Logo
image

কাগজ কলৰ নিলাম ৰহস্য

আমাৰ অসম, ২৭ নৱেম্বৰঃ ৰাজ্যৰ অন্যতম দুটা ৰাজহুৱা খণ্ডৰ উদ্যোগ নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত নহয়, বৰঞ্চ অসমীয়াৰ আৱেগ বিজড়িত কাগজ কল দুটাৰ সম্পত্তি বিক্ৰীহে হ’ব৷ লিকুইডেটৰ  কুলদীপ বাৰ্মাৰ শেহতীয়া নিলামৰ জাননীত কাগজ দুটাৰ ভূমিসম্পত্তি  বিক্ৰী হোৱাৰহে সম্পূৰ্ণ ইংগিত দিছে৷ ইতিপূৰ্বে নেচনেল কোম্পানী ল’ ট্ৰিবিউনেলে নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিতকৰণৰ বাবে কুলদীপ বাৰ্মাক লিকুইডেটৰ নিযুক্তি দি শেহতীয়াকৈ এবছৰৰ ভিতৰত কল দুটা কাৰ্যক্ষম কৰি তুলিবলৈও নিৰ্দেশ দিছিল৷ লক্ষণীয়ভাৱে অসম চৰকাৰৰ ঔদ্যোগিক উন্নয়ন নিগমে নগাঁও আৰু কাছাৰ কাগজ কলৰ সম্পত্তি ৩০০ কোটি টকাৰ বিনিময়ত অসম চৰকাৰক হস্তান্তৰ কৰিবলৈ লিকুইডেটৰলৈ বিগত ৯ নৱেম্বৰত পত্ৰ প্ৰেৰণ কৰিছিল৷ অসম চৰকাৰৰ এই পৰিকল্পনাৰ পাছতেই বুধবাৰে লিকুইডেটৰ কুলদীপ বাৰ্মাই কাগজ কল দুটা নিলামৰ বাবেহে বিজ্ঞাপন প্ৰকাশ কৰিলে৷  লিকুইডেটৰে প্ৰকাশ কৰা বিজ্ঞাপনত কাগজ কলৰ মূল্য পূৰ্বৰ ১১০০ কোটি টকাৰ পৰা ৭০০ টকালৈ হ্ৰাস কৰিলে৷ নেচনেল কোম্পানী ল’ ট্ৰিবিউনেলে নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰি কৰ্মচাৰীৰ সুৰক্ষা নিশ্চিতকৰণৰ জৰিয়তে নিলামৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছিল যদিও লিকুইডেটৰে ট্ৰিবিউনেলৰ নিৰ্দেশ উলংঘন কৰি কাগজ কল দুটাৰ ভূমি-সম্পত্তি খণ্ড খণ্ডকৈ বিক্ৰীৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এই বিজ্ঞাপনৰ দ্বাৰা এটা কথা স্পষ্ট হৈ পৰিল যে নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত নহয়, বৰঞ্চ ইয়াক ধবংস কৰি ভূমিখিনি বিক্ৰীহে কৰিব৷ ইপিনে কাগজ কল কৰ্মচাৰী ইউনিয়নে লিকুইডেটৰৰ উক্ত বিজ্ঞাপনক আইন বিৰুদ্ধ বুলি অভিহিত কৰিছে৷ এই সন্দৰ্ভত ইউনিয়নৰ নেতা মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে কয়– অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কাগজ কল দুটা পুনৰুজ্জীৱিতকৰণৰ বাবে পুঁজি যোগান ধৰক৷ এন চি এল টিৰ নিৰ্দেশ মতে কাগজ দুটা কেতিয়াও বিক্ৰী কৰিব নোৱাৰে৷ লিকুইডেটৰে কি উদ্দেশ্যেৰে এই বিজ্ঞাপন প্ৰকাশ কৰিলে সেয়া ৰহস্যজনক৷ লিকুইডেটৰৰ এই কাৰ্যৰ বিৰুদ্ধে ট্ৰিবিউনেলত দ্বাৰাস্থ হ’ম৷