Logo
image

এইবাৰ ‘বৈধ’ নথিৰে কয়লা ছিণ্ডিকেট

আমাৰ অসম, ২৭ নৱেম্বৰঃ বিজেপি বিধায়কৰ নেতৃত্বত এইবাৰ বৈধ প্ৰক্ৰিয়াৰে ৰাজ্যত চলিব কয়লাৰ ছিণ্ডিকেট৷ ৰাজহ সংগ্ৰহৰ অচিলাৰে কয়লা সৰবৰাহৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰি অতি কৌশলপূৰ্ণভাৱে ছিণ্ডিকেট চলোৱাৰ পথ প্ৰশস্ত কৰিছে দিছপুৰে৷ ৰাজ্য চৰকাৰৰ ভূতত্ত্ব আৰু খনি সঞ্চালকালয়ে নিৰ্দিষ্ট ব্যৱসায়ীক কয়লা সৰবৰাহৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰিলেও এই ব্যৱস্থাৰ জৰিয়তে গোপনে নাগালেণ্ড, অৰুণাচল, মেঘালয় আৰু অসমৰ কয়লা ভাণ্ডাৰত যে খনন কাৰ্য চলাব সেয়া নিশ্চিত হৈ পৰিছে৷ শুকুৰবাৰে গুৱাহাটীস্থ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এটা অনুষ্ঠানত ভূতত্ত্ব আৰু খনি সঞ্চালকালয়ে ২৫জন ব্যৱসায়ীক কয়লা সৰবৰাহৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰে৷ মূলতঃ অসমৰ মাজেৰে কয়লা সৰবৰাহৰ বাবে নিৰ্দিষ্ট ব্যৱসায়ীকেইজনে চৰকাৰী বৈধতা লাভ কৰিলে৷ বিভাগীয় মন্ত্ৰী যোগেন মহনে অসমৰ মজুতকৃত কয়লা সৰবৰাহৰ বাবে আনুষ্ঠানিকভাৱে অনুজ্ঞাপত্ৰ প্ৰদান কৰি মাৰ্ঘেৰিটাৰ কয়লাখনি খননৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিলে ৰাজ্য চৰকাৰে পদক্ষেপ হাতত ল’ব বুলিও ঘোষণা কৰে৷ কিন্তু ৰহস্যজনক কাৰণত বিভাগীয় মন্ত্ৰীজনে অসমত বৰ্তমান কিমান পৰিমাণৰ খননকৃত কয়লা মজুত আছে সেই তথ্য ৰাজহুৱা কৰাৰ পৰা বিৰত থাকে৷ লক্ষণীয় বিষয়টো হৈছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ লগতে সৰ্বোচ্ছ ন্যায়ালয়ে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত ইতিমধ্যে কয়লাৰ খনন আৰু সৰবৰাহ বন্ধ ৰাখিছিল৷ অৱশ্যে শেহতীয়াকৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি কে কটকী আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত মেঘালয়ৰ খননকৃত মজুত থকা কয়লা নিলামৰ জৰিয়তে সৰবৰাহত অনুমতি প্ৰদান কৰিছিল সেউজ ন্যায়াধীকৰণে৷ ইপিনে জাতি-মাটি, ভেটি ৰক্ষাৰ শ্লোগান দি শাসনলৈ অহা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত অসমত কয়লা ছিণ্ডিকেট একপ্ৰকাৰ মুকলি হৈ পৰিছিল৷ সেই সময়ত উজনি অসমৰ দুজন বিজেপি বিধায়কৰ পৃষ্ঠপোষকতাতে অৰুণাচলৰ কয়লাৰ চোৰাং সৰবৰাহ চলিছিল৷ ইপিনে, বৰাকতো কয়লা ছিণ্ডিকেটৰ ধন দিছপুৰলৈ অহাৰ তথ্য ধৃত কয়লা বেপাৰীৰ ডায়েৰীত উন্মোচন হৈছিল৷ কিন্তু হিমন্তবিশ্ব শৰ্মাৰ নেতৃত্বত নতুন চৰকাৰ গঠন কৰাৰ পাছতেই কয়লা ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে আকস্মিকভাৱে আৰক্ষী কঠোৰ হৈ পৰিছিল৷ আনকি মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ নিৰ্দিষ্ট দুটা স্থানতহে কয়লা পৰিবাহী ট্ৰাকৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছিল৷ মুখ্যমন্ত্ৰীয়ে ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল যদিও শেহতীয়াকৈ ৰাজ্যৰ ৰাজকোষলৈ ৰাজহ আহৰণৰ লক্ষ্যৰে কয়লা সৰবৰাহৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে৷ সেই অনুসৰিয়েই বিভাগীয় মন্ত্ৰী যোগেন মহনে শুকুৰবাৰে খনিজাত সামগ্ৰী সৰবৰাহ কৰাৰ বাবে প্ৰথম পৰ্যায়ত ২৫ জন ব্যৱসায়ীক অনুজ্ঞাপত্ৰ প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ পৰৱৰ্তী পৰ্যায়ত অসমত মুঠ ২০০০ লোকক কয়লা সৰবৰাহৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান কৰিব বুলি মন্ত্ৰীজনে ঘোষণা কৰিছে৷ ৰাজহ বৃদ্ধিৰ উদ্দেশ্যেৰে কয়লা সৰবৰাহৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিলেও প্ৰকৃততে এতিয়াৰে পৰা এনে বৈধ অনুজ্ঞাপত্ৰৰ জৰিয়তে পূৰ্ণ ৰূপত কয়লাৰ অবৈধ সৰবৰাহ হ’ব বুলিহে চৰ্চা লাভ কৰিছে৷ দিছপুৰৰ বাহিৰে-ভিতৰে ৰাজনৈতিক মহলত হোৱা চৰ্চা অনুসৰি শাসকীয় বিজেপি দলৰে উজনি অসমৰ ছিণ্ডিকেট মাফিয়া হিচাপে পৰিচিত দুজন বিধায়কৰ পৰিকল্পনা মতেই ভূতত্ত্ব আৰু খনি সঞ্চালকালয়ে এই অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থা কৰিছে৷ যাতে আৰক্ষী তথা পৰিবহণ বিভাগক মেনেজ কৰি সাধাৰণ ৰাইজৰ দৃষ্টিত বৈধ প্ৰক্ৰিয়াৰে চোৰাং কয়লা অৰ্থাৎ ক’লা সোণক বগা কৰি সৰবৰাহৰ নাটক কৰিব পৰা যায়৷ স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত যিহেতু কয়লাৰ খনন বন্ধ আছে আৰু অসমতো কল ইণ্ডিয়াই খনন বন্ধ ৰাখিছে, তেনেস্থলত অনুজ্ঞাপত্ৰ লাভ কৰা ব্যৱসায়ীসকলে ক’ৰ পৰা কয়লা সৰবৰাহ কৰিব৷ নক’লেও হ’ব যে দিছপুৰৰ এই কৌশলপূৰ্ণ সিদ্ধান্তৰ পাছতেই অৰুণাচল, মেঘালয়, নাগালেণ্ডৰ লগতে অসমৰ মাৰ্ঘেৰিটা-লিডুতো ব্যাপক হাৰত কয়লাৰ অবৈধ খনন আৰু সৰবৰাহৰ ছিণ্ডিকেট চলিব৷ কিয়নো ইতিমধ্যে কয়লাৰ ছিণ্ডিকেট আৰম্ভ হৈছে৷ চলিত সপ্তাহটোতে উজনি অসমৰ লগতে বৰাকতো কেইবাখনো কয়লা পৰিবাহী ট্ৰাক জব্দ কৰিছে আৰক্ষীয়ে৷ শুকুৰবাৰে শিৱসাগৰৰ শিমলুগুৰিত ৪খনকৈ কয়লাভৰ্তি ট্ৰাক আৰক্ষীয়ে জব্দ কৰি দুজন চালকক গ্ৰেপ্তাৰ কৰিছে৷ বৈধ প্ৰক্ৰিয়াৰে অনুজ্ঞাপত্ৰ লৈ কয়লাৰ ছিণ্ডিকেট চলোৱাৰ পৰিকল্পনা কৰা প্ৰভাৱশালী ৰাজনৈতিক চক্ৰটোৱে এনে চোৰাং বেপাৰীসকলক  আৰক্ষীৰ অভিযানৰ জৰিয়তে কৌশলপূৰ্ণভাৱে ভাবুকি দিয়া বুলিহে চৰ্চা লাভ কৰিছে৷ এই চক্ৰটোক নিৰ্দিষ্ট পৰিমাণৰ ধন দিলেই যিকোনো লোকে অসমৰ মাজেৰে বহিঃৰাজ্যলৈ চোৰাং কয়লা সৰবৰাহ কৰিব পাৰিব৷