Logo
image

মন্ত্ৰীৰ সভাৰ অসমীয়া বেনাৰ ফালি নিলে মেঘালয়ৰ দুবৃৰ্ত্তই

আমাৰ অসম, ২৯নৱেম্বৰঃ অসমীয়া ভাষাৰ অস্তিত্বক লৈ ৰাজ্য উত্তাল হৈ থকাৰ মাজতে এইবাৰ ৰাজ্যৰ এজন কেবিনেট মন্ত্ৰীৰ সভাৰ মঞ্চৰ পৰা অসমীয়াত লিখা বেনাৰ ফালিলে মেঘালয়ৰ দুবৃৰ্ত্তই৷ অসম চৰকাৰৰ বেনাৰ-পোষ্টাৰ ফলাই নহয়, গাৰো দুবৃৰ্ত্তই অসমৰ বাসিন্দাকো মন্ত্ৰীৰ সন্মুখতে ভয়-ভাবুকি প্ৰদানৰ ঘটনা সংঘটিত হৈছে৷ দেওবাৰে অসম-মেঘালয় সীমান্তৰ বকো সমষ্টিৰ জয়পুৰত সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে ৰাজহুৱা শুনানিৰ বাবে অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে মন্ত্ৰী অতুল বৰা উপস্থিত হোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷ মেঘালয়ৰ একাংশ লোকে হাতে হাতে লাঠি-দা লৈ মন্ত্ৰীৰ সভালৈ অহা অসমৰ ভোটাৰ তথা বাসিন্দাক ভয়-ভাবুকিৰে খেদি পঠোৱাৰ লগতে সভা অনুষ্ঠিত হোৱা মঞ্চখনৰ বেনাৰ ফালি পেলায় উত্তেজিত লোক সকলে৷ অসম-মেঘালয় দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত সীমা সমস্যা সমাধানৰ বাবে সীমান্তৰ বাসিন্দাসকলৰ মতামত গ্ৰহণ কৰি চৰকাৰক প্ৰতিবেদন দাখিল কৰিবলৈ তিনিখনকৈ আঞ্চলিক কমিটী গঠন কৰিছিল৷ আনকি দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে লাম্পিত ৰাজহুৱা সভাতো অংশ লৈছিল৷ দুয়োখন ৰাজ্যৰ সহমত অনুসৰি মন্ত্ৰী পৰ্যায়ত সীমান্ত অঞ্চল পৰিভ্ৰমণ কৰি ৩০ নৱেম্বৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈও সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ সেই অনুসৰি দেওবাৰে চতুৰ্থবাৰৰ বাবে স্থানীয় বিধায়ক নন্দিতা দাসক লগত লৈ মন্ত্ৰী অতুল বৰাই বকোৰ মালাং শালবাৰী, আমাগাঁও, মালাং জয়পুৰ আৰু হহুৱাপাৰা গাঁৱৰ ৰাইজৰ মতামত গ্ৰহণৰ বাবে উপস্থিত হৈছিল৷ ৰাজহুৱা শুনানিৰ বাবে গামেৰীমূৰাৰ জয়পুৰ খ্ৰীষ্টিয়ানপাৰা খেলপথাৰত সভা অনুষ্ঠিত কৰা হৈছিল৷ কিন্তু মন্ত্ৰীৰ ভ্ৰমণক কেন্দ্ৰ কৰি মেঘালয়ৰ একাংশ সমৰ্থকে উত্তেজিত হৈ পৰাতে ক্ষান্ত নাথাকি কোনো লোকে যাতে অতুল বৰাৰ সন্মুখত অসমত থকাৰ সপেক্ষে মত প্ৰকাশ কৰিব নোৱাৰে তাৰ বাবে ভয়-ভাবুকি দিবলৈ আৰম্ভ কৰে অসমৰ বাসিন্দাসকলক৷ আনকি ৰাজহুৱা সভাখনৰ বাবে প্ৰশাসনে নিৰ্মাণ কৰা অস্থায়ী মঞ্চখনৰ পৰা অসমীয়াত লিখা শুনানিৰ বেনাৰ ফালি পেলাই দুবৃৰ্ত্তৰ দলে৷ সভাস্থলীত অসম চৰকাৰৰ আৰক্ষী-প্ৰশাসনৰ বিষয়াৰ লগতে মেঘালয় প্ৰশাসনৰ লোকো উপস্থিত আছিল যদিও তেওঁলোকে অসমীয়া লোকক খেদি পঠিওৱা দেখিও মেঘালয়ৰ উগ্ৰ লোকসকলক বাধা প্ৰদান নকৰাৰো অভিযোগ উঠিছে৷ যাৰ বাবে অসমৰ মন্ত্ৰী অতুল বৰা আৰু মেঘালয়ৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰেনিকটন এল টংখাৰে অংশ লোৱা ৰাজহুৱা শুনানিত নগন্য সংখ্যকহে অসমক সমৰ্থন কৰা লোক উপস্থিত থাকিবলৈ সক্ষম হয়৷ মেঘালয়ৰ দুবৃৰ্ত্তৰ ভয়-ভাবুকিত ত্ৰস্তমান