Logo
image

ভাষাহীন

আমাৰ অসম, ২৭ নৱেম্বৰঃ ভাষা-কৃষ্টি-সংস্কৃতিৰ উত্তৰণ, বিকাশ আৰু সংৰক্ষণৰ মহামন্ত্ৰ আওৰাই ৰাজপাট দখল কৰা বিজেপি চৰকাৰৰ আমোলতে কাৰ্যতঃ ভাষাহীন হৈ পৰাৰ উপক্ৰম হৈছে অসমীয়া জাতি৷ অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে বাধ্যতামূলক অসমীয়া প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাৰ সমান্তৰালভাৱে বৰাক উপত্যকাত ভূলুণ্ঠিত হৈছে অসমৰ ৰাজ্যভাষা অসমীয়া৷ বৰাক উপত্যকাৰ পৰা অসমীয়া ভাষাক চিৰদিনলৈ নিৰ্বাসন দিবৰ বাবে দিবা-নৈশ ষড়যন্ত্ৰত লিপ্ত চক্ৰৰ ওচৰত নিলাজৰ দৰে আঁঠু লৈছে অসম চৰকাৰ আৰু বৰাক উপত্যকাৰ অসামৰিক আৰু আৰক্ষী প্ৰশাসনে৷ অৱশ্যে সকলো ক্ষেত্ৰতে কৰাৰ দৰে বৰাক উপত্যকাৰ পৰা অসমীয়া ভাষাক অপমানজনকভাৱে খেদি পঠিওৱাৰ বাবে চলি থকা ষড়যন্ত্ৰৰ ক্ষেত্ৰতো বাম উকীলৰ ভাও লৈছে বিজেপি দল আৰু চৰকাৰে৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাকে ধৰি অসমৰ বিজেপিৰ নেতা-পালিনেতাসকলে এপিএছচিৰ পৰীক্ষাৰ ক্ষেত্ৰতেই হওক বা বৰাক উপত্যকাত অব্যাহত থকা অসমীয়া ভাষাবিৰোধী ষড়যন্ত্ৰৰ ক্ষেত্ৰতে হওক– সকলো ক্ষেত্ৰতে অসমৰ মানুহক আভুৱা ভাঁৰিবলৈ চেষ্টা কৰিছে৷ বৰাকৰ অসমীয়া ভাষাবিৰোধী চক্ৰটোক ‘মহাপৰাক্ৰমী’ অসম চৰকাৰে ইমানেই ভয় কৰে যে অসমবিৰোধী চক্ৰটোৱে ধাৰ্য কৰি দিয়া ‘সময়সীমা’ৰ পূৰ্বেই চৰকাৰৰ নিৰ্দেশত প্ৰশাসনে উচ্ছেদ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবিযুক্ত অসমীয়া ভাষাৰ বিজ্ঞাপন৷ কিছুদিন পূৰ্বে শিলচৰত চৰকাৰী হ’ৰ্ডিঙত থকা অসমীয়া লিপিত ক’লা ৰং সানি দিয়া হৈছিল৷ এই ঘটনাৰ প্ৰতিবাদত ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰাইজ সৰব হৈ পৰাৰ সময়তে প্ৰশাসনে অসমীয়া ভাষাবিৰোধী চক্ৰটোৰ ওচৰত নেগুৰ পেলাই দিছিল৷ প্ৰশাসনৰ উদ্যোগত চৰকাৰী বিজ্ঞাপনত বাংলা ভাষাৰ লগতে অসমীয়া ভাষাও ব্যৱহাৰ কৰাৰ থল আছিল যদিও বৰাকৰ অসমীয়াবিৰোধী চক্ৰটোৰ প্ৰতি থকা ভয় আৰু ভোটৰ অংকৰ প্ৰতি লক্ষ্য ৰাখিয়েই সেইবাৰ প্ৰশাসনে অকণো পলম নকৰি চৰকাৰী বিজ্ঞাপনৰ পৰা অসমীয়া লিপি