Logo
image

লেঃ জেনেৰেল ৰাণা কলিতাক উত্তম যুদ্ধ সেৱা মেডেল

আমাৰ অসম, ২৪নৱেম্বৰঃ ভাৰতীয় সেনা বাহিনীত নিজৰ যোগ্যতা প্ৰমাণ কৰি অসমৰ প্ৰথমগৰাকী লেফটেনেণ্ট জেনেৰেল আৰু সেনাৰ এটি ক’ৰৰ প্ৰথমগৰাকী অসমীয়া মুৰব্বী [জেনেৰেল অফিচাৰ কামাণ্ডিং] হিচাবে কাৰ্যনিৰ্বাহ কৰা লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কবিন্দে‘ উত্তম যুদ্ধ সেৱা মেডেল’প্ৰদান কৰিলে ৷ ২২ নৱেম্বৰৰ দিনা ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতিয়ে কৃতী অসম সন্তানজনক পৰিধান কৰাই দিয়ে ভাৰতীয় সেনাৰ অন্যতম মৰ্যাদা পূৰ্ণ মেডেলটি আৰু প্ৰদান কৰে প্ৰশংসা পত্ৰ৷ উত্তম যুদ্ধ সেৱা মেডেলেৰে সন্মানিত হোৱা প্ৰথম গৰাকী অসম সন্তান হিচাবেও পৰিগণিত হৈছে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা৷ ২০২০ চনৰ ১১ জানুৱাৰীৰ পৰা ২০২১ চনৰ ১০ ফেব্ৰুৱাৰীলৈ সুখ্যাতিৰে নগাৰালেণ্ডৰ ডিমাপুৰৰ ৰঙাপাহাৰস্থিত ভাৰতীয় সেনাৰ তৃতীয় ক’ৰৰ জেনেৰেল অফিচাৰ কামাণ্ডিং হিচাবে অতি দক্ষতাৰে সুচাৰুৰূপে সেৱা আগবঢ়োৱাৰ বাবেই ২০২১ চনৰ গণৰাজ্য দিৱসৰ দিনা তেওঁক এই মেডেলৰ বাবে বিবেচিত কৰা হৈছিল৷ বৰ্তমান ভাৰতীয় সেনাৰ মুখ্য কাৰ্যালয়ত মানৱ শক্তি পৰিকল্পনা আৰু কৰ্মচাৰী সেৱা বিভাগৰ সঞ্চালক প্ৰধান হিচাবে কাৰ্যনিৰ্বাহ কৰি থকা এইজন সুদক্ষ শীৰ্ষ সেনা বিষয়াই ইয়াৰ পূৰ্বে নিজৰ একনিষ্ঠ আৰু সাহসিকতাপূৰ্ণ সেৱাৰ বাবে সেনা মেডেল, বিশিষ্ট সেৱা মেডেল আৰু অতি বিশিষ্ট সেৱা মেডেলেৰেও সন্মানিত হৈছিল৷ কাশ্মীৰ উপত্যকাৰ উৰি খণ্ডত উগ্ৰপন্থী আক্ৰমণৰ সময়ত বাৰামুল্লা স্থিত ভাৰতীয় সেনাৰ উনবিংশ পদাতিক ডিভিজনৰ মুৰব্বী হৈ থকাৰ সময়ত এই গৰাকী সামৰিক বিষয়াৰ সাহসিকতাপূৰ্ণ সেৱা ভাৰতীয় সেনা বাহিনীৰ এক উল্লেখযোগ্য অৱদান৷ অসমৰ গোৱালপাৰাৰ সৈনিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ লেফটেনেণ্ট জেনেৰেল কলিতাই ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী আৰু ভাৰতীয় সামৰিক একাডেমীৰ পৰা শিক্ষা সাং কৰি নৱম কুমাও ৰেজিমেণ্টত ১৯৮৪ চনত যোগদান কৰে৷ পিছলৈ শ্ৰীনগৰ স্থিত ভাৰতীয় সেনাৰ পঞ্চদশ ক’ৰ, ৰাষ্ট্ৰীয় ৰাইফলছ, লক্ষ্ণৌস্থিত ৭১ ব্ৰিগেড, অফিচাৰ ট্ৰেইনিং একাডেমীত অতি দক্ষতাৰে সেৱা আগবঢ়োৱাৰ পিছত সেনাৰ মুখ্য কাৰ্যালয়ত কল্যাণ আৰু উদ্যাপন বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধান হিচাবে আৰু পিছলৈ কলকতাৰ ফ’ৰ্ট উইলিয়ামৰ ইষ্টাৰ্ণ কামাণ্ডৰ চীফ অৱ ষ্টাফ হিচাবেও সেৱা আগবঢ়োৱা এইজন সেনা বিষয়াই ৰাষ্ট্ৰ সংঘতো বিশেষ সেৱা আগবঢ়াইছিল৷ ৰঙিয়াৰ প্ৰয়াত কৃতী শিক্ষক যোগেন্দ্ৰ কলিতা আৰু প্ৰয়াত ৰেণু কলিতাৰ দ্বিতীয় পুত্ৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ একমাত্ৰ পুত্ৰ সন্তান নিশান্তয়ো এসময়ত পিতৃয়ে নেতৃত্ব দিয়া নৱম কুমাওঁ ৰেজিমেণ্টত এগৰাকী বিষয়া হিচাবে যোগদান কৰিছে৷