ এখন তালিকাও প্ৰায় চূড়ান্ত কৰিছে দিছপুৰে৷ নক’লেও হ’ব যে মদৰ বেপাৰৰ বাবে উৎসাহী এইসকল ‘সৌভাগ্যৱান’ ব্যৱসায়ী হৈছে শাসকীয় মিত্ৰদলৰে আশিসধন্য৷ ইতিমধ্যে ইয়াৰ কেইবাজনো ব্যৱসায়ীয়ে নিৰ্দিষ্ট স্থানত ব্যৱসায় প্ৰতিষ্ঠান নিৰ্মাণৰ কামো আৰম্ভ কৰি দিছে৷ অৱশ্যে ৱাইন শ্বপ খোলাৰ বাবে ইচ্ছুক একাংশ ব্যক্তিয়ে অভিযোগ কৰা অনুসৰি, কোনো সাধাৰণ ব্যৱসায়ীয়ে যাতে ৱাইন শ্বপৰ বাবে আৱেদন কৰিব নোৱাৰে তাৰ বাবে কঠোৰ চৰ্ত আৰোপ কৰা হৈছে আৱেদনৰ প্ৰ-পত্ৰত৷ বিশেষকৈ আৱেদনকাৰীৰ প্ৰয়োজনীয় সকলো এনঅ’চি সঠিক হোৱাৰ লগতে আৱেদনৰ প্ৰ-পত্ৰৰ সৈতে ৰ লাখ টকা মাচুল জমা দিয়াৰো চৰ্ত আৰোপ কৰা হৈছে৷ এই চৰ্তক লৈ একাংশ ইচ্ছুক ব্যৱসায়ীয়ে আপত্তি কৰা পৰিলক্ষিত হৈছে৷ কিয়নো আৱেদন-পত্ৰ নাকচ হ’লেও অৰ্থাৎ আৱেদনকাৰীক ৱাইন শ্বপৰ অনুজ্ঞা-পত্ৰৰ বাবে বাছনিযোগ্য ঘোষণা নকৰিলেও ঘূৰাই দিয়া নহয় জমা লোৱা মাচুলৰ ১ লাখ টকা৷ স্বাভাৱিকতেই ‘নন-ৰিফাণ্ডেব্‌ল’ ১ লাখ টকা মাচুলৰ চৰ্ত আৰোপ কৰাৰ অন্তৰালত পছন্দৰ ব্যক্তিক ৱাইন শ্বপৰ অনুজ্ঞা-পত্ৰ প্ৰদানৰ ষড়যন্ত্ৰ যে অন্তৰ্নিহিত হৈ আছে সেয়া স্পষ্ট হৈ পৰিছে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে, মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নেতৃত্বাধীন আবকাৰী বিভাগে কেৱল বিলাতী সুৰাৰ বিপণীয়েই নহয়, গাঁৱে গাঁৱে দেশীয় সুৰাৰ খুচুৰা বিপণীৰো অনুজ্ঞা-পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ অৱশ্যে ৰাজ্য চৰকাৰে আবকাৰী ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে বিলাতী সুৰা আৰু দেশীয় সুৰাৰ বিপণী খোলাৰ সিদ্ধান্ত লোৱাৰ সময়তে খোদ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ ৰাজনৈতিক উপদেষ্টা তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্তমল্ল বৰুৱাই গৃহ জিলাখনত নতুনকৈ ‘বাৰ’ৰ অনুজ্ঞা-পত্ৰ প্ৰদান অনিৰ্দিষ্টকাললৈ বন্ধৰ নিৰ্দেশ দিয়াৰ কাৰ্যই তাৎপৰ্য বহন কৰিছে৷ বিধায়কজনে দায়বদ্ধতাৰ পৰিচয় দি নলবাৰী জিলাত সুৰাৰ অবাধ প্ৰচলনেৰে পৰিৱেশ বিনষ্ট হোৱাৰ পৰা ৰক্ষা কৰাৰ চেষ্টা চলালেও বিধায়কজনে নিজেই প্ৰতিনিধিত্ব কৰা মিত্ৰজোঁটৰ চৰকাৰখনে ৰাজ্যৰ ১১খন জিলাৰ ২০টা স্থানত সুৰা উভৈনদী কৰাতহে নামি পৰিছে৷ লক্ষণীয়ভাৱে আবকাৰী বিভাগে অৰুণাচলী আৰু ভূটানৰ অবৈধ সুৰাৰ প্ৰচলন থকা স্থানতহে নতুনকৈ ৱাইন শ্বপৰ অনুজ্ঞা-পত্ৰ প্ৰদান কৰিব বুলি যুক্তি দাঙি ধৰিছে৷ অৱশ্যে ‘সুৰাময় অসম’ কৰাৰ চেষ্টা চলোৱা মিত্ৰজোঁট চৰকাৰৰ এই সিদ্ধান্তক অনাগত দিনত ৰাজ্যবাসীয়ে কিদৰে গ্ৰহণ কৰিব সেয়া হ’ব লক্ষণীয়৷