Logo
image

কাইলৈ বঙাইগাঁৱত কেবিনেট হাঁহে-মাছে-মঙহে তুমুল প্ৰস্তুতি

আমাৰ অসম, ২৩নৱেম্বৰঃ বঙাইগাঁৱত অনুষ্ঠিত হ’বলগীয়া অসম চৰকাৰৰ কেবিনেট বৈঠকক লৈ এতিয়া সৰ্বত্ৰ উৎকণ্ঠা৷ প্ৰথমবাৰৰ বাবে জিলাখনত হ’বলগীয়া কেবিনেট বৈঠকক লৈ বিশেষকৈ প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে চলাইছে বিশেষ তৎপৰতা৷ কেবিনেট বৈঠকত অংশগ্ৰহণ কৰিব লগা মন্ত্ৰী-মন্ত্ৰীমণ্ডলীক সম্পূৰ্ণ গ্ৰাম্য পৰিৱেশত থকাৰ পৰা শোৱালৈকে যাৱতীয় ব্যৱস্থা কান্ধ পাতি লৈছে প্ৰাক্তন মন্ত্ৰীজনে৷ ২৪ নৱেম্বৰত বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হ’ব কেবিনেট বৈঠকখন৷ ইয়াৰ পূৰ্বে বিশেষ থলুৱা আৰু দক্ষিণ ভাৰতীয় খাদ্য সম্ভাৰেৰে মন্ত্ৰীমণ্ডলীক ব্ৰেকফাষ্ট কৰোৱাৰ বাবে তৎপৰতা অৱলম্বন কৰিছে প্ৰাক্তন মন্ত্ৰী চৌধুৰীয়ে৷ কিয়নো বঙাইগাঁৱত হ’বলগীয়া বৈঠকখনক লৈ স্থানীয় ৰাইজো যথেষ্ট আশাবাদী আৰু উৎকণ্ঠিত৷ কেবিনেট বৈঠকত বঙাইগাঁওবাসীয়ে বিশেষ ধৰণৰ সুখবৰ পাব বুলিও আশাবাদী৷ প্ৰাক্তন মন্ত্ৰী চৌধুৰীয়ে সোমবাৰে ‘আমাৰ অসম’ক জনোৱা মতে কেবিনেট বৈঠকৰ আগে পিছে বিশেষভাৱে প্ৰস্তুত কৰা থলুৱা খাদ্য-সামগ্ৰী পৰিৱেশন কৰা হ’ব৷ প্ৰাক্তন মন্ত্ৰীজনে জনোৱা মতে সিদিনা দিনৰ ১১ বজাত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকৰ পূৰ্বে থলুৱা পিঠা-পনাৰ উপৰি ডোচা, ইদলি, ৰুটি, পুৰী আদিকে ধৰি প্ৰয়োজন অনুসৰি সকলো ধৰণৰ দক্ষিণ ভাৰতীয় খাদ্য ব্ৰেকফাষ্টৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে৷ সমান্তৰালভাৱে দুপৰীয়াৰ আহাৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে বিখ্যাৎ পদ্মা নদীৰ সু-স্বাদু ইলিছৰ উপৰি পাঁচবিধ মাছ৷ খাদ্যৰ তালকিাত থাকিব সকলো ধৰণৰ থলুৱা শাক, চাৰিবিধ মাংস৷ অন্তৰ্ভুক্ত হৈছে গুৱাহাটীৰ পৰা নিয়া তেৰেচীয়া হাঁহৰ মাংস৷ মাংসৰ তালিকাত আছে মৰ্টন, পৰ্ক, লোকেল চিকেন আৰু হাঁহ৷ ইপিনে মাছৰ তালিকাত আছে ইলিশ, পাবদা, ভেটকি, গলদা শিঙড়া আৰু লোকেল কাতলা৷ এই খাদ্য সম্ভাৰৰ ভিতৰত ইলিশ, পাবদা, ভেটকি আৰু গলদা শিঙড়া মাছ আহিব কলকাতাৰ পৰা৷ কমেও ২.