কইনাধৰাত চলিছে বিৰোধীক ভাগ ভাগ কৰাৰ চক্ৰান্ত! কংগ্ৰেছৰ সন্দেহ
আমাৰ অসম, ২৩ নৱেম্বৰঃকইনাধৰাত চলিছে বিৰোধী বিভাজনৰ ষড়যন্ত্ৰ৷ ছলে-বলে-কৌশলে বিৰোধীক ভাগ ভাগ কৰাৰ চক্ৰান্তত লিপ্ত হৈছে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু তেওঁৰ সংগীবৃন্দ৷ এই সন্দেহ, অভিযোগ প্ৰদেশ কংগ্ৰেছৰ৷ দিনচেৰেক পূৰ্বে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সমষ্টিৰ স্বাৰ্থত কইনাধৰাত মুখ্যমন্ত্ৰী শৰ্মাক সাক্ষাৎ কৰা প্ৰসংগৰ আঁত ধৰি এই অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে৷ দলটোৰ জ্যেষ্ঠ নেত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ ববিতা শৰ্মাই এই সন্দৰ্ভত কয়– ‘ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছৰে পৰা বিৰোধী বিধায়কৰ বিষয়ে টুলুঙা মন্তব্য কৰাৰ উপৰি বিৰোধী বিধায়কৰ সমষ্টিৰ উন্নয়নৰ কাম শাসকীয় দলৰ বিধায়কৰ সমষ্টিত কৰাৰ দৰে নহ’ব বুলি কৈ এটা অগণতান্ত্ৰিক আৰু নেতিবাচক পৰিৱেশ এটা সৃষ্টি কৰি আহিছে৷ বিৰোধী দলৰ কেইবাজনো বিধায়কক সমষ্টি উন্নয়নৰ দোহাই দি দলত্যাগ কৰাই শাসক দলত যোগদান কৰিবলৈ বাধ্য কৰালে৷ অপ্ৰয়োজনীয় উপ-নিৰ্বাচন যোৱা মাহত অসমৰ জনসাধাৰণে দেখা পালে৷ অসমত হোৱা তিনিটা সমষ্টিৰ উপ-নিৰ্বাচনৰ মূল কাৰণ আছিল সমষ্টি উন্নয়ন৷ উপ-নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী ভাষণ তথা সমষ্টি উন্নয়নৰ বাবে বিৰোধী দলৰ পৰা গৈ শাসক দলত যোগদান কৰি শাসক দলৰ প্ৰাৰ্থী হোৱা সকলৰ ভাষণত প্ৰকাশ পাইছিল যে বিৰোধী দলৰ বিধায়ক হৈ সমষ্টি উন্নয়ন কৰিব নোৱাৰিব আৰু শাসক দলৰ বিধায়ক হ’লেহে সমষ্টিৰ উন্নয়ন হ’ব৷ আনকি বিৰোধী দলৰ বিধায়ক এজনে শাসক দলত যোগদান কৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে তেওঁক সমষ্টি উন্নয়নৰ স্বাৰ্থত আলোচনাৰ বাবে সময় নিদিয়া বুলিও উল্লেখ কৰিছিল৷ কিন্তু দেওবাৰে আমি দেখিলোঁ যে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ সৈতে মুখ্যমন্ত্ৰীয়ে এঘণ্টা সময় আলোচনাত বহি সমষ্টি উন্নয়নৰ সন্দৰ্ভত আলোচনা কৰে৷ এয়া ভাল কথা৷ এয়া তেওঁৰ কৰণীয়৷ কাৰণ ড॰ শৰ্মা অসমৰ মুখ্যমন্ত্ৰী৷ ৰাজ্যৰ ১২৬টা সমষ্টিৰ উন্নয়নৰ দায়িত্ব তেওঁৰ আছে৷ সেয়ে শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ বাবে উক্ত সমষ্টিৰ বিধায়কৰ সৈতে আলোচনাত বহি সমষ্টি উন্নয়নৰ আলোচনা কৰা বিষয়টো ইতিবাচক৷ কিন্তু তেওঁ বিৰোধী বিধায়কে বিধানসভাৰ অধিৱেশনত বক্তব্য ৰখাৰ বাহিৰে আন বিষয়ত সমষ্টিত থকা অভিভাৱক মন্ত্ৰীসকলেহে সকলো কাম কৰিব বুলি ৰাজহুৱাভাবে বক্তব্য কিয় প্ৰকাশ কৰিছিল, সমষ্টি উন্নয়নৰ দোহাই দি কিয় তিনিজন বিধায়কক দলত্যাগ কৰাই উপ-নিৰ্বাচন পাতি ৰাজহুৱা ধন খৰচ কৰিলেঞ্জ ৰাজ্যৰ আৰ্থিক অৱস্থা ধাৰৰ কবলত৷ উন্নয়নৰ শেষৰ স্থানত অসম৷ বাকী থকা চ্ছ্ৰ বছৰত অসমৰ স্থান উন্নত হ’ব নেঞ্জ প্ৰসূতিৰ মৃত্যুৰ হাৰ বৃদ্ধি হোৱাৰ লগতে নৱজাতকৰ মৃত্যুৰ হাৰত দেশৰ ভিতৰতে অসমৰ স্থান তৃতীয়৷ ৰাজ্যৰ ১৬খন জিলাৰ হাস্পতালত নাই আই চি ইউ৷ এনে এক অৱস্থাত থকা ৰাজ্যখনৰ উন্নয়নৰ বাবে শাসক আৰু বিৰোধীয়ে মিলি কাম কৰিব লাগে, কিন্তু সেয়া এতিয়াও মুখ্যমন্ত্ৰীৰ কামত প্ৰত্যক্ষ হোৱা নাই৷ তেওঁ কংগ্ৰেছ দলৰ বিধায়কৰ সৈতে আলোচনাৰ বাবে, কংগ্ৰেছ দলৰ বিধায়কৰ সমষ্টি উন্নয়নৰ বাবে সময় দিব পৰা নাই, আঁচনি দিব পৰা নাই, বৰং উন্নয়নৰ আশ্বাস দি দলত্যাগ কৰাইছে৷ এয়া নিম্ন মানদণ্ডৰ ৰাজনীতি, জনতাৰ স্বাৰ্থৰ পৰিপন্থী৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা এনে কাৰ্যক নিন্দা কৰোঁ৷ আমি মুখ্যমন্ত্ৰীক জনাও যে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে ১২৬টা সমষ্টিৰ উন্নয়নৰ হকে কাম কৰক, অসমৰ ১২৬ জন বিধায়ককে সময় দি প্ৰতিটো সমষ্টি উন্নয়নৰ বাবে আলোচনাত বহক৷ অন্যথা মুখ্যমন্ত্ৰীয়ে অসমক দেশৰ পাঁচখন উন্নত ৰাজ্যৰ মাজত স্থান দখল কৰিবলৈ সক্ষম কৰাৰ যি সপোন দেখুৱাই আছে সেয়া বাস্তৱ নহ’ব, বৰং ৰাজ্যৰ ৰাজনীতিত এক অস্থিৰ পৰিৱেশ সৃষ্টি কৰা বুলি কুখ্যাতি ৰৈ যাব৷’






