Logo
image

মহাপঞ্চায়ত চলিছে

আমাৰ অসম, ২২ নৱেম্বৰঃনিৰ্বাচনমুখী উত্তৰ প্ৰদেশত ক্ষমতা অক্ষুণ্ণ ৰখাৰ কথা চিন্তা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিতৰ্কিত ৩খন কৃষি আইন প্ৰত্যাহাৰ কৰাৰ তিনিটা নিশা অতিক্ৰম কৰাৰ পাছতে সেই ৰাজ্যৰ ৰাজধানীত আন্দোলনকাৰী কৃষক সংগঠনে বিশাল মহাপঞ্চায়ত আয়োজন কৰি পুনৰবাৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিলে৷ লক্ষ্ণৌত কেইবা লক্ষ কৃষকক সমবেত কৰোৱাই আন্দোলনকাৰী কৃষক সংগঠনে কৃষিজাত সামগ্ৰীৰ নূ্যনতম সমৰ্থিত মূল্য বা এমএছপিৰ বাবে তেওঁলোকে উত্থাপন কৰি অহা আইন প্ৰণয়নৰ দাবী সোমবাৰে পুনৰ জোৰদাৰ কৰিলে৷ বিতৰ্কিত কৃষি আইন সংসদত প্ৰত্যাহাৰ নোহোৱালৈকে আন্দোলন সমাপ্ত নহয় বুলি ইতিপূৰ্বে ঘোষণা কৰা কৃষক আন্দোলনকাৰীয়ে এমএছপিৰ আইন প্ৰণয়ন নকৰালৈকে আন্দোলন অব্যাহত থাকিব বুলি লক্ষ্ণৌৰ মহা পঞ্চায়তত সিদ্ধান্ত ল’লে৷ চলিত সপ্তাহৰ শেষত আন্দোলনৰ ভৱিষ্যৎ সন্দৰ্ভত কৃষক নেতাই চূড়ান্ত সিদ্ধান্ত ল’ব৷ কিন্তু এমএছপিৰ আইন প্ৰণয়ন কৰাতো চৰকাৰৰ অনিবাৰ্য্য কৰ্তব্য বুলি আজি লক্ষ্ণৌৰ মহাপঞ্চায়তে সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰে৷ এমএছপিৰ আইন নহ’লে কৃষকে তেওঁলোকৰ ফচলৰ নূ্যনতম সমৰ্থিত মূল্য নাপায়৷ এমএছপি সন্দৰ্ভত চৰকাৰে জাননী দিলেও সেয়া কাৰ্যকৰী নহয়৷ মাণ্ডিৰ পৰা চৰকাৰী বিষয়াই কৃষকক ফচলৰ বিনিময়ত নূ্যনতম সমৰ্থিত মূল্য নিদিয়াকৈ খেদি পঠায়৷ ইয়াৰ প্ৰত্যুত্তৰত কৃষকে কোনো পদক্ষেপ ল’ব নোৱাৰে৷ আইন প্ৰণয়ন হ’লে কৃষকে ফচলৰ নূ্যনতম সমৰ্থিত মূল্য লাভ কৰাতো নিশ্চিত হ’ব৷ চৰকাৰী বিষয়াই আইন অমান্য কৰিলে কৃষকে ন্যায় বিচৰাৰ সুবিধা থাকিব৷ সেয়ে লক্ষ্ণৌৰ মহাপঞ্চায়তে এমএছপিৰ আইন লাগিবই বুলি সোমবাৰে সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰে৷ কৃষক নেতা ৰাকেশ টিকাইতৰ মতে, এমএছপি থাকিলে ধনী-দুখীয়া, উপান্ত-ক্ষুদ্ৰ-ডাঙৰ সকলো কৃষকে নিজৰ ফচলৰ বিনিময়ত সমানে নিশ্চিত মূল্য পাব৷ ইপিনে লখিমপুৰ খেৰিত শৰীৰৰ ওপৰেৰে গাড়ী চলাই নি কৃষকৰ প্ৰতিবাদী সমদলৰ চ্ছ্ৰজন কৃষকক হত্যা কৰা আশিস মিশ্ৰৰ পিতৃ কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰ টেনি সন্দৰ্ভত মোদী চৰকাৰে প্ৰদৰ্শন কৰি অহা মনোভাৱত চৰমভাৱে ক্ষুব্ধ মহাপঞ্চায়ত৷ মহাপঞ্চায়তত মিলিত হোৱা কৃষকসকলে স্বচ্ছ আৰু নিৰপেক্ষ তদন্তৰ স্বাৰ্থত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰ টেনিক মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰাৰ দাবী কৰে৷ ৪জন কৃষকক গাড়ীৰে খুন্দিয়াই হত্যা কৰাৰ অভিযোগত উত্তৰ প্ৰদেশ আৰক্ষীৰ অশেষ টনা-আজোৰা, গাফিলতিৰ পাছত উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশত আশিষ মিশ্ৰক গ্ৰেপ্তাৰ কৰিলেও পূৰ্ণ ক্ষমতাৰে তেওঁ পিতৃয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় পৰিচালনা কৰি আছে৷ যোৱা শনিবাৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৩দিনীয়া উত্তৰ প্ৰদেশ ভ্ৰমণত অজয় মিশ্ৰই মঞ্চত মোদীৰ সৈতে স্থান পাইছে৷ আন্দোলনৰত কৃষক হত্যাত অভিযুক্ত পিতৃক মোদী চৰকাৰে প্ৰদান কৰা মৰ্যাদাত ক্ষুব্ধ মহাপঞ্চায়ত৷ মহাপঞ্চায়তৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ [ৰাজ্যিক] পদবীত পিতৃ বহি থাকিলে পুত্ৰৰ বিৰুদ্ধে তদন্ত নিৰপেক্ষ আৰু স্বচ্চ নহ’ব৷ সেয়ে অজয় মিশ্ৰ টেনিৰ অপসাৰণ দাবী কৰিছে মহাপঞ্চায়তে৷ মহাপঞ্চায়তে অহা সপ্তাহত সংসদলৈ এটা বৃহৎ কৃষক সমদল উলিওৱাৰো সিদ্ধান্ত লৈছে৷ মোদীৰ আইন প্ৰত্যাহাৰৰ ঘোষণাক তেওঁলোকে নিৰ্বাচনী চমক বুলি অভিহিত কৰিছে৷ আজি যেতিয়া লক্ষ্ণৌত লক্ষাধিক কৃষকৰ মহাপঞ্চায়ত বহিছিল, তেতিয়া তাৰ পৰা ৩০০ কিলোমিটাৰ নিলগৰ গোৰখপুৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই বুথ পৰ্যায়ৰ দলীয় সভাত ভাষণ দি কৈছিল–কৃষক আন্দোলনৰ বিষয়ে বহুতেই ডাঙৰ ডাঙৰ কথা ক’লে৷ কিন্তু এই কথা মনত ৰাখিব, কোনো কৃষক নেতাই কৰিব নোৱাৰা কামটো মোদীজীয়েহে কৰি দেখুৱালে৷