Logo
image

ৰাজীৱ ভৱনৰ বাবে তৰুণ গগৈ এতিয়া মাথোঁ স্মৃতি

 মৃত্যুৰ বৰ্ষপূৰ্তি

আমাৰ অসম, ২৪নৱেম্বৰঃ অসমত একেৰাহে তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী, বলিষ্ঠ কংগ্ৰেছ নেতা, পদ্মভূষণ প্ৰয়াত তৰুণ গগৈৰ প্ৰথম মৃত্যু বাৰ্ষিকীত অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷ প্ৰয়াত গগৈৰ পৰিয়ালৰ সদস্যসকলে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰালভাৱে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই গুৱাহাটীৰ ৰাজীৱ ভৱনত কেন্দ্ৰীয়ভাৱে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী, বলীন কুলি আদি বৰ্ষীয়ান নেতাই মঙলবাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত মুখ্যমন্ত্ৰীজনৰ কৰ্মৰাজীৰ কথা স্মৰণ কৰে যদিওবা জীৱনকালত মতাদৰ্শগত কাৰণত বহু ক্ষেত্ৰত তেওঁৰ সৈতে বিভেদ হৈছিল এইসকল নেতাৰ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুৰ সময়ত তেওঁৰ কাষত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো উবুৰি খাই পৰিছিল যদিও তেওঁৰ প্ৰথম মৃত্যু বাৰ্ষিকীতে যেন কিছু ম্লান পৰা পৰিলক্ষিত হৈছে গুণমুগ্ধ, অনুগামীৰ৷ ৰাজীৱ ভৱনৰ বাবে প্ৰয়াত তৰুণ গগৈ এতিয়া মাথোঁ স্মৃতি৷ উল্লেখ্য, গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত পুৱা ১০-৩০ বজাত প্ৰয়াত তৰুণ গগৈৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি তৰ্পণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই৷ ইয়াৰ পিছতে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা শৰৎ বৰকটকী, ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা, সাংসদ তথা তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ, প্ৰাক্তন সাংসদ বলিন কুলী, প্ৰদেশ কংগ্ৰেছৰ অন্যতম কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা, প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা আবু চালেহ নাজমুদ্দিন, বিধান সভাৰ মখ্য সচেতক তথা বিধায়ক ৱাজেদ আলী চৌধুৰী, প্ৰাক্তন মন্ত্ৰী অকণ বৰা, বিধায়িকা শিখামণি বৰা, বিধায়ক খলিল উদ্দিন মজুমদাৰ, বিধায়ক আব্দুছ চুভাহান আলী সৰকাৰ, বিধায়ক আব্দুৰ ৰহিম আহমেদ অন্যতম সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যকে ধৰি প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন স্তৰৰ শতাধিক নেতা-কৰ্মীয়ে প্ৰয়াত নেতা গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ইয়াৰ পিছতে নাম-প্ৰসংগৰ লগতে বাইবেল, কোৰান আৰু গুৰু চাহিব গ্ৰন্থ পাঠ কৰি বৰেণ্য নেতা গৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰা হয়৷ ইয়াৰ পিছতে নাগাৰা নামৰ অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সমূহ নেতৃত্বই অংশগ্ৰহণ কৰে৷ আনকি সভাপতি ভূপেন কুমাৰ বৰাই নাগাৰা বজাই নামত ভাগ লয়৷ বলিষ্ঠ কংগ্ৰেছ নেতা গৰাকীৰ স্মৃতি চাৰণ কৰি দলৰ সভাপতি ভূপেন কুমাৰ বৰা, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰিপুন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, সাংসদ গৌৰৱ গগৈ, বিধায়ক ৱাজেদ আলী চৌধুৰী, প্ৰমুখ্যে নেতাসকলে প্ৰয়াত নেতা তৰুণ গগৈৰ ৰাজনৈতিক জীৱনৰ বৃত্তান্ত, তেওঁৰ জীৱন-দৰ্শন আৰু অসমপ্ৰেমৰ বিষয়ে অৱলোকন কৰে৷ ৰাজীৱ ভৱনৰ এই কেন্দ্ৰীয় অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ প্ৰায়সকল নেতাৰ উপৰি এন এছ ইউ আই, যুৱ-কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱাদলৰ নেতৃত্ব আৰু বিপুল সংখ্যক কৰ্মকৰ্তা উপস্থিত থাকে৷