Logo
image

বিদুৰভাই

মুখে মুখে অসমীয়া ৱেব ছিৰিজ

অসমৰ কলা-সাংস্কৃতিত জগতত নৱতম সংযোজন বিদূৰভাই৷ লকডাউনৰ মিঠা ফচল বিদূৰভাই৷ মাইক্ৰফাইন্স বিত্তীয় প্ৰতিষ্ঠানৰ কৰাল গ্ৰাসত পৰা গ্ৰাম্য সমাজ, লকডাউনৰ বাবে চৰম আৰ্থিক অনাটন, গ্ৰামাঞ্চলৰ মহিলা গোটৰ সুখ-দুখৰ পটভূমিৰে নিৰ্মাণ হৈছে বিদূৰভাই৷ গোলাঘটীয়া একাংশ যুৱক-যুৱতীৰ কলাত্মক চিন্তাৰ ফচলেই বিদূৰভাই৷ ইউ টিউবত সম্প্ৰচাৰিত ৱেব ছিৰিজ ‘বিদূৰভাই’যোগে প্ৰতিফলিত হৈছে গ্ৰাম্য সমাজৰ জীৱন-জীৱিকাৰ জীয়া ছবি৷ গ্ৰাম্য জীৱনৰ ঘাত-প্ৰতিঘাত বহু ঘটনা-পৰিঘটনা সৰু সৰু সপোনেৰ গোলাঘটীয়া একাংশ সৃষ্টিশীল মনৰ যুৱক-যুৱতীয়ে দৃশ্য-শ্ৰব্যৰ মাজেৰে ইউটিউব চেনেলৰ যোগেদি সম্প্ৰচাৰিত কৰি অসমবাসীৰ মৰম-চেনেহৰ মুকুতা বুটলিবলৈ সক্ষম হৈছে৷ ৱেব ছিৰিজ বিদূৰভাই ৰাজ্যজুৰি ব্যাপক চৰ্চিত হৈছে৷ সুব্ৰত কাকতিৰ কাহিনী, চিত্ৰনাট্য, পৰিচালনাৰে নিৰ্মিত ছিৰিজটোৰ প্ৰযোজনা আৰহাদৰ৷ বিদূৰভাইৰ সংগীত প্ৰণয় দত্তৰ৷ দৃশ্যগ্ৰহণ কৰিছে উত্তম কলিতাই৷ অভিনয় কৰিছে ‘বেহাৰবাৰী’ খ্যাত চুমকী কছাৰী, পংকজ মহন্ত, উজ্বল ৰাজখোৱা, ত্ৰৈলোক্য বৰুৱা, নীতু খনিকৰ, কংকন শইকীয়া, মৌচুমী শইকীয়া, স্নিগ্ধা ফুকন, আনন্দ বৰুৱা, বলিন বৰা, উদ্বীপনা বৰা, উত্তম কলিতা, শমিষ্ঠা দাস আদিয়ে৷ বিদূৰভাই সম্পৰ্কত ছ’চিয়েল মিডিয়াত বিভিন্নজনে নিজৰ নিজৰ মন্তব্য আগবঢ়াইছে৷ তাৰে দুটামান মন্তব্য দাঙি ধৰা হ’ল৷ 

বিদুৰভায়ে মানুহক চুই গৈছে

আমাৰ অসমৰ গাওঁবোৰ যেন হাঁহিৰ ৰহঘৰা৷ এই হাঁহিৰ ৰহঘৰাটো উন্মোচন কৰিবলৈ কোনো বহুৱালীৰ প্ৰয়োজন নাথাকে৷ দৈনন্দিন জীৱনৰ কথাবোৰৰ স্বাভাৱিক উপস্থাপনতে ওলাই আহে এমোকোৰা হাঁহি৷ এই উপকৰণভাগকে আলম হিচাপে লৈ বৰ সুন্দৰকৈ উপস্থাপন কৰিছে কেইজনমান অতি ওচৰ চিনাকি ভায়ে৷ ‘বিদুৰভাই’ নামেৰে ইতিমধ্যে পৰিচিত হৈ পৰিছে এওঁলোক৷ এই ‘বিদুৰভাই’কেইজন ক্লিক হোৱাৰ কাৰণ হৈছে নিভাঁজ গ্ৰাম্য জীৱনৰ এটি সৰস কাহিনী৷ ইউ টিউব মাধ্যমত অতি সন্তৰ্পনে rootstock entertainment এ ইতিমধ্যে মাত্ৰ কেইটামান সপ্তাহতে মানুহক চুই গৈছে৷

