Logo
image

প্ৰতিটো পৰীক্ষাই এতিয়া চৰকাৰৰ অগ্নিপৰীক্ষা

আমাৰ অসম, ২৩ নৱেম্বৰঃ যি বিজেপি দলে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ আমোলত সংঘটিত অসম লোকসেৱা আয়োগৰ কেলেংকাৰিক মূল নিৰ্বাচনী ইছ্যু হিচাপে লৈ ক্ষমতালৈ আহিলে, সেই বিজেপি চৰকাৰৰ কাৰ্যকালতে প্ৰতিটো নিযুক্তি পৰীক্ষাতে এতিয়া চৰম অনিয়ম, দুৰ্নীতি তথা স্বজন-তোষণৰ অভিযোগ উঠিছে৷বিজেপি মিত্ৰজোঁটৰ চৰকাৰে কোনো এটা নিযুক্তিয়েই কেলেংকাৰি তথা আসোঁৱাহ মুক্তভাৱে সম্পন্ন কৰিবলৈ সক্ষম হোৱা নাই৷ সাধাৰণ চতুৰ্থবৰ্গৰ পদৰ নিযুক্তি বাছনি পৰীক্ষা এটাও সুকলমে অনুষ্ঠিত কৰিব পৰা নাই চৰকাৰে৷ স্বচ্ছতাৰে নিযুক্তি পৰীক্ষা এটা অনুষ্ঠিত কৰাটো এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বাবে অগ্নি পৰীক্ষাত পৰিণত হৈছে৷ কিয়নো এপিএছ চিৰ পৰা এপিডিচিএলৰ পৰীক্ষালৈ, আৰক্ষী নিযুক্তিৰ পৰা টে’ট পৰীক্ষালৈ, পৰিবহণ বিভাগৰ নিযুক্তিৰ পৰা ফৰেনছিক বিজ্ঞানাগাৰৰ তৃতীয়-চতুৰ্থবৰ্গৰ পদলৈ, স্বাস্থ্য বিভাগৰ নিযুক্তিৰ পৰা শিক্ষা বিভাগৰ পিয়ন- চকীদাৰ পদৰ পৰীক্ষালৈ প্ৰতিটো পৰীক্ষাতে যেন দুৰ্নীতি-অনিয়মৰ অন্ত নাই৷ যাৰ বাবে তদন্তৰ পাছত তদন্ত ঘোষণা কৰি পাৰ পোৱা নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে৷ এপিডিচিএলৰ পৰীক্ষাৰ কেলেংকাৰিৰ গোচৰত সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ষ্ট্ৰং ৰুমৰ তলা ভাঙি অ’ এম আৰ শ্বীট আৰু কম্পিউটাৰ-লেপটপ জব্দ কৰে মুখ্যমন্ত্ৰী নিৰীক্ষণ কোষে৷ ভিজিলেন্সৰ তদন্তকাৰী বিষয়াই পৰীক্ষাৰ ১.৮০ লাখ প্ৰাৰ্থীৰ অ’ এম আৰ শ্বীট আৰু ৩ টা লেপটপ-কম্পিউটাৰ জব্দ কৰি মুখ্য কাৰ্যালয়লৈ লৈ অনা বুলি জানিব পৰা গৈছে৷ এপিডিচিএলৰ প্ৰায় ৰ,৮০০ পদৰ নিযুক্তি কেলেংকাৰি গোচৰত ইতিপূৰ্বে চি এম ভিজিলেন্সে বিজুলী ভৱনত অভিযান চলাই এপিডিচিএলৰ তদানীন্তন অধ্যক্ষ ভি কে পিপাৰচেনিয়াৰ অ’ এছ ডি দীপাংকৰ দিহিঙীয়াৰ লগতে এজন মুখ্য মহাপ্ৰৱন্ধকক গ্ৰেপ্তাৰ কৰিছে৷ আনহাতে অ’ এম আৰ শ্বীট মূল্যায়নৰ সৈতে জড়িত গুৱাহাটী বিশ্ববিদ্যালয় তিনিজন কৰ্মচাৰীকো গ্ৰেপ্তাৰ কৰিছে ভিজিলেন্সে৷ তিনিশৰো অধিক প্ৰাৰ্থীক ধনৰ বিনিময়ত অ’ এম আৰ শ্বীট জালিয়াতিৰে বাছনি কৰাৰ পৰিকল্পনাৰ তথ্য লাভ কৰাৰ পাছতেই তদন্তকাৰী চি এম ভিজিলেন্সে সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত অভিযান চলাই লকাৰ ভাঙি অ’ এম আৰ শ্বীটসমূহ জব্দ কৰে৷ এপিডিচিএলৰ এই পৰীক্ষাৰ কেলেংকাৰিৰ তদন্তৰ সমান্তৰালভাৱে টে’ট পৰীক্ষাৰ কেলেংকাৰিৰ তদন্ত অব্যাহত ৰাখিছে চি আই ডিয়ে৷ ৰাজ্যৰ উচ্ছ আৰু নিম্ন প্ৰাথমিকৰ ২০২১ বৰ্ষৰ সাধাৰণ টে’ট পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পাছতেই