Logo
image

বৃহৎ ঋণ লৈ মহিলাৰ ক্ষুদ্ৰ ঋণ মাৰিব চৰকাৰে

আমাৰ অসম, ২৮ নৱেম্বৰঃ বৃহৎ ঋণ লৈ মহিলাৰ ক্ষুদ্ৰ ঋণ পৰিশোধৰ বাবে সাজু হৈছে  ৰাজ্য চৰকাৰ৷ অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত দেওবাৰৰ পৰা বিভিন্ন বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ক্ষুদ্ৰ ঋণ লোৱা হিতাধিকাৰীৰ মাজত আৰ্থিক সাহায্য প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে৷  মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফৰ বাবে চৰকাৰে ১১ লাখ হিতাধিকাৰীক বাছনি কৰিছে৷ ইয়াৰ বাবদ ৰাজকোষৰ পৰা ৩ হাজাৰ কোটি টকা ব্যয় কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে শনিবাৰে সংবাদমেলযোগে ঘোষণা কৰিছে৷ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি ঋণ মাফৰ বাবে সাজু হ’লেও ৰাজকোষ শূন্য হোৱাৰ বাবে পুনৰ ঋণ ল’ব লগা হৈছে মিত্ৰজোঁটৰ চৰকাৰে৷ জীয়ৰী-বোৱাৰীসকলক ঋণ পৰিশোধৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিজেই পুনৰ ৬০০ কোটি টকা ঋণ লৈছে৷ বিত্তীয় পৰিস্থিতি জোৰা মৰাৰ স্বাৰ্থতে ৰিজাৰ্ভ বেংকৰ পৰা বিগত ২৩ নৱেম্বৰত ৬০০ কোটি টকা বজাৰ ঋণ গ্ৰহণ কৰিছে৷ শৰ্মা চৰকাৰে ইতিপূৰ্বে প্ৰায় ৫ হাজাৰ কোটি টকা ঋণ সংগ্ৰহ কৰাৰ পাছত হিতাধিকাৰীক সাহায্য বিতৰণৰ নামত পুনৰ ৬০০ কোটি টকাৰ ঋণ লোৱা কাযই দিছপুৰৰ বাহিৰে-ভিতৰে ব্যাপক চৰ্চা লাভ কৰিছে৷ কিয়নো বাইক, মোবাইল ফোন, ফ্ৰীজ, সোণৰ আ-অলংকাৰ ক্ৰয়ৰ বাবে একাংশই লোৱা ক্ষুদ্ৰ ঋণ চৰকাৰে পৰিশোধ কৰাৰ নামত খোদ চৰকাৰেই ৰিজাৰ্ভ বেংকৰ পৰা বজাৰ ঋণলোৱা কাৰ্যক সচেতন মহলে সহজভাৱে লোৱা নাই৷ কিয়নো ৰাজ্য চৰকাৰৰ এই ঋণ আৰু সুদৰ বোজা নাগৰিকৰ মূৰৰ ওপৰতে পৰিব৷ শেহতীয়াকৈ পেট্ৰ’ল-ডিজেলৰ পৰা ৭ টকা ভেট হ্ৰাস কৰাৰ পাছতেই লাওলোৱা অৱস্থাৰ সৃষ্টি হোৱা ৰাজকোষ চহকী কৰাৰ বাবে ৰাজ্য চৰকাৰে গাঁৱে-চহৰে বিদেশী সুৰা আৰু দেশীয় সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰি ৰাজহ বৃদ্ধিৰো পৰিকল্পনা কৰিছে৷ আনকি ৰাজহ ঘাটি জোৰা মৰাৰ বাবে পুনৰ সুৰাৰ ওপৰত আবকাৰী শুল্ক বৃদ্ধিৰো সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইয়াৰ মাজতে চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি হিতাধিকাৰী আঁচনিৰ ধন নিয়মীয়াকৈ আদায় দিব লগা হোৱাত ভয়ংকৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে ৰাজ্য চৰকাৰখন৷ তৎসত্ত্বেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰিজাৰ্ভ বেংকৰ পৰা ধাৰ লৈ হ’লেও মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ আঁচনিৰ শুভাৰম্ভ কৰিব৷ প্ৰথম পৰ্যায়ত শোণিতপুৰ, মাজুলী, শিৱসাগৰ, যোৰহাট, ডিমা-হাচাও, পশ্চিম কাৰ্বি আংলং, চৰাইদেউ আৰু গোলাঘাট জিলাৰ ৫৯ হাজাৰ মহিলাক ২৫ হাজাৰ টকাকৈ ঋণ মাফ তথা আৰ্থিক সাহায্য প্ৰদান কৰিব৷ এক কথাত ৰাজ্যখনক পুনৰ ৬০০ কোটি টকাৰ ধাৰত পুতি বিজেপি মিত্ৰজোঁটৰ চৰকাৰে উন্নয়ন ঢাক-ঢোল বজাই ৰাজ্যবাসীৰ মূৰত মাধমাৰ সোধাব৷ অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ’ফাইনেন্স ঋণ মাফৰ বাবে নতুনকৈ ঋণ লোৱাৰ কথা প্ৰকাশ কৰা নাই যদিও ঋণ মাফৰ বাবদ চৰকাৰে হিতাধিকাৰীক দিব লগা  ৩,০০০ কোটি টকা পুনৰ চৰকাৰৰ হাতলৈ ঘূৰি আহিব বুলিও উদ্ভট যুক্তি দিয়াহে দেখা গৈছে৷ মুখ্যমন্ত্ৰীয়ে হিতাধিকাৰী মহিলাসকলে লাভ কৰা আৰ্থিক সাহায্যৰ টকাৰে বজাৰত সা-সামগ্ৰী ক্ৰয় কৰিলে পুনৰ  চৰকাৰৰে ৰাজ ভঁৰাললৈ ৰাজহ উভতি আহিব বুলি সংবাদমেলত মন্তব্য কৰিছে৷