Logo
image

মন্ত্ৰীৰ সভাৰ সময়তেই উৎকোচ লৈ গ্ৰেপ্তাৰ পশুপালন উপ-সঞ্চালক

আমাৰ অসম, ২৪নৱেম্বৰঃ বিভাগীয় কাৰ্যালয়ৰ চৌহদত মন্ত্ৰীৰ সভা চলি থকাৰ সময়তে কাৰ্যালয়ৰ নাতি দূৰত উৎকোচ লোৱা অৱস্থাত বিভাগটোৰে এজন শীৰ্ষ বিষয়া আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ডায়েৰী ফাৰ্মৰ এজন ব্যৱসায়ী পৰা ২০ হাজাৰ টকা উৎকোচ লোৱা অৱস্থাত কোকাৰাঝাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বিষয়াজন হৈছে পশুপালন বিভাগৰ উপ-সঞ্চালক ডাঃ অৰূপ জ্যোতি ভূঞা৷ মঙলবাৰে পশুপালন মন্ত্ৰী অতুল বৰাই খানাপাৰাৰস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ চৌহদত এখন ব্যৱসায়  প্ৰতিষ্ঠান উদ্বোধনী অনুষ্ঠানত ব্যস্ত থকাৰ সময়তে ছয়মাইলৰ সমীপত বিয়লি ৫.৩০ বজাত কোকৰাঝাৰ আৰক্ষীয়ে গুৱাহাটীস্থ ভিজিলেন্সৰ সহযোগত পশু পালন আৰু পশু চিকিৎসা সঞ্চালকালয়ৰ উপ-সঞ্চালক ডাঃ  ভূঞাক উৎকোচ লওতেই হাতে লোটে গ্ৰেপ্তাৰ কৰে৷ উল্লেখ্য কোকৰাঝাৰৰ এজন ডায়েৰী ফাৰ্মাই পশ্চিমবংগৰ আলিপুৰ দুৱৰাৰ পৰা তিনিজনী খীৰতী গাই অনাৰ বাবে পৰিবহণ ট্ৰেনজিৎ পামিৰ্ট বিচাৰি গুৱাহাটী চেনীকুঠিস্থিত পশু চিকিৎসা আৰু পশুপালন সঞ্চালকালয়ত আবেদন জনাইছিল৷ কিন্তু উপ-সঞ্চালক ডাঃ অৰূপ জ্যোতি ভূঞাই ট্ৰেনজিৎ পাৰ্মিটৰ বাবদ ব্যৱসায়ীজনৰ পৰা ২০ হাজাৰ টকা উৎকোচ বিচাৰে৷ এই ধন দাবীৰ পৰিপ্ৰেক্ষিতত ব্যৱসায়ীজনে কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দাখিল কৰে৷ উক্ত অভিযোগৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষীয়ে সদৰ থানাত ৮১৭/২০২১ নম্বৰ এটা গোচৰ ৰুজু কৰি মঙলবাৰে দুৰ্নীতিগ্ৰস্ত বিষয়াজনক গ্ৰেপ্তাৰৰ জাল পেলায়৷ সেই অনুসৰি মঙলবাৰে বিয়লি ৫.৩০ বজাত মহানগৰীৰ ৰুক্মিণীগাঁৱৰ ললিত হাৰ্ডৱে নামৰ প্ৰতিষ্ঠানখনত ব্যৱসায়ীজনৰ পৰা দাবী কৰা ২০ হাজাৰ টকা উৎকোচ লওঁতেই পূৰ্বতে পৰা খাপ পিটি থকা কোকৰাঝাৰ আৰক্ষী আৰু দুৰ্নীতি নিবাৰক আৰু নিৰীক্ষণ সঞ্চালকালয় এটা দলে হাতে লোটে গ্ৰেপ্তাৰ কৰে ডাঃ অৰূপ জ্যোতি ভূঞাক৷ পৰৱৰ্তি সময়ত ভূঞাৰ বাসগৃহতো কোকৰাঝাৰ আৰক্ষীয়ে তালাচী চলোৱা বুলি জানিব পৰা গৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে একাংশ ঘোচখোৰ বিষয়াই দুৰ্নীতিত নিমজ্জিত হৈ থকা কাৰ্যই চৰকাৰী কৰ্মচাৰীৰ প্ৰকৃত চৰিত্ৰকে উন্মোচন কৰিছে৷