Logo
image

গৰুখুটিলৈ আহিল গুজৰাটৰ গাই, ৰে’লতে জগিল পোৱালি

আমাৰ অসম, ২৬ নৱেম্বৰঃ অৱশেষত গুজৰাটৰ পৰা ছিপাঝাৰৰ গৰুখুটিলৈ অনা হ’ল পোৱালিসহ ১১১জনী গীৰ গাই৷ যাত্ৰাপথত বিশেষ বিঘিনি নঘটিল যদিও ৰে’লতে দুটাকৈ পোৱালি জন্ম দিলে গীৰ গায়ে৷ চিকিৎসকৰ নিৰন্তৰ তৎপৰতাত কুশলে আছে গাই মাতৃ আৰু পোৱালি৷ বৃহস্পতিবাৰে গুজৰাটৰ পৰা অনা এশ এঘাৰজনী গীৰ গাইৰে ভৰি পৰিল ‘গৰুখুটি কৃষি প্ৰকল্প’ৰ বহু প্ৰত্যাশিত গো-শালা৷ গুজৰাটৰ পৰা লৈ অহা গীৰ গাইসমূহ ‘গৰুখুটি কৃষি প্ৰকল্প’স্থলীত সোমোৱাৰ লগে লগে স্বাভাৱিকতে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক অধ্যক্ষ হিচাবে লৈ গঠিত কৃষি সমিতিখনৰ লগতে ইয়াত নিয়োজিত শ শ কৃষকৰ মুখত বিৰিঙি উঠে হাঁহি৷ উল্লেখ্য যে, ‘গৰুখুটি কৃষি প্ৰকল্প’ৰ কাম সম্প্ৰতি আশানুৰূপধৰণে আগবাঢ়ি আছে৷ একেদৰে শাক-পাচলিকে ধৰি মুখ্যতঃ মাছ, মাংস আৰু গাখীৰ উৎপাদনৰ লক্ষ্য বান্ধি লোৱা ব্যয়বহুল তথা এই বহুমুখি কৃষি প্ৰকল্পৰ অধীনস্থ গো-শালাৰ কামো চলি আছে পূৰ্ণগতিত৷ আনকি গীৰ গাই প্ৰতিপালনৰ বাবে প্ৰকল্পত নিয়োজিত পোন্ধৰজন যুৱকে ইতিমধ্যে গুজৰাটত গৈ সম্পূৰ্ণ কৰে ইয়াৰ যাৱতীয় প্ৰশিক্ষণো৷ প্ৰকাশ যে, ২৭ নৱেম্বৰত ‘গৰুখুটি কৃষি প্ৰকল্প’ত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড॰  হিমন্ত বিশ্ব শৰ্মাই বহুমুখি কৃষি প্ৰকল্পটোত সংযোজিত বয়ন শিল্প কেন্দ্ৰ, মৎস্য উৎপাদন কেন্দ্ৰৰ লগতে এই গো-শালাখনো শুভ উদ্বোধন কৰিব৷ প্ৰণিধানযোগ্য যে, ‘গৰুখুটি কৃষি প্ৰকল্প’ৰ গো-শালাত উৎপাদিত গাখীৰে এখন বৃহৎ বজাৰ দখল কৰিব বুলি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই আশা প্ৰকাশ কৰাৰ লগতে অদূৰ ভৱিষ্যতে ইয়াত দুগ্ধজাত সামগ্ৰী ক্ৰীম, পনীৰ, মিঠাই আদিও প্ৰস্তুত কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷ ইফালে স্থানীয় বিধায়ক ড॰ পৰমানন্দ ৰাজবংশীয়ে আজি জানিবলৈ দিয়া অনুসৰি, ‘গৰুখুটি কৃষি প্ৰকল্প’ত বাৰ্ষিক এখন দৰঙী মেলা অনুষ্ঠিত কৰাৰ কথা ইতিমধ্যে চিন্তা কৰা হৈছে৷ এই মেলাত স্থানীয়ভাৱে উৎপাদিত খাদ্য সম্ভাৰকে ধৰি আন আন সামগ্ৰীও উপলব্ধ হ’ব৷ য’ত নেকি বিনিময় প্ৰথাৰো প্ৰচলন ঘটোৱা হ’ব৷ তদুপৰি, কৃষি প্ৰকল্পৰ এই সপোনৰ দৰঙী মেলাখনত দৰঙৰ অনুপম লোক-কৃষ্টিসমূৰো সমাহাৰ ঘটোৱা হ’ব বুলি বিধায়ক ড॰   পৰমানন্দ ৰাজবংশীয়ে অৱগত কৰে৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড॰   হিমন্ত বিশ্ব শৰ্মাৰ আগমনকলৈ কৃষি সমিতিৰ লগতে ইয়াৰ কৃষকসকলৰ মাজত বৰ্তমান বৃদ্ধি পাইছে তৎপৰতা৷ প্ৰকল্পৰ সামগ্ৰিক কাম-কাজতেই এতিয়া বিৰাজমান যুদ্ধকালীন প্ৰস্তুতি৷ জানিব পৰা মতে, সেইদিনা মুখ্যমন্ত্ৰী ড॰   হিমন্ত বিশ্ব শৰ্মাই ‘গৰুখুটি কৃষি প্ৰকল্প’ৰ কৃষকসকলৰ সৈতে এক মতবিনিময় অনুষ্ঠানতো ভাগ ল’ব৷