Logo
image

পাঠশালাৰ ভাস্কৰ মাৰ্কিন হাইব্ৰীড মোবাইলৰ চিইঅ’

আমাৰ অসম, ২৮ নৱেম্বৰঃ আমি প্ৰতি মুহূৰ্ততে ব্যৱহাৰ কৰা মোবাইল ফোন ডিচপ্লেখনৰ লগতে ভিতৰত থকা সকলোবোৰ ইলেক্ট্ৰনিক সামগ্ৰী প্ৰস্তুত কৰা হয় বালিৰ পৰা৷ বালিৰ জৰিয়তেই মোবাইল, কম্পিউটাৰৰ লেপটপ আদিৰ নিৰ্মাণ প্ৰযুক্তি ব্যৱহাৰ কৰা হয়৷ বিশেষকৈ এনে প্ৰযুক্তিৰে আমেৰিকা, টাইৱান আৰু চীন দেশত প্ৰযুক্তিগতভাৱে এই ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰীসমূহ প্ৰস্তুত কৰা হয়, যিবোৰ আমাৰ ভাৰতত আজিলৈ নিৰ্মাণ কৰা সম্ভৱ হৈ উঠা নাই৷ বিশ্বত মোবাইল নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ফেব [FEB]ৰ বাবে প্ৰয়োজন হোৱা কেমিকেলৰ ক্ষেত্ৰত সাধাৰণতে চীনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়৷ এই অপৰিহাৰ্য সামগ্ৰীবিধক ‘আল্‌ট্ৰা পিঅ’ৰ কেমিকেল প্ৰডাক্ট’ বুলি কোৱা হয়৷ এতিয়া চীনৰ এনে আধিপত্যৰ পৰা ওলাই আহি স্বাৱলম্বী হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে গুজৰাটত আৰু তাৰ নেতৃত্ব বহন কৰাৰ সুযোগ লাভ কৰিছে অসম সন্তান ভাস্কৰ চৌধুৰীয়ে৷ শুভ সংবাদ যে ইতিমধ্যে মোবাইল অথবা কম্পিউটাৰ, লেপটপ আদি প্ৰস্তুত কৰাৰ বাবে যি প্ৰাৰম্ভিক প্ৰক্ৰিয়া, তাৰ কেমিকেল প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব পাৰে গুজৰাটত৷ মূলতঃ এনে প্ৰযুক্তি আহৰণ কৰি এক অৰ্থনৈতিক জাগৰণ অনাৰ বাবে দৰাচলতে সেই কামৰ কেমিকেল প্ৰক্ৰিয়া ইতিপূৰ্বে আমেৰিকাৰ HPPৰ জৰিয়তে সূচনা হৈছে৷ তাৎপৰ্যপূৰ্ণভাৱে এবছৰ পূৰ্বে HPPৰ দৰে আমেৰিকাৰ এই গুৰুত্বপূৰ্ণ ইলেক্ট্ৰ’নিক সামগ্ৰী প্ৰস্তুতকৰণ কেমিকেল উদ্যোগ টোৰ চি ই অ’ তথা অধ্যক্ষ  হিচাপে দায়িত্ব গ্ৰহণ কৰিছে অসমৰ পাঠশালাৰ সু-সন্তান ভাস্কৰ চৌধুৰীয়ে৷ ভাস্কৰ চৌধুৰীৰ তত্ত্বাৱধানতে ফেবৰ বাবে বিশ্বৰ সীমিতসংখ্যক দেশত থকা উদ্যোগত ব্যৱহাৰ কৰাৰ বাবে যি ‘আল্‌ট্ৰা পিঅ’ৰ কেমিকেল প্ৰডাক্ট’ৰ প্ৰয়োজন হয়, সেই সামগ্ৰী গুজৰাটত তৈয়াৰ কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে৷ তেনে উদ্যোগ স্থাপন কৰাৰ বাবে আৰম্ভ হৈছে প্ৰাৰম্ভিক প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়া সম্পন্ন হ’লে আগন্তুক ৫ বছৰৰ ভিতৰত ভাৰতে বিশ্বৰ সীমিতসংখ্যক দেশত থকা ফেব্‌ উদ্যোগত প্ৰয়োজন হোৱা উক্ত ‘আল্‌ট্ৰা পিঅ’ৰ কেমিকেল প্ৰডাক্ট’ যোগান ধৰিব