Logo
image

গোসাঁইগাঁৱৰ লতামাৰিত ভালুকৰ আক্ৰমণত আহত ৬

আমাৰ অসম, ২৩ নৱেম্বৰঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা ভালুকে জনবসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ কৰি কেইবাজনো লোকক আক্ৰমণ কৰে৷ এই ঘটনাত দুজন বৃদ্ধসহ ছজন লোক গুৰুতৰভাৱে আহত হয়৷প্ৰাপ্ত বাতৰি মতে গোসাঁইগাঁৱৰ কচুগাওঁ বন সংমণ্ডলৰ চেণ্ট্ৰেল ৰেঞ্জৰ অধীনস্থ আলোকঝাৰ-লতামাৰি গাঁৱত আজি দুপৰীয়া এটা ভালুক প্ৰত্যক্ষ কৰে গাঁওবাসীয়ে৷ ইপিনে  বাঁহজাৰণিত বাঁহ কাটিবলৈ যোৱাত পূৰ্বৰ পৰাই আশ্ৰয় লৈ থকা ভালুকটোৱে  প্ৰথমে এজন লোকক আক্ৰমণ কৰে৷ ইয়াৰ পাছতে অঞ্চলটোত  হুলস্থূলৰ সৃষ্টি হয়৷ গাঁৱৰ ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ ভালুক দেখি আতংকিত হোৱাৰ লগতে একাংশই ভালকুটো ওচৰৰ পৰা চাবলৈ আগবাঢ়ি যায়৷ তেনে সময়তে জংঘলৰ মাজত লুকাই থকা ভালুকটো  ওলাই আহি পুনৰ ৰাইজক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে৷ ফলত গাঁওখনৰ  ছজন লোক আহত হয়৷ আহত লোককেইজন হৈছে গোসাঁইগাঁৱৰ লতামাৰিৰ বাসিন্দা শনিৰাম হাসদা [৪৫], ৰমেশ টুডু [২৬], শনিৰাম মাৰ্ডি [৩৬],  সফল হেমৰম [৩৫], আলোকঝাৰ গাঁৱৰ বিজয় বসুমতাৰী [৭০] আৰু বিশ্বজিত মোচাহাৰী [৬২]৷ আটাইকেইজনৰ অৱস্থা সংকটজনক৷ প্ৰাথমিক চিকিৎসাৰ অন্তত আহত কেইজনক উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰা হয়৷ ইপিনে বনাঞ্চলৰ পৰা ওলাই অহা ভালুকটো পিঞ্জৰাবন্ধ কৰিবলৈ বন বিভাগৰ চিকিৎসকৰ দল গাঁওখনত উপস্থিত হৈ বহু প্ৰচেষ্টাৰ অন্তত ভালুকটো পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয়৷