Logo
image

অমিক্ৰন আতংক

আমাৰ অসম, ২৮ নৱেম্বৰঃ বিগত এবছৰ ধৰি বিশ্ববাসীয়ে কোনোমতে ন’ভেল কৰ’না ভাইৰাছৰ  নতুন ৰূপ ডেল্টা আৰু  ডেল্টা প্লাছৰ উপৰ্যুপৰি আক্ৰমণ অতিক্ৰম কৰি সামান্য স্বস্তিৰ নিশ্বাস পেলাইছে৷ পিছে সেই ভীতিতকৈও ভয়ংকৰ আতংকৰ নাম লৈ এইবাৰ আহিছে অমিক্ৰন, যি কৰ’না ভাইৰাছৰ মিউটেশ্বন হোৱা নতুন ৰূপ৷ স্বাস্থ্য বিজ্ঞানীয়ে ইয়াৰ নাম বি.১.১.৫২৯ ৰাখিছে যদিও কৰ’না ভাইৰাছৰ নতুন এই ৰূপৰ পৰিচিত নাম হৈছে অমিক্ৰন৷ অমিক্ৰনে সম্প্ৰতি সমগ্ৰ বিশ্বত ত্ৰাসৰ সঞ্চাৰ কৰিছে৷ কিয়নো বিশেষজ্ঞৰ দাবী, অমিক্ৰন নামৰ কৰ’না ভাইৰাছৰ নতুন ৰূপে ক’ভিডৰ প্ৰতিষেধকৰ কাৰ্যকাৰিতা স্তব্ধ কৰি দিব পাৰে৷ কিয়নো যি সময়ৰ কৰ’না ভাইৰাছৰ নমুনা লৈ প্ৰতিষেধক উদ্ভাৱন কৰা হৈছিল তেতিয়া এই ভাইৰাছৰ ৰূপ এনে আতংকজনক নাছিল৷ অমিক্ৰন হৈছে একেবাৰে শেহতীয়া আৰু নৱতম ৰূপ, যাৰ নমুনা এতিয়াও সঠিকভাৱে চিকিৎসা বিজ্ঞানীয়ে বিশ্লেষণ কৰিব পৰা নাই৷ সম্প্ৰতি ব্যৱহৃত প্ৰতিষেধকত অমিক্ৰন প্ৰতিৰোধী ক্ষমতা থকাৰ প্ৰশ্নই নুঠে৷  প্ৰথমবাৰৰ বাবে দক্ষিণ আফ্ৰিকাত চলিত সপ্তাহতে চিহ্নিত হৈছে অমিক্ৰন৷ সন্দেহ কৰা হৈছে কোনো এজন বিশেষ ৰোগীৰ শৰীৰত কৰ’না ভাইৰাছৰ মিউটেশ্বন ঘটি ভাইৰাছটোৱে নতুন ৰূপ ধাৰণ কৰিছে৷ সম্ভৱতঃ উক্ত ৰোগী এইছ আই ভিত আক্ৰান্ত আৰু তেওঁ  চিকিৎসা গ্ৰহণ কৰা নাছিল৷ সম্প্ৰতি দক্ষিণ আফ্ৰিকাত যিমানজন ক’ভিড সংক্ৰমিত হৈছে তাৰ নব্বৈ শতাংশৰ দেহতে অমিক্ৰন পোৱা গৈছে৷ ইয়াৰে সৰ্বাধিক আক্ৰান্ত হৈছে জোহান্সবাৰ্গত, য’ৰ অধিকাংশই স্কুল আৰু কলেজৰ শিক্ষাৰ্থী৷ ১৮ বছৰৰ অনুধবৰ্ শিক্ষাৰ্থীয়ে এতিয়ালৈকে প্ৰতিষেধক লাভ কৰা নাই বাবেই অমিক্ৰন তেওঁলোকৰ দেহত দ্ৰুত আৰু অধিক ৰূপত সংক্ৰমিত হৈছে বুলি ধাৰণা কৰা হৈছে৷ দক্ষিণ আফ্ৰিকাৰ পৰা অমিক্ৰনে হংকং, ইজৰাইললৈ বিস্তাৰ লাভ কৰিছে৷  দক্ষিণ আফ্ৰিকাৰ পৰা অহা পৰ্যটক আৰু দক্ষিণ আফ্ৰিকালৈ যোৱা আন ব্যক্তিৰ জৰিয়তে অমিক্ৰন হংকং আৰু ইজৰাইললৈ অহা বুলি ধাৰণা কৰা হৈছে৷ উল্লেখ্য ‘হু’ অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাই ক’ভিডৰ নতুন ৰূপ অমিক্ৰনৰ সংক্ৰমণ উদ্বেগজনক বিষয় বুলি মন্তব্য কৰিছে৷ তাৰ পাছতে বিশ্বজুৰি আতংকৰ সৃষ্টি হৈছে৷ 

