Logo
image

২৮ নৱেম্বৰত তেজপুৰত মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিব চেকপ্ৰদান কাৰ্যসূচীৰ

 প্ৰসংগঃ মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই প্ৰক্ৰিয়া

আমাৰ অসম, ২৩নৱেম্বৰঃ মাইক্ৰ’ফাইনেন্সৰ ঋণ লোৱা ৰাজ্যৰ মহিলাসকলৰ ঋণৰ দায়িত্ব গ্ৰহণ কৰা ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ২৮ নৱেম্বৰৰ পৰা চেক বিতৰণ কৰিব৷ তেজপুৰৰ কলেজিয়েট হাইস্কুল খেলপথাৰত মুখ্যমন্ত্ৰী উপস্থিত থাকি এই চেক বিতৰণী কাৰ্যৰ শুভাৰম্ভ কৰিব৷ দেওবাৰে তেজপুৰত এই কথা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে৷ উল্লেখ্য, যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত ৰাজ্যৰ মহিলাসকলক দিয়া প্ৰতিশ্ৰুতি এইদৰে পূৰণ কৰিবলৈ ওলাইছে মুখ্যমন্ত্ৰীয়ে৷ ড॰ শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে ৰাজ্যৰ যিসকল মহিলাই মাইক্ৰ’ফাইনেন্সৰ পৰা ঋণ লৈছিল তেওঁলোকৰ ঋণ চৰকাৰে বহন কৰিব বুলি ঘোষণা কৰিছিল৷ শোণিতপুৰৰ মুঠ ৬৯ হাজাৰগৰাকী মহিলাক প্ৰথম পৰ্যায়ত ঋণৰ চেক প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে৷ প্ৰথম পৰ্যায়ত শোণিতপুৰকে ধৰি তিনিটা দিনত মুঠ ১০খন জিলাক সামৰি লোৱা হৈছে এই সূচীত৷ উল্লেখ্য, এই কাৰ্যসূচী অনুষ্ঠিত হ’বলগীয়া তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰত দেওবাৰে দিনত উপস্থিত হৈ ক্ষেত্ৰ পৰিদৰ্শন কৰে বিত্তমন্ত্ৰী নেওগে৷ তেওঁ লগতে পৰ্যায়ক্ৰমে মাইক্ৰ’ফাইনেন্সৰ সকলো ঋণগ্ৰস্ত মহিলাকে এই ধন প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে৷ এই বাকৰিত সাত হাজাৰৰো অধিক হিতাধিকাৰীয়ে অংশ ল’ব বুলিও প্ৰকাশ কৰা হৈছে৷ মন্ত্ৰীগৰাকীয়ে উপায়ুক্তসহ জিলা প্ৰশাসনৰ বিষয়াসকলৰ স’তে এক আলোচনাত মিলিত হয়৷