সৰভোগৰ ধাননিত কাটি থোৱা ধান জ্বলাই দিলে দুষ্কৃতিকাৰীয়ে
আমাৰ অসম, ২৩নৱেম্বৰঃ সৰভোগ থানাৰ অন্তৰ্গত ঘিলাঝাৰী গাঁৱত যোৱা নিশা দুষ্কৃতিকাৰীয়ে দুজন খেতিয়কৰ মুঠ চ্ছ্ৰ বিঘা মাটিৰ ধাননিত কাটি থোৱা ধানৰ দাঙৰিত অগ্নিসংযোগ কৰাৰ ফলত ধানসমূহ সম্পূৰ্ণৰূপে ভষ্মীভূত হৈ যায়৷ অসমীয়া সমাজ জীৱনত লক্ষ্মী ৰূপে বিবেচিত ধান জ্বলাই দিয়াৰ দৰে এনে ঘৃণনীয় কাণ্ডৰ ফলত সৰভোগৰ লগতে কলগাছিয়া অঞ্চলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, ঘুগুবাৰীৰ চিৰাজ আলীয়ে ডেৰ বিঘা আৰু মজিবুল ৰহমানে আঢ়ৈ. বিঘা মাটিত বেংকৰ পৰা ঋণ লৈ শালি ধানৰ খেতি কৰিছিল৷ কেইদিনমান পূৰ্বে তেওঁলোকে ধান দাই দাঙৰি বান্ধি খেতি পথাৰত থৈছিল৷ কিন্তু যোৱা নিশা ৰ মান বজাত কোনো দুষ্কৃতিকাৰীয়ে ধানৰ দাঙৰিবোৰ জ্বলাই দিয়ে৷ ফলত ধানসমূহ পুৰি ছাই হৈ যায়৷ ঘিলাঝাৰীৰ খেতিয়ক দুজনে অন্যৰ মাটিত আধিয়াৰ হিছাপে এই ধান উৎপাদন কৰিছিল৷ দীৰ্ঘদিনীয়া কঠোৰ পৰিশ্ৰমৰ পাছত উৎপাদন হোৱা ফচলসমূহ এনেদৰে ধবংস হোৱাত খেতিয়ক দুজনে কান্দোনত ভাঙি পৰা দেখা যায়৷ ইপিনে আজি খেতিৰ মাটিৰ গৰাকীয়ে ঘটনাৰ উচিত তদন্তৰ দাবীত সৰভোগ থানাত এখন এজাহাৰ দাখিল কৰে৷