৫ কেজিৰ ওজনৰ সুস্বাদু ইলিশ মাছৰ অকল পেটৰ অংশ থাকিব এই খাদ্য জুতিত৷ জহা চাউলৰ জুতি লগাই অতিথি আপ্যায়নৰ বাবে এই খাদ্য সম্ভাৰৰ বাবে চলোৱা হৈছে ব্যাপক প্ৰস্তুতি৷ তদুপৰি এই খাদ্য সম্ভাৰত থাকিব গংগা নদীৰ পাবদা মাছ৷ অৱশ্যে বিচৰা ধৰণৰ সকলো মাংসৰ ভিন্ন ব্যঞ্জন দুপৰীয়াৰ আহাৰৰ সৈতে থাকিব৷ খাদ্যৰ তালিকাত থাকিব সৰভোগৰ দৈ, বঙাইগাঁৱৰ মিঠাই৷ মুঠতে অতিথি মন্ত্ৰীবৰ্গক আপ্যায়নৰ ক্ষেত্ৰত সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰাক্তন মন্ত্ৰী চৌধুৰীয়ে৷ অতিথিসকলক আদৰণি জনোৱা হ’ব ফুলাম গামোছাৰ উপৰি ৰাজবংশীসকলৰ পৰাম্পৰাগত বস্ত্ৰৰে৷ বৈঠকৰ পূৰ্বে জিলাখনৰ বিভিন্ন দল-সংগঠনে মন্ত্ৰীবৰ্গক প্ৰথমে সাক্ষাৎ কৰি জিলাখনৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবী জনোৱাৰ ব্যৱস্থাও কৰা হৈছে৷ কেবিনেটৰ বাবে আন্তঃগাঁথনিৰ সকলো দিশ তদাৰক কৰিছে জিলা উপায়ুক্ত এম এছ লক্ষ্মীপ্ৰিয়াই৷ ইতিমধ্যে সমগ্ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়-সভাকক্ষ আৰু বাট-পথো মেৰামতি কৰি চূণ-তেল দি উজলাই তোলা হৈছে৷ কেবিনেট বৈঠক সফল আৰু নিৰাপদে সম্পন্ন কৰাৰ বাবে কাৰ্যতঃ উবুৰি খাই পৰিছে জিলা প্ৰশাসন৷ ইতিমধ্যে জিলাখনৰ নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰা হৈছে৷ সাজু কৰি তোলা হৈছে স্থানীয় আৱৰ্তভৱনসহ বিলাসী হোটেলসমূহো৷ জিলা প্ৰশাসনৰ সকলো কাম-কাজ আৰু প্ৰচাৰৰ ক্ষেত্ৰত যাৱতীয় সক্ৰিয়তা প্ৰদৰ্শন কৰিছে জিলা তথ্য আৰু জনসংযোগ বিষয়া বিনীতাৰাণী ৰাজবংশীয়ে৷ মুঠতে কেবিনেট বৈঠক আৰু সুৰক্ষাৰ দিশত সঘনাই বৈঠকত মিলিত হৈঠে জিলা প্ৰশাসনৰ মুৰব্বীসকল৷ মন্ত্ৰীমণ্ডলীয়ে যাতে কোনো ক্ষেত্ৰত অসুবিধা অসন্তুষ্টিৰ সন্মুখীন হ’বলগীয়া নহয় সেই দিশতো বিশেষ গুৰুত্ব আৰোপ কৰিছে জিলা প্ৰশাসনে৷ কেবিনেট বৈঠকসমূহ দিছপুৰকেন্দ্ৰিক নহৈ অন্যান্য জিলাসমূহতো অনুষ্ঠিত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে যি উদ্যোগ গ্ৰহণ কৰিছে তাৰ অংশ হিচাবে এইবাৰৰ কেবিনেট বৈঠক ২৪ নৱেম্বৰত বঙাইগাঁৱত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ প্ৰতিগৰাকী কেবিনেট মন্ত্ৰীয়ে বঙাইগাঁৱলৈ অহা যোৱাৰ বাটত জিলা আৰু মহকুমা ভ্ৰমণ কৰি ক্ষেত্ৰ পৰিদৰ্শন কৰিব৷ সেইমৰ্মে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে যাত্ৰাৰ আৰম্ভণিতে বাগ্‌সা উভতি আহোঁতে গোৱালপাৰা, মন্ত্ৰী অতুল বৰাই যাওঁতে ৰঙিয়া উভতি আহোঁতে উত্তৰ শালমাৰা, উৰ্খাউ গৌৰা ব্ৰহ্মই যাওঁতে বজালী উভতি আহোঁতে