হৈ সভাস্থলীৰ পৰা উভটি অহা অসমৰ বাসিন্দাসকলে  পাছত গামেৰীমূৰ বজাৰত সমবেত হোৱাত বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই অভয় দি কিছুসংখ্যক লোকক সভালৈ লৈ যায়৷ কিন্তু সেয়াও যেন মেঘালয়ৰ সমৰ্থকৰ তুলনাত এপাছি শাকত এক জালুকৰ দৰে৷ ইপিনে মঞ্চত দুয়োখন ৰাজ্যৰ মন্ত্ৰী আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়া বহি থকাৰ পাছতো কোনো ব্যক্তিয়ে অসমৰ সমৰ্থনত বক্তব্য ৰাখিলেই বাধা প্ৰদানেৰে চিঞৰ- বাখৰ কৰি উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰা দেখা গ’লে মেঘালয়ৰ উগ্ৰ সমৰ্থকসকলক৷ আনকি বকো ৰাজহ চক্ৰৰ যোধপুৰৰ গাঁওবুঢ়াকো বক্তব্য প্ৰদান কৰা পৰাও বঞ্চিত কৰে মেঘালয়ৰ সমৰ্থকে৷ অৱশ্যে মন্ত্ৰী অতুল বৰাক অসম চৰকাৰৰ অৱহেলাৰ বাবে ক্ষোভ ব্যক্ত কৰি শালবাৰী, আমাগাঁও, মালাং-জয়পুৰ আৰু হহুৱাপাৰা নামৰ সীমান্তৰ চাৰিখন গাঁৱৰ কেইবা শতাধিক বাসিন্দাই পোনপটীয়াকৈ মেঘালয় ৰাজ্যৰ সৈতে চামিল হ’ব বুলি স্থিতি স্পষ্ট কৰি দিয়ে৷ এনে অৱস্থাত মেঘালয়ৰ সৈতে চাৰিখন গাঁও চামিল হ’ব বিচৰা প্ৰসংগত উক্ত সীমান্তবাসীক আলাপ-আলোচনাৰ মাজেৰে বুজাই মেলি অসমতে ৰখাৰ পদক্ষেপ ল’ব বুলি মন্ত্ৰী অতুল বৰাই সাংবাদিকৰ আগত দোহাৰে৷ উক্ত মত বিনিময় সভাত সাংবাদিকৰ আগত মেঘালয়ৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী আৰ এল টংখাৰে সীমান্তৰ অধিকাংশ লোকে মেঘালয়ত চামিল হোৱাৰ সপেক্ষে মত পোষণ কৰা বুলিও সদৰী কৰে৷ স্বাভাৱিকতেই অসম চৰকাৰৰ গুৰুত্বহীনতাৰ বাবেই সীমান্তৰ অসমৰ বৃহৎ ভূ-খণ্ড মেঘালয়ৰ সৈতে অচিৰেই যে চামিল হৈ পৰিব সেয়া নিশ্চিত হৈ পৰিছে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে, মেঘালয়ৰ সমৰ্থকৰ ভয়-ভাবুকি এয়াই প্ৰথম নহয়, দুদিন পূৰ্বেও সীমান্তৰ মালাংখালবাৰীৰ এগৰাকী গাৰো মহিলাক অসমক সমৰ্থন জনোৱাৰ বাবে মেঘালয়ৰ দুবৃৰ্ত্তই বেয়াকৈ মাৰধৰ কৰিছিল৷ এই ঘটনাৰ সন্দৰ্ভত বকো থানাত মহিলাগৰাকীৰ পৰিয়ালে এজাহাৰো দাখিল কৰিছে৷ সম্প্ৰতি বকো সীমান্তৰ গাঁৱে গাঁৱে প্ৰতি নিশাই একাংশ গাৰো দুবৃৰ্ত্তই অসমীয়া লোকক ভয়- ভাবুকি প্ৰদান কৰি অহাৰ অভিযোগ উঠিছে৷ চৰকাৰী প্ৰতিনিধিৰ আগত অসমৰ সপেক্ষে মতামত দিলে দুবৃৰ্ত্তৰ দলে হত্যাৰো ভাবুকি দিয়াৰ অভিযোগ কৰিছে স্থানীয় একাংশ লোকে৷ ইপিনে এই সন্দৰ্ভত অসম চৰকাৰৰ আৰক্ষী প্ৰশাসনৰ ভূমিকাক অসন্তুষ্টি ব্যক্ত কৰি বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে কয়–আৰক্ষী প্ৰশাসনৰ দুৰ্বল স্থিতিৰ বাবেই সীমান্তবাসী এতিয়া আতংকৰ মাজত দিন কটাবলগীয়া হৈছে৷ ৰাজহুৱা শুনানিত নিজৰ মত প্ৰকাশৰ বাবে অসমৰ লোকে সাহস গোটাবলৈ সক্ষম হোৱা নাই৷ দুদিন পূৰ্বে অসমক সমৰ্থন জনোৱাৰ বাবেই এগৰাকী গাৰো মহিলাৰ গালৈ ফট্‌কা নিক্ষেপ কৰিছে মেঘালয়ৰ দুবৃৰ্ত্তই৷ চৰকাৰৰ সীমান্তৰ লোকসকলক সুৰক্ষা প্ৰদানৰ ব্যৱস্থা কৰক৷