Logo
image

বিশ্ববিদ্যালয় পতাৰ আগতে শিক্ষাৰ মান উন্নত কৰক

বিজেপি নেতৃত্বাধীন চৰকাৰখনে আহি থকা বছৰবোৰৰ ভিতৰত [প্ৰথম পাঁচ বছৰীয়া  কাৰ্যকালত] অসমৰ প্ৰতিখন জিলাতে বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিব৷ আনহাতে, মেডিকেল কলেজ ইতিমধ্যে এফালৰ পৰা প্ৰতিষ্ঠা কৰি আহিছে৷

যিমান বিশ্ববিদ্যালয় পাতে পাতক, যিমান মেডিকেল কলেজ পাতে পাতক, তাত আমাৰ দ্বিমত নাই৷ কিন্তু এই অসম মুলুকত শিক্ষা আৰু স্বাস্থ্যৰ মান দেখি-শুনি আচৰিত হৈছে৷ 

যিখন ৰাজ্যত বিশ্ববিদ্যালয়ৰ  উপাচাৰ্যৰ দৰে সন্মানীয় ব্যক্তিয়ে বিশ্ববিদ্যালয়ৰ উন্নতিৰ বাবে  দিয়া পুঁজি আত্মসাৎ কৰি অৱশেষত  উপাচাৰ্য পদবীৰ পৰা নিলম্বিত হ’ব লগা হয়, সেইখন ৰাজ্যত একাংশ কলেজক বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিয়া কথাবোৰ কিবা হাঁহি উঠাৰ দৰে লাগে৷ অসমত থকা প্ৰায় ১৬৭জন ভুৱা পি এইচ ডিধাৰী অধ্যাপকৰ বিৰুদ্ধে ঘোষণা কৰা তদন্ত কি হ’ল? অসম চৰকাৰৰ সেই সময়ৰ  শিক্ষা উপদেষ্টা তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব উপাচাৰ্য ড॰ মিহিৰকান্তি চৌধুৰীৰ নেতৃত্বত গঠিত উচ্ছ ক্ষমতাসম্পন্ন কমিটীয়ে ১৬৭জন ভুৱা পি এইচ ডি ডিগ্ৰী লৈ চাকৰি কৰি থকা কলেজ শিক্ষকলৈ জাননী জাৰি কৰাৰ পাছতো কি ৰহস্যৰ পাকচক্ৰত সেই তদন্ত গাপ খালে সেয়া জানিব বিচাৰোঁ৷ 

‘কেগ’ৰ প্ৰতিবেদনত অসমৰ তেজপুৰ বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়ৰ কিছু বিত্তীয় অনিয়মৰ কথা পোহৰলৈ অহাৰ পাছত গুৱাহাটী উচ্ছ ন্যায়ালয়ে তদন্তৰ নিৰ্দেশ দিবলগা হোৱা ঘটনাবোৰ কিন্তু শিক্ষা বিভাগৰ ক’লা দাগ৷ 

কেৱল ৰাজনৈতিক স্বাৰ্থৰ বাবেই ভূত-ভৱিষ্যৎ চিন্তা নকৰি মন গ’লেই কিছু কলেজক বিশ্ববিদ্যালয়ৰ মৰ্যাদা দি ৰাইজৰ বাহ্‌ বাহ্‌ লোৱা কাৰচাজি মুখ্যমন্ত্ৰীয়ে এৰিবৰ হ’ল৷ বিশ্ববিদ্যালয় বুলিলে বিশেষকৈ অসমৰ ক্ষেত্ৰত ৰাইজৰ মনলৈ আহে পোনতেই গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নাম৷ 

মনত পৰিছে  ২০০৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ  তদানীন্তন উপাচাৰ্য ড॰ অমৰজ্যোতি চৌধুৰী ছাৰে কি পৰিস্থিতিত পৰি উপাচাৰ্যৰ পদবীৰ পৰা স্বইচ্ছাই পদত্যাগ কৰিব লগা হৈছিল৷ ইফালে চিকিৎসা মহাবিদ্যালয় পাতিছেহে পাতিছেহে, কিন্তু চিকিৎসাৰ মান পুতৌলগা৷

এম চি আই [ MCI]ৰ দল আহি মেডিকেল কলেজ পৰিদৰ্শন কৰাৰ সময়ত কেনেকৈ ইখন মেডিকেল কলেজৰ চিকিৎসক তথা বিভিন্ন যন্ত্ৰপাতি সিখনলৈ নি এম চি আইৰ দলৰ সন্মুখত ভুৱা দিয়ে সেয়া জনাই জানে৷ বিভিন্ন গাঁৱৰ স্বাস্থ্যকেন্দ্ৰবোৰৰ অৱস্থা এবাৰ অনুধাৱন কৰি খুব শীতলভাৱে চিন্তা পৰি মেডিকেল কলেজ পতাৰ ধুমুহাজাক মেলি দিয়ক৷  