বিজনী, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যাত্ৰাৰ আৰম্ভণিতে বৰপেটা ওভতনি যাত্ৰাত চিৰাং, মন্ত্ৰী পৰিমল শুক্লবৈদ্যই যাওঁতে চিৰাং আৰু উভতি আহোঁতে ৰঙিয়া ভ্ৰমণ কৰিব৷ আনহাতে, মন্ত্ৰী কেশৱ মহন্তই যাওঁতে গোৱালপাৰা উভতি আহোঁতে বজালী, মন্ত্ৰী ৰণোজ পেগুৱে যাত্ৰাৰ আৰম্ভণিতে শালবাৰী উভতি আহোঁতে বৰপেটা, মন্ত্ৰী যোগেন মহনে যাওঁতে বিজনী উভতি আহোঁতে শালবাৰী, মন্ত্ৰী সঞ্জয় কিষাণে যাওঁতে বিলাসীপাৰা উভতি আহোঁতে তামুলপুৰ, মন্ত্ৰী অজন্তা নেওগে যাত্ৰাৰ আৰম্ভণিতে কামৰূপ উভতি আহোঁতে নলবাৰী, মন্ত্ৰী পীযুষ হাজৰীকাই যাওঁতে দক্ষিণ কামৰূপ উভতি আহোঁতে বাগ্‌সা, মন্ত্ৰী বিমল বৰাই যাওঁতে তামুলপুৰ উভতি আহোঁতে বিলাসীপাৰা পৰিভ্ৰমণ কৰি ক্ষেত্ৰ পৰিদৰ্শন কৰিব৷ তেওঁলোকে যাত্ৰাৰ আৰম্ভণিতে অংগনবাদী কেন্দ্ৰ, চিকিৎসালয় যেনে– সমূহীয়া স্বাস্থ্যকেন্দ্ৰ, প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ ইত্যাদি, জল জীৱন মিছন আঁচনিসমূহ, প্ৰাথমিক বিদ্যালয়সমূহ, প্ৰতিষেধক কেন্দ্ৰসমূহ, অন্যান্য গুৰুত্বপূৰ্ণ বিষয়ৰ তদাৰক ইত্যাদি পৰ্যালোচনা কৰিব৷ আনহাতে, মন্ত্ৰীসকলে ওভতনি যাত্ৰাত অৰুণোদয় আঁচনি, বিধৱা পেঞ্চন আঁচনি, বৃদ্ধ পেঞ্চন আঁচনি, ক’ভিড সাহায্য আঁচনি, অটল অমৃত অভিযান আৰু প্ৰধানমন্ত্ৰীজন আৰোগ্য যোজনাৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰিব৷ তৃণমূল পৰ্যায়ৰ পৰা অসমৰ সবলীকৰণ বিশেষকৈ কাৰ্যদক্ষতা আৰু উৎপাদনশীলতা বৃদ্ধিৰ প্ৰয়াসেৰে বৰ্তমান চৰকাৰে কেবিনেট বৈঠকসমূহ বিভিন্ন অঞ্চলত অনুষ্ঠিত কৰাৰ প্ৰচেষ্টা হাতত লৈছে৷গুৱাহাটীৰ তেৰেচীয়া হাঁহৰ পৰা পদ্মাৰ ইলিচলৈ... নামনি অসমৰ অন্যতম প্ৰানকেন্দ্ৰস্বৰূপ বঙাইগাঁও চহৰত অহা ২৪ নৱেম্বৰত অনুষ্ঠিত হব ৰাজ্যৰ কেবিনেট মিটিং৷ যাৰ বাবে বঙাইগাঁও চহৰক ন-ৰূপত সজোৱা হৈছে৷ এই কেবিনেট বৈঠক অনুষ্ঠিত হ’ব বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত৷ মন্ত্ৰী সকলোৰ নৈশযাপনৰ ব্যবস্থা কৰা হৈছে বঙাইগাঁও আৱৰ্ত ভৱন, পুৰণি ডি চি বাংলো আৰু অভয়াপুৰী আৱৰ্ত ভৱন৷ দিনে নিশা কাম কৰি বঙাইগাঁও আৱৰ্ত ভৱন, পূৰনী ডিচি বাংলোকো ন-ৰূপত সজোৱা হৈছে৷ তদুপৰি বঙাইগাঁও চহৰৰ প্ৰায়বোৰ প্ৰধান বাট পথ বিশেষকৈ বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয় আৰু বঙাইগাঁও আৱৰ্ত