আঁতৰাই স্থলাভিষিক্ত কৰে বাংলা লিপি৷ ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰাক্‌-মুহূৰ্তত সংঘটিত সেই ঘটনাত চৰকাৰৰ ৰহস্যজনক নীৰৱতা দেখি সকলোৱে এইবুলি ভাবিছিল যে নিৰ্বাচনত বাংলাভাষীৰ ভোট কমিব পাৰে বুলিয়েই চৰকাৰে দুয়োকুল ৰক্ষা কৰাৰ চেষ্টা কৰিছে আৰু উপনিৰ্বাচনৰ পাছত এই সন্দৰ্ভত চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিব৷ কিন্তু মূৰকত দেখা গ’ল যে সকলো ফুটুকাৰ ফেন৷ অসমীয়া ভাষাতকৈ হিন্দী আৰু বাংলা ভাষাৰ প্ৰতিহে বিজেপি চৰকাৰৰ দৰদ, সম্ভ্ৰম বেছি বুলি চৰকাৰে নিজেই হাতে-কামে প্ৰমাণ কৰি দিছে৷ সেয়া বৰাক উপত্যকাৰ ঘটনাৰ ক্ষেত্ৰতে হওক বা অসম লোকসেৱা আয়োগৰ ঘটনাৰ ক্ষেত্ৰতে হওক৷ কেৱল সেয়াইনে? কিছুদিন পূৰ্বে ৰাজ্যৰ শিক্ষা বিভাগে এইমৰ্মে জাননী জাৰি কৰিলে যে স্কুলীয়া পৰ্যায়ৰ উচ্ছ শাখাত বিকল্প ইংৰাজী বিষয়টো নাথাকিব৷ অৰ্থাৎ অসমীয়া, বাংলা, বড়োভাষী ছাত্ৰ-ছাত্ৰীয়ে মাতৃভাষাৰ পৰিৱৰ্তে বিকল্প ইংৰাজী অধ্যয়ন কৰাৰ প্ৰথা চৰকাৰে বিলুপ্ত কৰিছিল৷ ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে মাতৃভাষা বিষয়টো পঢ়াটো প্ৰকাৰান্তৰে বাধ্যতামূলক কৰা হৈছিল৷ এয়া স্বাভাৱিকতেই আদৰণীয়৷ কিন্তু দুদিনৰ পাছতে খেল উলটি গ’ল৷ অসমীয়া তথা মাতৃভাষাবিৰোধী শক্তিশালী চক্ৰৰ হেঁচাত শিক্ষা বিভাগৰ নিৰ্দেশত পুনৰ জাননী জাৰি কৰা হ’ল যে বিকল্প ইংৰাজী বিষয়টো পূৰ্বৰ দৰেই বাহাল থাকিব৷ বৰাক উপত্যকাৰ ক্ষেত্ৰতো চৰকাৰৰ একেই ভূমিকা– সেয়া উপনিৰ্বাচনৰ আগতেই হওক বা পাছতেই হওক৷ উপনিৰ্বাচনৰ আগৰ ঘটনাই অসমীয়া মানুহক দিয়া দুখ পাতলি নৌযাওঁতেই দুদিন পূৰ্বে পুনৰ প্ৰদীপ দত্তৰয় নামৰ অসমীয়াবিৰোধী ‘নেতা’জনৰ নেতৃত্বত পুনৰ আৰম্ভ হ’ল অসমীয়া ভাষাবিৰোধী অভিযান৷ শিলচৰকে ধৰি সমগ্ৰ বৰাক উপত্যকাত থকা চৰকাৰী বিজ্ঞাপনৰ পৰা অসমীয়া ভাষা আঁতৰাবলৈ হুংকাৰ দিলে প্ৰদীপ দত্তৰয়ৰ নেতৃত্বাধীন বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্ট নামৰ সংগঠনটোৱে৷ ইয়াৰ বাবে ৪৮ ঘণ্টাৰ সময়ো বান্ধি দিলে প্ৰদীপ বাহিনীয়ে৷ চৰকাৰ যেন