Logo
image

ক’ভিডৰ নতুন অৱতাৰ, কেন্দ্ৰ উদ্বিগ্ন

আমাৰ অসম, ২৭ নৱেম্বৰঃ দেশত ক’ভিডৰ দৈনিক সংক্ৰমণ হ্ৰাস পোৱাৰ মাজতে পুনৰ মাৰাত্মক কৰ’না ভাইৰাছৰ নতুন প্ৰজাতিৰ আৰ্বিভাৱে উদ্বেগৰ সৃষ্টি কৰিছে৷ দক্ষিণ আফ্ৰিকাত ধৰা পৰা কৰ’না বি. ১.১.৫২৯ প্ৰজাতিৰ ভাইৰাছে সমগ্ৰ বিশ্বকে এতিয়া শংকিত কৰি তুলিছে৷ দক্ষিণ আফ্ৰিকাৰ বাৎসোৱানাৰ লগতে হংকঙতো ভয়ংকৰ ৰূপ লৈ ক’ভিডৰ নতুন প্ৰজাতিৰ ভাইৰাছবিধে৷ অতি ক্ষিপ্ৰভাৱে এজনৰ পৰা আন এজনলৈ সংক্ৰমিত হোৱা নতুন ভেৰিয়েণ্ট বিধে ইতিমধ্যে ৩০ বাৰকৈ ৰূপ সলনি কৰিছে৷ বিশেষজ্ঞসকলে বিশ্বত বৰ্তমানলৈ ধৰা পৰা কৰ’না ভাইৰাছতকৈ নতুন প্ৰজাতিৰ ভাইৰাছবিধ ৫০ গুণ অধিক শক্তিশালী বুলি সদৰি কৰিছে৷ ক’ভিডৰ দুটা ভেক্‌চিন লোৱা ব্যক্তিয়ো এই ভাইৰাছৰ চিকাৰ হোৱাত বিশ্ব স্বাস্থ্য সংস্থাই সকলো ৰাষ্ট্ৰকে সতৰ্ক কৰি দিছে৷ ভাইৰাছৰ নতুন প্ৰজাতিটোৰ চৰিত্ৰ জনাৰ বাবে গৱেষণা অব্যাহত আছে যদিও বিশ্বত যাতে  সংহাৰী ৰূপ ধাৰণ নকৰে ইয়াৰ বাবে সতৰ্কতা জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ ইপিনে ভাৰতৰ ডেল্টা ভেৰিয়েণ্টতকৈ কেইবাগুণো শক্তিশালী বি.১.১.৫২৯ প্ৰজাতিৰ ভাইৰাছবিধ দক্ষিণ আফ্ৰিকাত চিনাক্ত হোৱাৰ পাছতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ভাৰতত তৃতীয় ঢৌৰ আশংকা কৰিছে৷ অৱশ্যে, ভাৰতত বৰ্তমানলৈ দক্ষিণ আফ্ৰিকাৰ নতুন প্ৰজাতিৰ ভাইৰাছ বিধৰ উপস্থিতি ধৰা পৰা নাই যদিও কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে প্ৰতিখন ৰাজ্যৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰি সতৰ্কতা জাৰি কৰিছে৷ স্বাস্থ্য মন্ত্ৰণালয়ে দক্ষিণ আফ্ৰিকাকে ধৰি ‘বিপদাশংকা’ থকা দেশৰ পৰা অহা বিমান যাত্ৰীৰ স্বাস্থ্য পৰীক্ষাৰ ক্ষেত্ৰত কঠোৰ সতৰ্ক হ’বলৈও আহ্বান জনাইছে৷ উল্লেখ্য, দক্ষিণ আফ্ৰিকাত বৎসোৱানাত ১০০জন আৰু হকঙত ২২জন লোক নতুন প্ৰজাতিৰ ক’ভিড ভাইৰাছত আক্ৰান্ত হৈছে৷ দক্ষিণ আফ্ৰিকাৰ বিজ্ঞানীসকলে দাবী কৰা মতে এই ভাইৰাছে সংক্ৰমিত ব্যক্তিৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা নোহোৱা কৰি তোলে৷ যাৰ বাবে  আক্ৰান্তৰ মৃত্যুৰ আশংকা অধিক৷  ইপিনে ক’ভিডৰ এনে সংক্ৰমণৰ মাজতে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’বলগীয়া টেষ্ট ক্ৰিকেট ছিৰিজক লৈ ভাৰতীয় ক্ৰিকেট দলটো চিন্তিত হৈ পৰিছে৷ নিউজীলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট মেচ শেষ হোৱাৰ পাছতেই ডিচেম্বৰত দক্ষিণ আফ্ৰিকাত তিনিখন টেষ্ট ছিৰিজ, ৩ খন এদিনীয়া মেচ আৰু ৪ খন টি-২০ত অংশগ্ৰহণৰ বাবে ভাৰতৰ ক্ৰিকেট দলটোৱে যাত্ৰা কৰাৰ দিন চূড়ান্ত কৰা হৈছিল যদিও এই চিৰিজক লৈ এতিয়া জটিলতাই দেখা দিছে৷ বি চি চি আইৰ এজন শীৰ্ষ কৰ্মকৰ্তাই দক্ষিণ আফ্ৰিকাত ক’ভিড সংক্ৰমণ বৃদ্ধি পালে ছিৰিজৰ সন্দৰ্ভত পুনৰ বিবেচনা কৰা হ’ব বুলিও প্ৰকাশ কৰিছে৷ অৱশ্যে এই সন্দৰ্ভত বৰ্তমানলৈ দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট ব’ৰ্ডৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে কোনো কথা অৱগত কৰা নাই বুলিও বিষয়াজনে সদৰী কৰিছে৷