Logo
image

সূৰ্যতকৈও উত্তপ্ত নতুন নক্ষত্ৰৰ সন্ধান অসম কন্যাৰ

আন্তঃৰাষ্টীয় স্তৰত জিলিকি উঠিছে পাটাছাৰকুছিৰ ড॰ বৰ্ণালী দাস

আমাৰ অসম, ২২ নৱেম্বৰঃপুনেৰ নেশ্বনেল চেণ্টাৰ ফৰ ৰেডিঅ’এষ্ট্ৰ’ফিজিক্সৰ এদল বিজ্ঞানীয়ে আৱিষ্কাৰ কৰি উলিয়াইছে সূৰ্যতকৈও উত্তপ্ত নক্ষত্ৰ৷ উল্লেখ্য যে এই নক্ষত্ৰটো আৱিষ্কাৰৰ ক্ষেত্ৰত বিজ্ঞানীৰ দলটোক নেতৃত্ব প্ৰদান কৰে অসমৰ জীয়ৰী ড॰ বৰ্ণালী দাসে৷ পুনেৰ নেশ্বনেল চেণ্টাৰ ফৰ ৰেডিঅ’ এষ্ট্ৰ’ফিজিক্সৰ বিজ্ঞানীৰ দলটোৱে ইউ জি এম আৰ টি নামৰ এটা বিশেষ টেলিস্ক’পেৰে অসম তনয়া  ড॰ দাসৰ নেতৃত্বত নক্ষত্ৰটো আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়৷ অধ্যাপক পুনম চন্দ্ৰাৰ তত্ত্বাৱধানত আৰু ড॰ বৰ্ণালী দাসৰ নেতৃত্বত বিজ্ঞানীৰ দলটোৱে আৱিষ্কাৰ কৰা নক্ষত্ৰটো এম আৰ পি অৰ্থাৎ ‘মেইন ছিকুৱেন্স ৰেডিঅ’ পাল্‌ছ’ বিকিৰণ কৰা শ্ৰেণীৰ অন্তৰ্ভুৰ্ক্ত৷ এম আৰ পি শ্ৰেণীৰ নক্ষত্ৰ অৰ্থাৎ তৰাসমূহ সূৰ্যতকৈও বেছি উত্তপ্ত৷ তদুপৰি এই নক্ষত্ৰসমূহে প্ৰচুৰ তীব্ৰতাৰ চৌম্বকীয় ক্ষেত্ৰ প্ৰস্তুত কৰাৰ ক্ষমতাসম্পন্ন৷ মহাকাশত এতিয়ালৈকে এনেধৰণৰ ১৫টা নক্ষত্ৰ আৱিষ্কাৰ হৈছে আৰু ইয়াৰ ১১টাই আৱিষ্কাৰ কৰিছে পুনেৰ ‘নেশ্বনেল চেণ্টাৰ ফৰ ৰেডিঅ’ এষ্ট্ৰ’ফিজিক্স’ কেন্দ্ৰই৷ উল্লেখ্য যে, সাধাৰণ নক্ষত্ৰত যি নাক্ষত্ৰিক বতাহ উপলব্ধ হয় তাতকৈ এনে চৌম্বকীয় ক্ষেত্ৰৰ প্ৰাবল্য অধিক হয়৷ যাৰ বাবে এইধৰণৰ নক্ষত্ৰসমূহে অধিক প্ৰখৰ ৰেডিঅ’ তৰংগ বিকিৰণ কৰিব পাৰে৷ অসম কন্যা ড॰ বৰ্ণালী দাসৰ নেতৃত্বত নতুন নক্ষত্ৰ আৱিষ্কাৰ হোৱা এই ঘটনাই পুনেৰ ‘নেশ্বনেল চেণ্টাৰ ফৰ ৰেডিঅ’ এষ্ট্ৰ’ফিজিক্স’ক নতুন মাত্ৰা প্ৰদান কৰা বুলি বিবেচিত হৈছে৷ উল্লেখ্য যে ড॰ বৰ্ণালী দাস পাটাছাৰকুছিৰ  সৰিহ চাকলা গাঁৱৰ মুনীন দাস আৰু শিৰণ কলিতা দাসৰ কনিষ্ঠা কন্যা৷