একাংশ পৰীক্ষাৰ্থীলৈ হোৱাটছএপত বিভিন্ন নম্বৰৰ পৰা ধনৰ বিনিময়ত পৰীক্ষাত পাছ কৰাই দিয়া অৰ্থাৎ মাৰ্কশ্বীটত নম্বৰ বঢ়াই দিয়াৰ প্ৰলোভন প্ৰস্তাৱেৰে মেছেজ আহিছে৷   বিদেশৰ নম্বৰৰ পৰা হোৱাটছ এপত এনে নম্বৰ আহিছে যদিও কোনো কোনো নম্বৰৰ পৰা অসমীয়াতো প্ৰাৰ্থীৰ সৈতে বাৰ্তালাপ কৰা বুলিও অভিযোগ উঠিছে৷ ছ’চিয়েল মিডিয়াত এনে হোৱাটছএপ বাৰ্তা ভাইৰেল হৈ পৰাৰ পাছতেই শিক্ষা বিভাগৰ ফালৰ পৰা অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ চমুকৈ চি আই ডিক অভিযোগ দাখিল কৰিছে৷ এই অভিযোগৰ ভিত্তিত চি আই ডিয়ে এছ আই টি গঠন কৰি তদন্ত অব্যাহত ৰখা বুলিও শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে৷ কিন্তু প্ৰায় কুৰি দিন ধৰি প্ৰাৰ্থীয়ে এনে মেছেজ লাভ কৰি আহিছে যদিও চি আই ডিয়ে আজিলৈকে চক্ৰটোক জালত পেলাবলৈ সক্ষম হোৱা নাই৷ অৱশ্যে, এই ঘটনাৰ সন্দৰ্ভত চি আই ডিয়ে কোনো মুখ খোলা নাই যদিও ছেবা কতৃৰ্পক্ষই দুষ্টচক্ৰই টে’ট পৰীক্ষা ‘ছাৰ্ভাৰ’ হেক কৰি প্ৰলোভনৰ মেছেজ দিয়া বুলি উঠা অভিযোগ অস্বীকাৰ কৰিছে৷ ছেবা কতৃৰ্পক্ষই ব’ৰ্ড তথা টে’ট পৰীক্ষা সম্পৰ্কীয় ‘ছাৰ্ভাৰ’ হেক হোৱাৰ কথা মানি ল’ব নিবিচৰা কাৰ্যই এটা কথা ইংগিত দিছে যে ছেবাৰ ভিতৰৰ কোনো কৰ্মচাৰীয়েই হয়তো দুষ্ট চক্ৰক প্ৰাৰ্থীৰ ফোন নম্বৰকে ধৰি নাম-ঠিকনাৰ গোপনীয় তথ্য যোগান ধৰিছে৷ যদিহে ‘ছাৰ্ভাৰ’ হেক হোৱা নাই আৰু প্ৰৱঞ্চনা চক্ৰটোত পৰীক্ষাৰ লগত জড়িত থকা কোনো কৰ্মচাৰীৰ সম্পৰ্ক নাই, তেনেহ’লে প্ৰাৰ্থীৰ গোপনীয় তথ্য দুষ্ট চক্ৰৰ হাতলৈ গ’ল কেনেকৈ? উল্লেখ্য ৩১ অক্টোবৰত ৰাজ্যজুৰি অনুষ্ঠিত হোৱা টে’ট পৰীক্ষাতো পৰীক্ষাৰ পূৰ্বেই প্ৰশ্নকাকত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ অভিযোগ উঠিছিল৷ পুৱা ৮.৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা পৰীক্ষাৰ ২০-২৫ মিনিট পূৰ্বেই মোবাইলত ফটো তোলাৰো তথ্য পোহৰলৈ আহিছিল৷ কেইবাটাও উৎসৰ পৰা ছ’চিয়েল মিডিয়াত প্ৰশ্নকাকত ভাইৰেল হৈ পৰিছিল বুলি সন্দেহ কৰা হৈছিল যদিও ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈন আৰু সচিব সুৰঞ্জনা সেনাপতিয়ে সমগ্ৰ অভিযোগ গাপ দি ৰাখিবলৈ চেষ্টা চলোৱা দেখা গৈছিল৷ ভাইৰেল হোৱা প্ৰাৰ্থীৰ ৰোল নম্বৰ সম্বলিত এখন প্ৰশ্নকাকতৰ বাবে বৰাকৰ এজন শিক্ষকক আটক কৰা হ’ল যদিও পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টোৰ আজিও তদন্ত নহ’ল৷ ইপিনে, জাল টে’ট প্ৰমাণ-পত্ৰৰে বিটিএডিত একাংশই শিক্ষকৰ চাকৰি লাভ কৰাৰ তথ্য উন্মোচন হোৱাৰ পাছতেই শিক্ষা বিভাগে ৰুজু কৰা গোচৰৰ ভিত্তিত চিআইডিয়ে ভুৱা শিক্ষক আৰু দালাল চক্ৰটোক গ্ৰেপ্তাৰ কৰিছে৷ ইপিনে এই ঘটনাৰ পাছতেই শিক্ষা বিভাগে