ভৱন সংযোগী সকলো বাট পথ ব্লেক টপিং কৰি নতুন ৰূপ দিয়া হৈছে৷ আবৰ্ত ভৱন সংযোগী সকলো দেৱালত ৰং কৰাৰ লগতে পেইণ্টিং কৰা হৈছে৷ চহৰ খনৰ মাজমজিয়াত অৱস্থিত বীৰ চিলাৰায় ফ্লাইঅভাৰখনো ৰং কৰি নতুন ৰূপে সজোৱা হৈছে৷ স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীয়ে জনোৱা জনোৱা মতে ২৪ নৱেম্বৰত এই কেবিনেট বৈঠক অনুষ্ঠিত হব যদিও মুখ্যমন্ত্ৰীকে ধৰি বাকী মন্ত্ৰী সকলে ২৩ নৱেম্বৰ বিয়লি ভাগত বঙাইগাঁৱত আহি পাব৷ ২৩ নৱেম্বৰত কেৱাটাও কাৰ্যসূচী ৰখা হৈছে৷ ২৩ নৱেম্বৰত বঙাইগাঁও বীৰ চিলাৰায় উৰনীয়া সেতুত নিৰ্মীয়মাণ ক্লক টাৱাৰ, বঙাইগাঁও পৰিবেশ উদ্যানত পাব্লিক একৰিয়াম আৰু বঙাইগাঁও কলেজৰ সন্মুখত ৱাকিং জ’নৰ উদ্বোধন কৰা হব৷ ২৪ নৱেম্বৰত কেবিনেট বৈঠকৰ সমাপ্ত হোৱাৰ পিছত দুপৰীয়া আহাৰ গ্ৰহণ কৰা হব৷ আহাৰ গ্ৰহণৰ পাছতে বঙাইগাঁও ইণ্ডিগেটেড জিলা উপায়ুক্ত কাৰ্যালয়, পৌৰসভাৰ অধীনত তল মহলা সহ ৬ মহলীয়া মাৰ্কেট কমপ্লেক্স আৰু পিপিপি মডেলৰ এক গৃহ আচনিৰ আধাৰশিলা স্থাপন কৰিব৷ এতিয়া মাথোঁ অপেক্ষা ২৪ নৱেম্বৰলৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আৰু নতুন কি ঘোষণা কৰে বঙাইগাঁওবাসীৰ বাবে৷ ২৪ নৱেম্বৰত কেবিনেট বৈঠক অনুষ্ঠিত হব যদিও সকলো মন্ত্ৰী বঙাইগাঁৱত ২৩ নৱেম্বৰ বিয়লি ভাগতে উপস্থিত হব৷  ২৩ নৱেম্বৰৰ নৈশ ভোজৰ আয়োজন কৰা হৈছে বঙাইগাঁও আৱৰ্ত ভৱনত৷ উক্ত দিনা সাধাৰণ আহাৰৰ ব্যবস্থা কৰা হৈছে যদিও ২৪ নৱেম্বৰ দিনৰ আৰু নিশাৰ আহাৰক লৈ চলিছে ব্যাপক খাদ্য সম্ভাৰৰ প্ৰস্তুতি৷ দুপৰীয়াৰ আহাৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে বিখ্যাৎ পদ্মা নদীৰ সুস্বাদু ইলিছৰ উপৰি পাঁচবিধ মাছ৷ খাদ্যৰ তালকিাত থাকিব সকলো ধৰণৰ থলুৱা শাক, চাৰিবিধ মাংস৷ অন্তৰ্ভুক্ত হৈছে গুৱাহাটীৰ পৰা নিয়া তেৰেচীয়া হাঁহৰ মাংস৷ মাংসৰ তালিকাত আছে মৰ্টন, পৰ্ক, লোকেল চিকেন আৰু হাঁহ৷ ইপিনে মাছৰ তালিকাত আছে ইলিশ, পাবদা, ভেটকি, গলদা শিঙড়া আৰু লোকেল কাতলা৷ ২৪ নৱেম্বৰ দিনত প্ৰায় ৪০০ আৰু নিশা প্ৰায় ২৫০জন ভিআইপি আদৰাৰ বাবে চলোৱা হৈছে ব্যাপক প্ৰস্তুতি৷ দিনৰ আহাৰ কেবিনেট বৈঠক অনুষ্ঠিত হব লগীয়া স্থান বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়তে আয়োজন কৰা হৈছে৷ আৰু নিশাৰ আহাৰৰ ব্যৱস্থা কৰা হৈছে বঙাইগাঁও পৰিবেশ উদ্যানত৷