সুযোগৰ অপেক্ষাতহে আছিল৷ প্ৰদীপ বাহিনীৰ সময়সীমাৰ পূৰ্বেই চৰকাৰৰ নিৰ্দেশত ২৪ ঘণ্টাৰ ভিতৰতে প্ৰশাসনে আঁতৰাই পেলালে অসমীয়া ভাষাৰ চৰকাৰী বিজ্ঞাপন৷ প্ৰদীপ দত্তৰয় আৰু বিডিএফৰ দপ্‌দপনি নিয়ন্ত্ৰণৰ চেষ্টা চলোৱাৰ পৰিৱৰ্তে প্ৰদীপ বাহিনীৰ প্ৰভাৱ আৰু হুংকাৰত কম্পিত আৰক্ষী আৰু অসামৰিক প্ৰশাসন৷ সেইবাবেই প্ৰধানমন্ত্ৰীৰ ফটো থকা চৰকাৰী বিজ্ঞাপনৰ হ’ৰ্ডিং আঁতৰাই পেলোৱা হ’ল এদিনতে– কেৱল অসমীয়া ভাষা হোৱাৰ বাবেই৷ লক্ষণীয়ভাৱে শিলচৰৰ মেহেৰপুৰ অঞ্চলৰ গোস্বামী ফিলিং ষ্টেচন নামৰ পেট্ৰ’ল পাম্পৰ চৌহদত আঁৰি দিয়া অসমীয়া ভাষাৰ এই বিজ্ঞাপনখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটোও আছিল৷ তৎসত্ত্বেও ‘ৰিস্ক’ নল’লে বৰাকপ্ৰেমী অসম চৰকাৰে৷ অসমীয়া ভাষাৰ এই দুৰ্গতি দেখি হিমন্তবিশ্ব শৰ্মা চৰকাৰ, বিজেপি দল আৰু বৰাক উপত্যকাৰ তিনিখন জিলাৰ আৰক্ষী আৰু অসামৰিক প্ৰশাসন নীৰৱ-নিমাত-নিৰ্লিপ্ত হৈ আছে যদিও সীমিত শক্তিৰেই প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশই৷ বৰাক উপত্যকাৰ বিভিন্ন ঠাইত প্ৰদীপ বাহিনীৰ বিভাজনকামী কাম-কাজৰ বিৰুদ্ধে ৰাইজ সৰব হৈ পৰিছে৷ হাইলাকান্দিত অনুষ্ঠিত সংবাদমেলত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতা কবিৰউদ্দিন লস্কৰে কয়– ‘প্ৰদীপ দত্তৰয় আচলতে বিজেপিৰ এজেণ্ট৷ তেওঁ বিজেপিৰ সক্ৰিয় সদস্য৷ বিজেপিৰ ইংগিততে তেওঁ অসমীয়া ভাষাবিৰোধী কাম-কাজ অব্যাহত ৰাখিছে, বিতৰ্কিত মন্তব্য দিছে৷ বৰাক-ব্ৰহ্মপুত্ৰৰ মাজত বিভাজন সৃষ্টি কৰি বৰাক উপত্যকাৰ বিভিন্ন ঠাইৰ পৰা নিৰ্বিবাদে চান্দা সংগ্ৰহ কৰিবৰ বাবেই প্ৰদীপ দত্তৰয়ে আৰম্ভ কৰিছে অসমীয়াবিৰোধী অভিযান৷’ লক্ষণীয়ভাৱে বৰাকৰ শক্তিশালী বিজেপি নেতা তথা ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰদীপ দত্তৰয় বাহিনীৰ অসমীয়া ভাষাবিৰোধী অভিযানৰ বিৰোধিতা কৰি এইদৰে কয়– ‘প্ৰদীপ দত্তৰয়ৰ কথাই বৰাক উপত্যকাৰ ৰাইজৰ কথা নহয়৷ বৰাকৰ ৰাইজে অসমীয়া ভাষাৰ বিৰোধিতা নকৰে৷ বাংলাভাষীসকলেও অসমীয়া ক’ব জানে, অসমীয়াসকলেও বাংলা ক’ব জানে৷ বৰাকত