Logo
image

ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা উদ্ধাৰ ট্ৰাক, সন্ধান নাই চালক-কৰ্মীৰ

আমাৰ অসম, ২৪ নৱেম্বৰঃ তেজপুৰ-নগাঁও সংযোগী কলীয়াভোমোৰা দলঙৰ ৰেলিং ভাগি দেওবাৰে নিশা ব্ৰহ্মপুত্ৰত বাগৰি পৰা ট্ৰাকখন মঙলবাৰে উদ্ধাৰ কৰা হয় যদিও এই বাতৰি যুগুতোৱা পৰলৈকে ট্ৰাকখনৰ চালক-হেণ্ডিমেনৰ সন্ধান পোৱা হোৱা নাই৷ শোণিতপুৰৰ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা মতে, দুৰ্ঘটনাগ্ৰস্ত এনএল ০১ কে ৩৫৫৩ নম্বৰৰ ট্ৰাকখনৰ চালক ৰাজীৱ বিশ্বকৰ্মা শোণিতপুৰ জিলাৰ জামুগুৰি থানাৰ অন্তৰ্গত কৃষিপাম গাঁৱৰ পদ্ম বিশ্বকৰ্মাৰ পুত্ৰ৷ ট্ৰাকখনৰ হেণ্ডিমেন ২০ বছৰীয়া অমিত সোণাৰ ওৰফে লুটেৰ ঘৰ বিশ্বনাথ জিলাৰ বিহালী থানাৰ অন্তৰ্গত ৰাংচালি গাঁৱত৷ চালক ৰাজীৱ হেণ্ডিমেন অমিতৰ ভিনিহিয়েক৷ এছএএম পৰিবহণ কোম্পানীৰ দহচকীয়া ট্ৰাকখন ডিমাপুৰৰ পৰা বান্দৰদেৱালৈ আহি থকা অৱস্থাতে দেওবাৰে নিশা দুৰ্ঘটনাটো সংঘটিত হয়৷ ট্ৰাকখনত আছিল ১৬ মেট্ৰিকটন ৰড৷ দেওবাৰে নিশা ৯ বজাত ৰাজীৱে পত্নীলৈ ফোন কৰি তেওঁলোক ডিমাপুৰৰ পৰা আহিবলৈ সাজু হোৱা বুলি জনাইছিল৷ ট্ৰাকখনত জিপিএছ সংযোগ আছিল৷ নিশা ১.০৯ বজাত ট্ৰাকখনৰ অৱস্থিতি ভোমোৰাগুৰি বুলি নিশ্চিত হৈছে৷ ইয়াৰ পাছতে সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনাটো৷ সোমবাৰে এছডিআৰএফ আৰু এনডিআৰএফে চলোৱা অভিযানত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ অৱস্থিতি ধৰা পেলোৱা হয় যদিও মঙলবাৰেহে সেনাৰ ডুবাৰুৱে পুৱাৰ পৰা চলোৱা কেইবাঘণ্টাজোৰা অভিযানৰ অন্তত ট্ৰাকখন উদ্ধাৰ কৰে৷ এই অভিযানৰ সময়তে হেণ্ডিমেন অমিতৰ এটা বেগো উদ্ধাৰ কৰা হয়৷ তাতেই আছিল তেওঁৰ আধাৰ কাৰ্ড, এটিএম কাৰ্ড আৰু ভোটাৰ পৰিচয়পত্ৰ৷ দুয়োজনৰে ফোন বন্ধ হৈ থকাৰ বাবেই সোমবাৰে পৰিয়ালে আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিল৷ ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড সোঁত আৰু পানীৰ গেদৰ বাবে উদ্ধাৰ অভিযানত জটিলতাৰ সৃষ্টি হোৱা বুলি অভিযানকাৰী দলে সদৰী কৰিছে৷ গেমন কোম্পানীৰ দুখন বৃহৎ ক্ৰেনৰ জৰিয়তে ট্ৰাকখনৰ ব্ৰহ্মপুত্ৰৰ পানীৰ পৰা তুলি অনা হয়৷ লক্ষণীয়ভাৱে ট্ৰাকখনত বোজাই কৰা ১৬ মেট্ৰিকটন ৰডৰ এডালো এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই৷ বুধবাৰে পুনৰ চালক আৰু হেণ্ডিমেনৰ সন্ধানত অভিযান চলোৱা হ’ব৷