আজি দেশৰ শীৰ্ষ  চৰকাৰী বিদ্যালয়ৰ তালিকাত অসমৰ কিয় এখনো বিদ্যালয়ৰ নাম নোসোমাল? গৰিষ্ঠসংখ্যক বিদ্যালয়ত কণ কণ ছাত্ৰ-ছাত্ৰীৰ বাবে কিয় এটুপি বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা নাই? কিয় পৰিষ্কাৰ শৌচাগাৰৰ ব্যৱস্থা নাই? শিক্ষকে প্ৰাপ্য বিচাৰি ৰাজপথত আন্দোলন কৰি আৰক্ষীৰ লাঠীৰ কোব খাই অশেষ কষ্টেৰে যে শিক্ষাদান কৰি পৰিয়াল চলাই আছে, সেইবোৰৰ খবৰ মুখ্যমন্ত্ৰীয়ে জানিও কিয় সমাধান সূত্ৰ উলিয়াব পৰা নাই? দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে ৰাজধানীখনৰ সকলো  প্ৰাথমিক বিদ্যালয় এনেকুৱা এটা পৰ্যায়লৈ লৈ গ’ল নেদেখিলে বিশ্বাস নহয়৷ বিগত সময়ত আমেৰিকা যুক্তৰাজ্যৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম আৰু তেওঁৰ পৰিবাৰ মেলানিয়া ট্ৰাম ভাৰত ভ্ৰমণলৈ আহোঁতে দিল্লীৰ শিক্ষাব্যৱস্থাৰ অভূতপূৰ্ব ৰূপ দেখি এখন প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ল’ৰা-ছোৱালীৰ লগত হেপিনেছ ক্লাছ কৰি খুব আপ্লুত হৈছিল৷ আৰু কেজৰিৱাল চৰকাৰক বাহ্‌ বাহ্‌ দি  গৈছিল৷ ইফালে অসমৰ কোনখন চৰকাৰী স্কুলত হেপিনেছ ক্লাছৰ ব্যৱস্থা আছে ক’ব পাৰিবনে মুখ্যমন্ত্ৰীয়ে? উল্লেখ্য, বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীজন যেতিয়া প্ৰায় এক দশকতকৈ অধিক শিক্ষামন্ত্ৰীৰ পদবীত আছিল আৰু শেহতীয়াকৈ পাঁচটা বছৰ তেওঁ  বিত্তমন্ত্ৰীৰ দায়িত্বত থাকোঁতে বিধানসভাৰ পৱিত্ৰ সদনত বাজেট ভাষণত কৈছিল যে ভাৰতৰ কেইখনমান বিশ্ববিদ্যালয়ত মহাপুৰুষ শংকৰদেৱৰ নামত আসন প্ৰতিষ্ঠা কৰিব৷ অকল এয়াই নহয়, তেওঁ কৈছিল এসময়ৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা,  সাহিত্যিক মামণি ৰয়চম গোস্বামী বাইদেউৰ নামত আসন প্ৰতিষ্ঠা কৰিম বুলি সদনত দিয়া কথা ৰাখিব পাৰিলেনে? সেয়া আছিল কেৱল চমক৷ কেৱল মুখেৰে ক’লেও এখন কলেজ বিশ্ববিদ্যালয় হৈ নাযায়৷ তাৰ বাবে উপযুক্ত গৃহ, শিক্ষক, শৈক্ষিক বাতাৱৰণ শিক্ষকৰ গৱেষণাৰ মান উন্নত হ’ব লাগিব৷

অসমৰ মন্ত্ৰী, বিধায়ক, শীৰ্ষ বিষয়া আৰু চহৰ-নগৰৰ নতুনকৈ চহকী হোৱা কোনো মানুহৰ সন্তানক চৰকাৰী বিদ্যালয়ত নপঢ়ায়৷ কিয়? সেই বিশিষ্ট সন্তানসকলক পঢ়ুওৱা হয় প্ৰচুৰ ব্যয়সাপেক্ষে কোনোবা মণ্টেছৰী স্কুল, পাব্লিক স্কুল, কনভেণ্ট স্কুলত৷ অসমৰ কেইজন মন্ত্ৰী-বিধায়কৰ সন্তানে চৰকাৰী বিদ্যালয়ত পঢ়ে তাৰ এটা পিয়ল কৰি ৰাইজক জনাব পাৰিবনে অসম চৰকাৰে?