পৰ্যায় ক্ৰমে ২০১৬ চনৰ পৰা ২০২১ চনৰ ভিতৰত নিযুক্তি লাভ কৰা সকলো টে’ট  শিক্ষকৰ নথি-পত্ৰ পুনৰীক্ষণৰ নিৰ্দেশ প্ৰদান কৰিছে৷ সেই সূত্ৰেই মাধ্যমিক শিক্ষা সঞ্চালকে হাইস্কুল আৰু উচ্ছতৰ মাধ্যমিকৰ ৫,৫৯২জন টে’ট শিক্ষকৰ নথি-পত্ৰসমূহ পৰীক্ষাৰ বাবে চি আই ডিক অৰ্পণ কৰিছে৷ ইতিমধ্যে চি আই ডিয়ে ভুৱা শিক্ষক চিনাক্তকৰণৰ বাবে নথি পত্ৰ পৰীক্ষাৰ কাম আৰম্ভ কৰিছে৷ চি আই ডিৰ এই তৎপৰতাৰ বিপৰীতে  দুটা কোষাগাৰৰ পৰা  পৃথকে-পৃথকে চাকৰিৰ বাবদ দৰমহা আদায় কৰি অহাৰ অভিযোগত সোমবাৰে মাধ্যমিক শিক্ষা সঞ্চালকে ৭০জন শিক্ষকৰ শুনানি গ্ৰহণ কৰে৷ উক্ত ৭০জন শিক্ষকৰ অধিকাংশৰে কোনো অনিয়ম ধৰা পৰা নাই যদিও দুই এজনেহে ইচ্ছাকৃতভাৱে অনিয়মত লিপ্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে বুলি মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সূত্ৰই জানিবলৈ দিছে৷ কেৱল টে’ট পৰীক্ষাই নহয়, দুদিন পূৰ্বে প্ৰাথমিক শিক্ষা বিভাগৰ তিনি শতাধিক চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা বাতিল কৰে৷ প্ৰায় ডেৰ লাখ প্ৰাৰ্থীয়ে লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাটোত অনিয়মৰ অভিযোগ উঠাৰ পাছতেই মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে  শিক্ষা বিভাগে বাতিলৰ নিৰ্দেশনা জাৰিকৰে৷ ইয়াৰ পূৰ্বে সোণোৱাল চৰকাৰৰ কাৰ্যালয়ত অনুষ্ঠিত এপিডিচিএলৰ ১৮০০পদৰ পৰীক্ষাও বাতিল কৰিছিল৷ ইপিনে শেহতীয়াকৈ অসম লোকসেৱা আয়োগে উদ্যোগ বিভাগৰ ফাংচেনেল মেনেজাৰ, প্ৰজেক্ট মেনেজাৰ আৰু উপ-সঞ্চালক পদৰ ফলাফলত পূৰ্বে বাতিল কৰা তালিকাৰ ৮অযোগ্য প্ৰাৰ্থীক বাছনি কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ তদুপৰি এপিএছচিৰ ২০১৮ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফলক লৈ গোচৰ চলি থকাৰ মাজতে সদ্য ঘোষিত ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক ‘প্ৰাৰম্ভিক’ পৰীক্ষাৰো আজিলৈ ‘এনছাৰ কী’ আৰু কাট অফ মাৰ্ক ৰাজহুৱা নকৰাত পৰীক্ষাৰ্থীসকল  ক্ষুব্ধ হৈ পৰিছে৷ শেহতীয়াকৈ ফৰেনছিক বিজ্ঞানাগাৰত ৪টা কনিষ্ঠ সহায়ক পদৰ নিযুক্তিতো সঞ্চালকালয়ৰ এজন যুটীয়া সঞ্চালকৰ দুই আত্মীয়ৰ লগতে সঞ্চালকৰ ঘনিষ্ট এজন কৰ্মচাৰীক বাছনি কৰাৰ তথ্য ‘আমাৰ অসম’এ  পোহৰলৈ আনিছিল৷ কিন্তু এই পৰীক্ষা কেলেংকাৰি আজিলৈকে তদন্ত ঘোষণা কৰা নহ’ল৷ ইপিনে বিগত বৰ্ষত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাতো প্ৰশ্ন কাকত ফাদিলেৰে ব্যাপক কেলেংকাৰি সংঘটিত হোৱাত সমগ্ৰ পৰীক্ষাকে বাতিল কৰিবলৈ  বাধ্য হৈছিল গৃহবিভাগে৷ স্বাভাৱিকতেই এতিয়া ৰাজ্য চৰকাৰৰ বাবে কোনো পৰীক্ষা আঁসোৱাহমুক্তভাৱে অনুষ্ঠিত কৰাটো বৃহৎ প্ৰত্যাহ্বান হিচাপে চিহ্নিত হৈছে৷