ভাষাক লৈ কোনো সংঘাত নাছিল আৰু নাই৷ সেইবাবেই সংঘাত সৃষ্টি কৰিবৰ বাবে একাংশই চেষ্টা কৰিছে৷ মই সাধাৰণতে অসমীয়াতে কথা পাতোঁ৷ মই ভালকৈ ক’ব নোৱাৰিলেও অসমীয়া ক’বলৈ চেষ্টা কৰোঁ৷ যিকোনো ভাষা শিকাটো ভুল হ’ব নোৱাৰে৷ ভাষা শিকিলে কাৰো অপকাৰ নহয়৷ ভাষা শিকাটো লাভজনকহে৷ যিসকলে বৰাক উপত্যকাত অসমীয়া ভাষা নচলিব বুলি কৈছে, তেওঁলোকে বাঙালীৰ বাবে কিমানখন কিতাপ বাংলা ভাষাত লিখিছে? কিমানে নিজৰ ল’ৰা-ছোৱালীক বাংলা মাধ্যমত পঢ়ুৱাইছে? এনেধৰণৰ সম্প্ৰীতি বিনষ্টকাৰী শক্তিৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ মই চৰকাৰক দাবী জনাইছোঁ৷’ লক্ষণীয়ভাৱে শিলচৰৰ মেহেৰপুৰৰ গোস্বামী ফিলিং ষ্টেচনৰ মেনেজাৰ ৰত্নজ্যোতি চক্ৰৱৰ্তীয়ে ঘটনা সন্দৰ্ভত পৃথক ব্যাখ্যা দাঙি ধৰিছে৷ তেওঁ কয়– ‘প্ৰদীপ দত্তৰয় আমাৰ ওচৰলৈ আহিছিল৷ আমাৰ মালিকক লগ ধৰিছিল৷ অসমীয়া ভাষাৰ বিজ্ঞাপনটো আঁতৰাবলৈ কৈছিল৷ আমি কাছাৰৰ উপায়ুক্তৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ যদিও সফল নহ’লোঁ৷ অৱশেষত আমি নিজেই বিজ্ঞাপনটো আঁতৰোৱাৰ সিদ্ধান্ত ল’লোঁ৷’ লক্ষণীয়ভাৱে স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি সম্বলিত চৰকাৰী বিজ্ঞাপন এটা পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীয়ে নিজাববীয়া সিদ্ধান্তৰে আঁতৰাই দিয়া বুলি কোৱা কথা স্বাভাৱিকতেই হাস্যকৰ৷ সেইসূত্ৰে ৰত্নজ্যোতি চক্ৰৱৰ্তীৰ এই ভাষ্য ‘মেকিং’ বুলি অভিযোগ উঠিছে৷ প্ৰশাসনে অসমীয়া ভাষাৰ বিজ্ঞাপন আঁতৰাই দিয়া বুলি জানিলে ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া হোৱাৰ আশংকা কৰিয়েই প্ৰশাসনৰ শ্ৰুতলিপি মতে পেট্ৰ’ল পাম্পৰ মেনেজাৰে এই ভাষ্য দিয়া বুলি অভিযোগ উঠিছে৷ এই অভিযোগৰ সত্যতাও নুই কৰিব নোৱাৰি৷ কিয়নো, নৰেন্দ্ৰ মোদীৰ ছবি সম্বলিত অসমীয়া ভাষাৰ বিজ্ঞাপনখন আঁতৰাই দিয়াৰ লগে লগেই সেই ঠাইত আহি উপস্থিত হয় আৰক্ষীৰ দল৷ কোনো কথাৰ অৱতাৰণা নকৰাকৈ পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীলৈ আৰক্ষীৰ প্ৰশ্ন– ‘পোষ্টাৰখন কেনেকৈ ফাটিল? কেতিয়া ফাটিল?’ জটিল ৰাজনীতিৰ আওভাও বুজি নোপোৱা পেট্ৰ’ল পাম্পৰ সাধাৰণ কৰ্মচাৰীৰ উত্তৰ– ‘ফাটি যোৱা নাই, আমি নমাইহে দিছোঁ৷ আমাক নমাই দিবলৈ কৈছে, আমি নমাই দিছোঁ৷’ লগে লগে আৰক্ষীয়ে তেওঁলোকক সেই ঠাইৰ পৰা ততাতৈয়াকৈয়ে আঁতৰাই পঠিয়ায়৷ কিয়নো সেই সময়ত ঘটনাস্থলীত উপস্থিত হৈছিলগৈ সাংবাদিকৰ দল৷ এই নাটকীয় ঘটনা-প্ৰৱাহে বিজেপি চৰকাৰৰ জাতি-মাটি-ভেটি-ভাষা-কৃষ্টিৰ প্ৰতি থকা মৰম-সন্মানৰ স্বৰূপ উদঙাই দিছে৷ সঁচাকৈয়ে, অসমীয়া জাতিটো বৰ দুৰ্ভগীয়া৷ অসমীয়া ভাষাৰ বাবে অসমীয়াই সদায়েই মাত মাতিবলগীয়া হৈছে৷ প্ৰতিক্ৰিয়াশীল চক্ৰৰ ষড়যন্ত্ৰৰ পৰা অসমীয়া ভাষাক ৰক্ষা কৰিবৰ বাবে অহৰহ সজাগ আৰু সক্ৰিয় হৈ থাকিবলগীয়া হৈছে– ১৮৩৬ চনৰ পৰা ২০২১ চনলৈকে৷

হোজাইৰ বিজেপি বিধায়ক ৰামকৃষ্ণ ঘোষৰ দাবীঃ প্ৰদীপ দত্তৰয়ক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক, তেওঁলোকৰ বাবে আমি মিছাকৈ গালি খাই থাকিব লাগে

বৰাকৰ প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে বিজেপি দলৰ মুখপাত্ৰ তথা হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষে৷ ‘তেওঁক গ্ৰেপ্তাৰ কৰিলে এটা ভাল মেচেজ যাব৷ এফালে শৃংখল চলিহা আনফালে প্ৰদীপ দত্ত ৰয়ে যা-তা বকি থাকিব, এনেধৰণে বকি থাকিলে অসমখন আমি একত্ৰিত কৰি ৰাখিব নোৱাৰিম৷ এনেধৰণৰ কথা ক’ব নেলাগে৷’ বৰাকৰ পৰা অসমীয়া ভাষাৰ ফলক আঁতৰাবলৈ সময়সীমা বান্ধি দিয়াক লৈ লংকাত সাংবাদিকৰ আগত শুকুৰবাৰে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়কজনে৷ ‘ভাষা আন্দোলনৰ সময়ত বৰাকৰ বাঙালীসকলেহে সমৰ্থন কৰিছিল৷ ব্ৰহ্মপুত্ৰ ভেলীৰ বাঙালীসকলে সমৰ্থন কৰা নাছিল৷ কোনেও সমৰ্থন কৰা নাছিল৷ কিন্তু তেওঁলোকৰ [বৰাক ভেলীৰ বাঙালীসকলৰ] বাবে আমি গালি খাই থাকিব লগা হৈছে৷ তেওঁলোকক ইমিডিয়েট এৰেষ্ট কৰিব লাগে৷ এনধৰণৰ কথা কৈ কি ক’ব বিচাৰে প্ৰদীপ দত্ত ৰয়ে? আমি যদি হিন্দু বাঙালী সম্প্ৰদায়ৰ তেন্তে আমাৰ মনত কি আছে সেয়া তেওঁলোকে আমাক সুধিব লাগে৷ আমি ব্ৰক্ষপুত্ৰ ভেলী বাঙালীসমূহে কি ভাবিছে সেইমতে বৰাকভেলীৰ বাঙালীসকলে