Logo
image

কৃষ্ণাইত বন্যহস্তীয়ে ভাঙি থৈ গ’ল কেইবাটাও ঘৰ

আঘোণমহীয়া শীতত মুক্ত আকাশৰ তলত ১৮টা পৰিয়ালে পাৰ কৰিলে নিশা

আমাৰ অসম, ২৩ নৱেম্বৰঃগোৱালপাৰা জিলাত অব্যাহত আছে বনৰীয়া হাতীৰ ত্ৰাস৷ খাদ্যৰ সন্ধানত ইটো অঞ্চলৰ পৰা সিটো অঞ্চললৈ ঢপলিয়াই ফুৰা বন্যহস্তীৰ জাকে ইতিমধ্যে জিলাখনত শ শ বিঘা কৃষিভূমিৰ শস্য বিনষ্ট কৰাৰ লগতে ধবংস কৰিছে ঘৰ-দুৱাৰ গছ-গছনিকে ধৰি বিভিন্ন খেতি-বাতি৷ প্ৰায় কুৰি বছৰতকৈও অধিক কাল তাণ্ডৱ লীলা চলাই থকা বনৰীয়া হাতীৰ আক্ৰমণত ইতিমধ্যে জিলাখনত শতাধিক লোক হতাহত হৈছে৷ শেহতীয়াভাৱে জিলাখনৰ কৃষ্ণাইৰ কাষৰীয়া ধাইগাওঁ টিলাপাৰাত বন্যহস্তীৰ ত্ৰাসে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ যোৱা নিশা বন্যহস্তীয়ে ধাইগাৱঁৰ টিলাপাৰাত ১৮টা পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰে৷  জানিব পৰা মতে, যোৱা নিশা প্ৰায় ৭০/৮০ টা হাতীৰ বিশাল জাক এটাই গাঁওখনত প্ৰৱেশ কৰি এফালৰ পৰা আৰম্ভ কৰে ধবংসলীলা৷ ফলত গৃহহীন হৈ পৰে টিলাপাৰাৰ ১৮টা পৰিয়াল৷ ফলত আঘোণমহীয়া শীতৰ সময়ত এই পৰিয়াল কেইটাই এতিয়া নিশাটো পাৰ কৰিবলগীয়া হৈছে মুকলি আকাশৰ তলত৷ ইপিনে বনৰীয়া হাতীৰ আক্ৰমণৰ পাছতে বন বিভাগক অঞ্চলটোৰ ৰাইজে খবৰ দিয়ে যদিও বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন হৈছে৷ আনকি আজি দুপৰীয়ালৈকে বনবিভাগ বা প্ৰশাসনৰ কোনো লোক গাঁওখনত উপস্থিত নোহোৱাৰ অভিযোগ উঠিছে৷