পাৰিব৷ আমেৰিকাৰ পৰা দুসপ্তাহৰ বাবে পাঠশালাৰ নিজৰ ঘৰলৈ অহা ভাস্কৰ চৌধুৰীয়ে আজি এই গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে৷ যদিহে HPPৰ জৰিয়তে গুজৰাটত এনে প্ৰকল্প আগন্তক সময়ত সম্পুৰ্ণ হৈ উঠে তেন্তে ইয়াৰ নেতৃত্বত থকা অসম সন্তানজনৰ জৰিয়তে অসমৰ বাবে এয়া হ’ব এক ডাঙৰ কৃতিত্ব৷ উল্লেখ্য যে ভাস্কৰ চৌধুৰী আমেৰিকাৰ এনে ধৰণৰ সংস্থাত  চি ই অ’ৰ দৰে গুৰুত্বপূৰ্ণ পদ লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথম অসমীয়া বুলি কোৱা হৈছে৷ তেওঁ অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৫০০ ঘণ্টা প্ৰদান কৰি অসমীয়া শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰাৰ এক অনবদ্য পৰিকল্পনা হাতত লৈছে৷ অহা জুন-জুলাইৰ ভিতৰত অসমৰ শিক্ষা ব্যৱস্থাত সংযোজিত কৰা হ’ব পাৰে ভাস্কৰ চৌধুৰীৰ প্ৰকল্প ‘কাগজৰ নাও’৷ তেওঁ দুবছৰ পূৰ্বে আমেৰিকাত Crattoo. Comৰ জৰিয়তে দেশখনৰ ৫০ খন ৰাজ্যৰ ছাত্ৰ- ছাত্ৰীক দিছিল অংক শিকাৰ এক অভিনৱ কৌশল৷ ইতিমধ্যে তেওঁৰ ৱেবছাইটৰ জৰিয়তে এনে শিক্ষন প্ৰক্ৰিয়া সমগ্ৰ আমেৰিকাতে সমাদৃত হৈছিল৷ এতিয়া সেই ৱেবছাইট ‘পেপাৰ বোট ডট কম’ নামেৰে প্ৰচলিত৷ আনহাতে অসমত নবম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক অংক শিকোৱাৰ বাবে তেওঁৰ ‘কাগজৰ নাও’ৰ জৰিয়তে এক নতুন পদ্ধতি ব্যৱহৃত হ’ব পাৰে৷  উল্লেখযোগ্য যে অসমীয়া মাধ্যমৰ ছাত্ৰ তথা পাঠশালাৰ বজালী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ভৱেন চৌধুৰী আৰু ভানু চৌধুৰীৰ সন্তান ভাস্কৰ চৌধুৰীয়ে ১৯৯১ চনত বজালী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠ স্থান দখল কৰিছিল৷ পৰৱৰ্তী সময়ত কটন মহাবিদ্যালয়ৰ পৰা উচ্ছতৰ মাধ্যমিক, দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল৷ পাছত আমেৰিকাত দুটাকৈ বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰি একেৰাহে ১০ বছৰ কাল আমেৰিকাত Intel নামৰ প্ৰখ্যাত কোম্পানীটোত জ্যেষ্ঠ বিজ্ঞানী হিচাপে কাম কৰিছিল৷ স্বাভাৱিকতে বিগত এসপ্তাহত বজালীবাসীৰ বাবে তিনিটাকৈ ভাল খবৰ আহিছে৷ পাঠশালাৰ জীয়ৰী বৰ্ণালী দাসে মহাকাশত সূৰ্যতকৈ অধিক তাপ থকা ৮টাকৈ নক্ষত্ৰৰ ৰহস্য ভেদ কৰি কৃতিত্ব কঢ়িয়াই অনাৰ পাছতে পাঠশালাৰ গোবিন্দপুৰৰ বীৰ জোৱান প্ৰণৱজ্যোতি দাসে শৌৰ্য বীৰ চক্ৰ লাভ কৰি বজালী লৈ আনন্দ কঢ়িয়াই আনিছিল৷