ভাৰততো ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াক অমিক্ৰনৰ  সংক্ৰমণ ৰোধ কৰাৰ বাবে ব্যৱস্থা ল’বলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে৷ স্বস্তিৰ কথা এয়াই যে এতিয়ালৈকে ভাৰতত অমিক্ৰনৰ সংক্ৰমণৰ কোনো খবৰ নাই৷ পিছে ১৮ বছৰৰ অনুধবৰ্ কোনেও ভাৰতত প্ৰতিষেধক লাভ কৰিব পৰা নাই বাবে তীব্ৰ উদ্বেগৰ সৃষ্টি হৈছে৷ কিয়নো দক্ষিণ আফ্ৰিকাত সংক্ৰমণৰ বলি হৈছে ঘাইকৈ কিশোৰ ছাত্ৰ-ছাত্ৰী৷ কিন্তু বিদেশৰ পৰা যাতায়াত কৰি থকা যিকোনো ব্যক্তিৰ পৰাই যেতিয়াই তেতিয়াই ভাৰতত অমিক্ৰনৰ সংক্ৰমণ ঘটিব পাৰে বুলি আশংকা কৰা হৈছে৷ প্ৰধানমন্ত্ৰী নিৰ্দেশত দক্ষিণ আফ্ৰিকা আৰু হংকং তথা ইজৰাইলৰ পৰা অহা যাত্ৰীৰ ক্ষেত্ৰত ক’ভিডৰ স্ক্ৰিণিং জোৰদাৰ কৰিবলৈ কোৱা হৈছে৷ নতুন দিল্লীৰ এইমছৰ মেডিচিন বিভাগৰ চিকিৎসক সঞ্জয় ৰায়ে এই সন্দৰ্ভত তেওঁক কৰা প্ৰশ্নৰ উত্তৰত কয় যে এতিয়াও ভাৰতৰ চিকিৎসকে অমিক্ৰন সন্দৰ্ভত প্ৰয়োজনীয় তথ্য লাভ কৰা নাই৷ তাৰ বাবে তেওঁলোকে অপেক্ষা কৰাৰ গত্যন্তৰ নাই৷ যদিহে  অমিক্ৰনক ভাৰতত ব্যৱহাৰ কৰা প্ৰতিষেধকে ৰোধ কৰিব নোৱাৰে তেন্তে বিষয়টো গুৰুতৰ বুলি তেওঁ মন্তব্য কৰে৷ 

বিগত মাৰ্চৰ পৰা এতিয়ালৈকে ক’ভিডৰ যিটো ভাইৰাছে বিশ্বজুৰি সংহাৰৰ সৃষ্টি কৰি আছিল তাৰ নাম আছিল ডেল্টা আৰু এই ডেল্টা প্ৰথমে পোৱা গৈছিল ভাৰতত৷ ডেল্টাৰ সংহাৰ প্ৰায় শেষ হৈ অহাৰ সময়ত আৰু প্ৰতিষেধকে ডেল্টাক নিষ্ক্ৰিয়প্ৰায় কৰি পেলোৱাৰ সময়ত অমিক্ৰনৰ আতংক বিশ্ববাসীৰ বাবে ভয়ংকৰ বুলি ধাৰণা কৰা হৈছে৷ অৱশ্যে অমিক্ৰন নামৰ ক’ভিডৰ নতুন ৰূপ ধৰা পৰাৰ কেইদিনমানৰ ভিতৰতে বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক উদ্বেগৰ কাৰণ বুলি বৰ্ণনা কৰাক লৈ বিতৰ্কৰো সৃষ্টি হৈছে৷ কিয়নো অতিমাৰী পৰিস্থিতিৰ অভিজ্ঞতা মতে পৰ্যাপ্ত তথ্য সংগ্ৰহ আৰু নিৰ্ভুল বিশ্লেষণৰ বাবে এসপ্তাহ যথেষ্ট নহয়৷ তাৰ বাবে কমেও এমাহ বা ততোধিক সময়ৰ প্ৰয়োজন৷ একাংশ স্বাস্থ্য বিজ্ঞানীৰ দাবী, ‘হু’-এ এতিয়াও অমিক্ৰনক আতংকৰ কাৰণ বুলি কোৱা নাই, উদ্বেগৰ কাৰণ বুলিহে বৰ্ণনা কৰিছে৷ অৱশ্যে ডেল্টাৰ ক্ষেত্ৰতো ‘হু’-এ উদ্বেগৰ কাৰণ বুলি মন্তব্য কৰিছিল৷ ‘হু’-এ এনে মন্তব্য কৰাৰ মূল কাৰণ হ’ল– বিশ্বৰ ৰাষ্ট্ৰসমূহে কৰ’নাৰ নতুন ৰূপটোক লৈ যাতে সজাগ হয় আৰু সেই মতে আগতীয়া ব্যৱস্থা গ্ৰহণ কৰে৷ তেতিয়া অমিক্ৰন ভয়াৱহ হ’লেও তাক ৰোধ কৰিবলৈ সকলোৱে সময় পাব৷  বিশ্বজুৰি দ্বিতীয় ঢৌৰ বাবে দায়ী আছিল ভাৰতত ধৰা পৰা ডেল্টা বিশ্বৰ সামগ্ৰিক তৃতীয় ঢৌৰ ক্ষেত্ৰত অমিক্ৰন মূল কাৰণ হৈ উঠিব পাৰে৷