সেইমতে কথা আগবঢ়াব লাগে৷ সেইমতে যদি কথা নকয় তেতিয়া ময়ো আহ্বান জনাম তেওঁলোক আঁতৰি যাওক৷ নহ’লে চৰকাৰে সংবিধানৰ আধাৰত তেওঁলোকক এনেকুৱা শিক্ষা দিব লাগে, যাতে তেওঁলোকৰে আজীৱন মনত থাকে৷ সংবিধানৰ যি অসংগতাৰ ভিত্তিত তেওঁলোকে কথা কৈছে নেকি? যদি নাই কোৱা তেন্তে তেওঁলোকে সংবিধানবিৰোধী হোৱাৰ কাৰণে তেওঁলোকক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে৷  আমাৰ ব্ৰহ্মপুত্ৰ ভেলীৰ বাঙালীসকলে অসমীয়া সমাজ, সভ্যতা, সংস্কৃতি মানি চলে৷ অসমীয়া স্কুলত পঢা-শুনাও কৰে৷ এইবিলাক তেওঁলোকে চিন্তা কৰিব লাগে৷ তেওঁলোকে হয়তো ভাবিবই নোৱাৰে এইবোৰ৷  বৰাক- ব্ৰহ্মপুত্ৰ এক হৈ থাকিব লাগে৷ তেনে চিন্তা কৰাৰ পৰিৱৰ্তে যদি এনেধৰণৰ মন্তব্য দিয়ে তেন্তে তেওঁলোক আঁতৰি যাব লাগে৷ চৰকাৰে এটা ষ্টেণ্ড ল’ব লাগে ’ বুলিও মন্তব্য কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হোজাই সমষ্টিৰ বিধায়কজনে৷ আজি হোজাই জিলা অনুসূচিত জাতি মৰ্চাৰ উদ্যোগত হোজাই জিলাতো উদ্‌যাপন হোৱা সংবিধান দিৱসৰ গৌৰৱ সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত বিধায়ক তথা বিজেপি দলৰ মুখপাত্ৰ ৰামকৃষ্ণ ঘোষে এইদৰে গৰজি উঠে প্ৰদীপ দত্ত ৰয়ৰ লগতে বৰাক ভেলীৰ বাঙালীসকলৰ প্ৰতিও৷  উল্লেখ্য যে, শুকুৰবাৰে চ্ছনৱেম্বৰ দিনটোত সমগ্ৰ দেশৰ লগতে লংকাতো উদ্‌যাপন কৰা হয় সংবিধান গৌৰৱৰ সভা৷ কাৰ্যসূচীত হোজাই সমষ্টিত বিধায়ক ৰামকৃষ্ণ ঘোষ, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰইও অংশগ্ৰহণ কৰে৷ হোজাই জিলা বিজেপিৰ সভাপতি অনুপ দেৱৰ লগতে ৰাজ্যিক বিজেপিৰ অনূসূচিত জাতি মৰ্চাৰ সম্পাদক অজুৰ্ন মজুমদাৰসহ বিজেপিৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে৷ লংকাৰ লংকেশ্বৰী মন্দিৰত অনুষ্ঠিত সভাৰ পূৰ্বে লংকাৰ ৰাজপথেদি এক শোভাযাত্ৰাও উলিওৱা হয়৷  হোজাই জিলা অনুসূচিত জাতি মৰ্চাৰ সভাপতি প্ৰতুল দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত বহুকেইজনে ভাৰতৰ সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰক স্মৰণ কৰি ভাষণ প্ৰদান কৰে৷