ড॰ শিৰোমণি ভূঞা

 বিদুৰভায়ে মূলসুঁতি মাধ্যমৰ দৌৰাত্ম্যক প্ৰত্যাহ্বান জনাব

দৈনিক ৰাতি এঘণ্টামান হ’লেও ইউটিউবত মই বিচৰণ কৰো তেনেকৈ বিচৰণ [স্ক্ৰল! ] কৰি থাকোঁতে এদিন হঠাতে বিদুৰভাই বুলি কিবা এটা দেখিলো৷ নামটোত অলপ কিবা এটা আছিল, আছিল মানে তাত মই আমাৰ গঞাই সুখতো দুখতো প্ৰকাশ কৰা চো... ভাইটোক বিচাৰি পালোঁ৷ এই ....ভাইটোত অসমৰ গঞাৰ হাঁহি-হৰ্ষ-বিষাদ-হা-হতাশা-আনন্দ আদি সকলোবোৰ অভিব্যক্তিয়েই ঠাহ খাই সোমাই থাকে৷ সেয়ে এই বিদুৰভাই নামটোক মই চো.. ৰভাই বুলি ধৰি লৈ তাৰ অভ্যন্তৰত মই সোমাই চাবলৈ বিচাৰিলো৷ সেইটো আছিল দ্বিতীয় খণ্ড৷ ৰাতি দুজন হতাশাগ্ৰস্ত যুৱকে সম্ভৱতঃ গাঁৱৰ ক্লাৱ ঘৰত স্বভাৱজাতভাৱে দুখ হতাশা পাতলাই আছে৷ তেনেতে অন্য এজন হতাশাগ্ৰস্ত যুৱক আহিল৷ তেওঁৱো সিহঁতৰ সৈতে যোগ দিলে৷ তেতিয়াই বুজা গ’ল যে আটাইকেইজনৰ হতাশাৰ কাৰণ পৃথক পৃথক৷ যিটো গাঁওবোৰৰ জীৱন্ত বাস্তৱ৷ তাৰ পিছত গম পালো গাঁওবোৰৰ সাম্প্ৰতিক জ্বলন্ত সমস্যাৰ এক পৰিকল্পিত উপস্থাপন৷ তেওঁলোকৰ অভিনয়, সংলাপ প্ৰক্ষেপণ, অভিব্যক্তি আদিবোৰ আছিল অত্যন্ত স্বাভাৱিক৷ এক যেন স্বাভাৱিক জীৱন যাত্ৰা৷ যেন কোনোৱে অভিনয়ে কৰা নাই৷ ভাল লাগিল চাই৷ তাৰ পিছত প্ৰথম খণ্ডটো বিচাৰি চালো৷ গম পালো প্ৰতি শুকুৰবাৰে পৰৱৰ্তী খণ্ডবোৰ আপলোড কৰা হয়৷ যোৱা শুকুৰবাৰে তৃতীয় খণ্ডটো চালো৷ তৃতীয় খণ্ডটোত অলপ কৃত্ৰিমতা প্ৰত্যক্ষ কৰিলো৷ আৰু বেহাৰবাৰী আউটপোষ্টৰ অভিনেত্ৰীগৰাকীৰ অভিনয়তো ঠায়ে ঠায়ে স্বাভাৱিক অভিব্যক্তি প্ৰকাশত ব্যাঘাত জন্মাৰ দৃষ্টিগোচৰ হৈছে৷ যি নহওক, বিকল্প মাধ্যমৰ যোগে বিদুৰভায়ে নতুনত্ব দিব খুজিছে৷ মূলসুঁতি মাধ্যমবোৰৰ থাৰ্ডক্লাছ বহুৱালিত বীতশ্ৰদ্ধ মানুহে বিদুৰভাইত আশাৰ ৰেঙনি বিচাৰি পাইছে, লগতে অভিভূতও হৈছে, উৎসাহিতও হৈছে৷ হোৱাৰ কথাই৷ বিদুৰভায়ে তেওঁলোকৰ মতে হয়তো মূলসুঁতি মাধ্যমৰ দৌৰাত্ম্যক প্ৰত্যাহ্বান জনাব পাৰিব৷ যিটো সময়ৰ দাবী৷ কিন্তু এয়া আৰম্ভণিহে৷ 

প্ৰাঞ্জল বলিয়াবাবা [দেউৰী]